অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জৰ্জ ফাৰ্নাণ্ডেজ

জৰ্জ মেথিউ ফাৰ্নাণ্ডেজ (George Mathew Fernandes) (৩ জুন ১৯৩০ – ২৯ জানুৱাৰী ২০১৯) এজন ভাৰতীয় শ্ৰমিক সঙ্ঘৰ সদস্য, ৰাজনীতিবিদ, সাংবাদিক, কৃষিবিদ, আৰু বিহাৰৰ পৰা ৰাজ্য সভাৰ সদস্য আছিল। তেখেত জনতা দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল আৰু সমতা দলৰ প্ৰতিষ্ঠাপক আছিল।

হালনাগাদ: ১০ এপ্ৰিল ২০২১ ২৮৫ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জৰ্জ মেথিউ ফাৰ্নাণ্ডেজ (George Mathew Fernandes)১ (৩ জুন ১৯৩০ – ২৯ জানুৱাৰী ২০১৯) এজন ভাৰতীয় শ্ৰমিক সঙ্ঘৰ সদস্য, ৰাজনীতিবিদ,২ সাংবাদিক,৩ কৃষিবিদ, আৰু বিহাৰৰ পৰা ৰাজ্য সভাৰ সদস্য আছিল।৪ তেখেত জনতা দলৰ এগৰাকী গুৰুত্বপূৰ্ণ সদস্য আছিল আৰু সমতা দলৰ প্ৰতিষ্ঠাপক আছিল। তেখেতে সংযোগ, উদ্যোগ, ৰেলৱে' আৰু প্ৰতিৰক্ষাৰ দৰে দপ্তৰৰ মন্ত্ৰী হিচাপে কাম কৰিছিল।৫

মাংগালোৰৰ নিবাসী ফাৰ্নাণ্ডেজক ১৯৪৬ চনত যাজক হ'বলৈ বেংগালুৰুলৈ পঠিয়াই দিয়া হৈছিল। ১৯৪৯ চনত তেখেত ব'ম্বেলৈ যায় আৰু তাত সমজাতান্ত্ৰিক শ্ৰমিক সঙ্ঘৰ আন্দোলনত জঁপিয়াই পৰে। ভাৰতীয় ৰে’লত কৰ্মৰত অৱস্থাতে শ্ৰমিক সঙ্ঘৰ নেতা হিচাপে তেখেতে ১৯৫০-৬০ৰ দশকত ব'ম্বেত কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী আৰু বন্ধৰ আয়োজন কৰিছিল। ১৯৬৭ চনত দক্ষিণ ব'ম্বে (এতিয়াৰ দক্ষিণ মুম্বাই) সমষ্টিৰ পৰা নিৰ্বাচনত অংশ লৈ তেখেতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এছ কে পাটিলক পৰাভূত কৰে। সৰ্বভাৰতীয় ৰেলকৰ্মী ফেডাৰেচনৰ সভাপতি হৈ থাকোঁতে তেখেতে ১৯৭৪ চনৰ ৰেলৱে' প্ৰতিবাদত আন্দোলনৰ পৰিচালনা কৰিছিল। ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ সময়ত তেখেতে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক প্ৰত্যাহ্বান জনাই আত্মগোপন কৰিবলগীয়া হয়।৬ ১৯৭৬ চনত তেখেতক গ্ৰেপ্তাৰ কৰা হয় আৰু কুখ্যাত বৰোদা ডাইনামাইট গোচৰত অভিযুক্ত কৰা হয়।

জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰাৰ পাছত ১৯৭৭ চনত ফাৰ্নাণ্ডেজে বিহাৰৰ মুজাফৰপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হয় আৰু উদ্যোগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰীৰূপে নিযুক্ত হয়। তেখেতৰ কাৰ্যকালত তেখেতে আমেৰিকান বহুজাতিক কোম্পানী আইবিএম আৰু কোকাকোলাক বিনিয়োগ উলঙ্ঘনৰ দোষত দেশ ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। ১৯৮৯-৯০ চনত ৰেলমন্ত্ৰী হৈ থাকোঁতে কোংকন ৰেল প্ৰকল্পত তেখেতে অন্যতম ভূমিকা লৈছিল। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ চৰকাৰত (১৯৯৮-২০০৪) তেখেত প্ৰতিৰক্ষা মন্ত্ৰী আছিল। সেই সময়ছোৱাতে ভাৰত-পাকিস্তানৰ মাজত কাৰ্গিল যুদ্ধৰ সূত্ৰপাত হৈছিল আৰু ভাৰতে পোখৰানত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। প্ৰবীণ সমাজবাদী ফাৰ্নাণ্ডেজৰ নাম বাৰাক মিছাইল কেলেংকাৰী আৰু তেহেলকা কেলেংকাৰীৰ দৰে ঘটনাতো সোমাই পৰিছিল। ১৯৬৭ চনৰ পৰা ২০০৪ চনলৈকে তেখেতে নটা লোকসভা নিৰ্বাচনত জয়লাভ কৰিছিল।৭ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত ভুগি থকা ফাৰ্নাণ্ডেজৰ ২০১৯ চনৰ ২৯ জানুৱাৰীত ৮৮ বছৰ বয়সত মৃত্যু হয়।৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Reddy 1977, পৃ. 144 "(i) Accused George Mathew Fernandes (hereinafter referred to as George Fernandes Al) was the former Chairman of the Socialist Party of India and also the President of the All India Railway- men's Federation."
  2. ↑ By George! It's out on the street
  3. ↑ Biographical Sketch (Member of Parliament: 13th Lok Sabha). Parliament of India
  4. ↑ Shri George Fernandes General Information. Government of Bihar
  5. ↑ Fernandes: Popular but controversial minister. BBC
  6. ↑ Why despite several controversial moves, George Fernandes continues to inspire us
  7. ↑ (21 April 2009). The loneliness of George Fernandes
  8. ↑ (29 January 2019). George Fernandes, former Defence Minister, passes away

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰত চৰকাৰৰ মন্ত্ৰীপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৰ্জ ফাৰ্নাণ্ডেজ” প্ৰবন্ধৰ সংশোধন ২৭০৬৮২ (১০ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।