অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গোপালকৃষ্ণ গান্ধী

গোপালকৃষ্ণ দেৱদাস গান্ধী (Gopalkrishna Devdas Gandhi; জন্ম: ২২ এপ্ৰিল ১৯৪৫) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু প্ৰাক্তন কূটনীতিবিদ। তেওঁ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ পশ্চিম বংগৰ ২৩তম ৰাজ্যপাল আছিল। তেওঁ মহাত্মা গান্ধীৰ নাতি।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩২১ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

গোপালকৃষ্ণ দেৱদাস গান্ধী (Gopalkrishna Devdas Gandhi; জন্ম: ২২ এপ্ৰিল ১৯৪৫) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু প্ৰাক্তন কূটনীতিবিদ। তেওঁ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ পশ্চিমবংগৰ ২৩তম ৰাজ্যপাল আছিল।১ তেওঁ মোহনদাস কৰমচান্দ গান্ধীৰ নাতি। তেওঁ প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সচিব বিভিন্ন পদবীত অধিষ্ঠিত আছিল। ইয়াৰ লগতে তেওঁ দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকালৈ ভাৰতৰ উচ্চায়ুক্ত আৰু অন্যান্য কূটনৈতিক পদত সেৱা আগবঢ়াইছিল।২ ২০১৭ চনৰ ভাৰতৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ সংযুক্ত প্ৰগতিশীল মৰ্চাৰ পৰা মনোনয়ন লাভ কৰিছিল।৩ এই নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী ভেংকাইয়া নাইডুৰ হাতত পৰাস্ত হয়। উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ২৪৪টা ভোট লাভ কৰাৰ বিপৰীতে ভেংকাইয়া নাইডুয়ে ৫১৬টা ভোট লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪৫ চনৰ ২২ এপ্ৰিলত ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত দিল্লীত গোপালকৃষ্ণ গান্ধীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ দেৱদাস গান্ধী আৰু মাতৃ লক্ষ্মী গান্ধী। দেৱদাস গান্ধী মোহনদাস কৰমচান্দ গান্ধীৰ পুত্ৰ আৰু লক্ষ্মী গান্ধী চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীৰ পুত্ৰী।২ গোপালকৃষ্ণৰ দুজন জ্যেষ্ঠ ভাতৃ ক্ৰমে ৰাজমোহন গান্ধী আৰু ৰামচন্দ্ৰ গান্ধী।

তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত চেইণ্ট ষ্টিফেনছ কলেজৰ পৰা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৪ তেওঁ তাৰা ভট্টাচাৰ্য গান্ধীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে।

কৰ্মজীৱন

তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে ১৯৬৮ চনত তামিলনাডু কেডাৰত যোগদান কৰে আৰু ১৯৮৫ চনলৈ তামিলনাডুত সেৱা আগবঢ়াইছিল। তাৰপিছত তেওঁ ১৯৮৫-৮৭ চনত ভাৰতৰ উপৰাষ্ট্ৰপতিৰ সচিব আৰু ১৯৮৭-১৯৯২ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ যুটীয়া সচিব পদত অধিষ্ঠিত।

১৯৯২ চনত তেওঁ ভাৰতৰ উচ্চায়ুক্ত, যুক্তৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী আৰু যুক্তৰাজ্যৰ লণ্ডনত অৱস্থিত নেহৰু কেন্দ্ৰৰ সঞ্চালক হিচাপে নিযুক্ত হৈছিল। ইয়াৰ পিছত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশাসনিক আৰু কূটনৈতিক পদবীৰ কাৰ্যভাৰ লাভ কৰিছিল। ১৯৯৬ চনত তেওঁ দক্ষিণ আফ্ৰিকা আৰু লিচ'থ'ৰ ভাৰতীয় আয়ুক্ত ১৯৯৭-২০০০ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ সচিব, ২০০০ চনত শ্ৰীলংকালৈ ভাৰতৰ উচ্চায়ুক্ত, ২০০২ চনত নৰৱে আৰু আইচলেণ্ডৰ ৰাষ্ট্ৰদূত হিচাপে কৰ্মৰত আছিল। ২০০৩ চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰে।৫

২০০৪ চনৰ ১৪ ডিচেম্বৰ তাৰিখে তেওঁক পশ্চিমবংগৰ ৰাজ্যপাল নিযুক্ত কৰা হয়। ২০০৬ চনত কিছুদিনৰ বাবে তেওঁ বিহাৰৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্বয়ো পালন কৰিছিল।৬

২০১১ চনৰ পৰা ২০১৪ চনলৈ তেওঁ চেন্নাইত অৱস্থিত কলাক্ষেত্ৰ ফাউণ্ডেচনৰ অধ্যক্ষ আছিল।৭ তেওঁ ২০১৫ চনত তামিল গ্ৰন্থ তিৰুক্কুৰাল ইংৰাজীলৈ অনুবাদ কৰে। তেওঁ ২০১২ চনৰ ৫ মাৰ্চৰ পৰা ২০১৪ চনৰ মে মাহলৈ ভাৰতীয় উচ্চ অধ্যয়ন প্ৰতিষ্ঠানৰ প্ৰশাসনীয় মণ্ডলীৰ সভাপতি আছিল।৫৮

বৰ্তমান গোপালকৃষ্ণ গান্ধীয়ে অশোক বিশ্ববিদ্যালয়ত ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ অধ্যাপক পদত অধিষ্ঠিত।৯

তথ্যসূত্ৰ

  1. ↑ (13 December 2009). At farewell, Gopalkrishna Gandhi calls for change in mindsets. The Hindu
  2. ↑ Gopal Gandhi outlookindia.com. 23 Apr 2007. Retrieved 15 January 2014
  3. ↑ Gopalkrishna Gandhi is opposition's nominee for vice president: He lost the Vice Presidential elections miserably Report - Times of India
  4. ↑ Hon'ble Governor of Bihar - Gopalkrishna Gandhi Profile. Governor of Bihar website
  5. ↑ Chairman's Profile: Shri Gopalkrishna Gandhi. Indian Institute of Advanced Study
  6. ↑ (22 June 2006). Veteran politician R S Gavai new Bihar Governor. One India. Greynium Information Technologies Pvt. Ltd
  7. ↑ Gopalkrishna steps down as chairman of Kalakshetra, IIAS
  8. ↑ (6 March 2012). Gopal Gandhi is IAAS chairman. The Hindu
  9. ↑ University, Ashoka. Faculty/Staff - Ashoka University. Ashoka University

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদমহাত্মা গান্ধীভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াভাৰতীয় কূটনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোপালকৃষ্ণ গান্ধী” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৮৫ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।