কিৰণ বেদী (Kiran Bedi, ਕਿਰਣ ਬੇਦੀ) ভাৰতবৰ্ষৰ এগৰাকী সমাজ সংস্কাৰক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া১। ১৯৭২ চনত ভাৰতৰ আৰক্ষী বাহিনীত যোগদান কৰা কিৰণ বেদী হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া। ভাৰতীয় আৰক্ষী অনুসন্ধান আৰু বিকাশ দপ্তৰৰ প্ৰধান আয়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা কালতে ২০০৭ চনত এখেতে ভাৰতীয় আৰক্ষী সেৱাৰ পৰা স্বেচ্ছাকৃতভাৱে অৱসৰ গ্ৰহণ কৰে। এখেত ভাৰতীয় দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক আপ কি কচেহৰি-ৰ আঁতধৰোতা তথা বিচাৰক আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪৯ চনৰ ৯ জুনত ভাৰতৰ পঞ্জাব, ভাৰত ৰাজ্যৰ অমৃতসৰত প্ৰকাশ পেশৱাৰিয়া আৰু প্ৰেম পেশৱাৰিয়াৰ দ্বিতীয় গৰাকী কন্যা সন্তান হিচাপে কিৰণ বেদীৰ জন্ম হয়।
অমৃতসৰৰ চেক্ৰেদ হাৰ্ট কনভেন্ট স্কুলত শিক্ষা গ্ৰহণ কৰি থকা সময়ত এখেতে ৰাষ্ট্ৰীয় কেডেট কৰ্পচ (ইংৰাজী:National Cadet Corps, NCC))ত যোগদান কৰে। টেনিচ খেলি ভাল পোৱা বেদীয়ে একেৰাহে জুনিয়ৰ নেচনেল ল'ন টেনিচ চেম্পিয়নশ্বিপ (ইংৰাজী ভাষা:Junior National Lawn Tennis Championship) (১৯৬৬ চন), এচিয়ান ল'ন টেনিচ চেম্পিয়নচীপ (ইংৰাজী ভাষা:Asian Lawn Tennis Championship) (১৯৭২ চন) আৰু অল ইণ্ডিয়া ইন্টাৰ ষ্টেট অ'মেনচ ল'ন টেনিচ চেম্পিয়নশ্বিপ (ইংৰাজী ভাষা:All-India Interstate Women's Lawn Tennis Championship, ১৯৭৬ চন) ত বিজয়ী হ'বলৈ সক্ষম হয়।
১৯৭৮ চনত অমৃতসৰৰ গভৰ্ণমেন্ট কলেজ ফ'ৰ অ'মেন ৰ পৰা ইংৰাজী বিষয়ত স্নাতক হৈ এখেতে ১৯৭০ চনত চণ্ডীগড়ৰ পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰে
১৯৮৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগত স্নাতক উপাধি লাভ কৰে।
১৯৯৯ চনত ইণ্ডিয়ান ইনস্টিটিউট অফ টেকনল'জি, দিল্লী (IIT Delhi)ৰ পৰা সমাজ বিজ্ঞান বিভাগত পি. এইচ. ডি উপাধি লাভ কৰে। এখেতৰ গৱেষনাৰ বিষয় আছিল নিচাসক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ঘৰুৱা অশান্তি (Drug Abuse and Domestic Violence)।
জীৱিকা
প্ৰবক্তা: ১৯৭০-৭২ চন, ৰাজনীতি বিজ্ঞান; খালছা কলেজ ফ'ৰ অ'মেন, অমৃতসৰ
ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া: ১৯৭২ চন, এই বিভাগত প্ৰথম মহিলা বিষয়া
সমাজ সেৱা
কিৰণ বেদী আৰু অন্য ১৭ জন আৰক্ষী বিষয়া লগ লাগি ১৯৮৭ চনত নৱজ্যোতি ইণ্ডিয়া ফাউণ্ডেশ্যন (ইংৰাজী ভাষা:Navjyoti India Foundation, NIF) প্ৰতিষ্ঠা কৰে২। সংস্থাটোৱে ড্ৰাগছ আসক্ত লোকসকলক আসক্তিৰ পৰা মুক্ত কৰি তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিছিল। বৰ্তমান সংস্থাটোৱে অশিক্ষিত আৰু women empowerment দৰে সামাজিক সমস্যা সমূহো নিৰাময় কৰাৰ চেষ্টা কৰে২। ১৯৯৪ চনত কিৰণ বেদীয়ে ইণ্ডিয়া ভিশ্যন ফাউণ্ডেশ্যন (ইংৰাজী ভাষা:India Vision Foundation) প্ৰতিষ্ঠা কৰে। এই প্ৰতিষ্ঠানটোৱে police reforms, prison reforms, women empowerment, গ্ৰাম্য আৰু সামাজিক উন্নতিৰ হকে কাম কৰে৩।
লোকপাল আন্দোলন
কিৰণ বেদী দুৰ্নীতিৰ বিৰুদ্ধে ভাৰত (India Against Corruption, IAC)ৰ এগৰাকী উল্লেখযোগ্য সদস্য। ইয়াৰ আন দুগৰাকী উল্লেখযোগ্য সদস্য হৈছে আন্না হাজাৰে আৰু অৰবিন্দ কেজৰিৱাল। তেওঁলোকে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে লোকপাল বিলৰ ব্যৱস্থা কৰিবলৈ ভাৰত চৰকাৰক দাবী কৰি আহিছে৪। ২০১১ চনৰ ১৬ আগষ্টত কিৰণ বেদী আৰু দুৰ্নীতিৰ বিৰুদ্ধে ভাৰতৰ প্ৰধান সদস্যসকলক গ্ৰপ্তাৰ কৰা হয়৫। সেইদিনা খনৰেই সন্ধিয়া কিৰণ বেদী আৰু অন্যান্য সদস্য সকলক মুকলি কৰি দিয়া হয়৬। বাৰ দিন প্ৰতিবাদ কৰাৰ পিছত আৰু ভাৰত চৰকাৰ আৰু সদস্য সকলৰ মাজত হোৱা আলোচনাৰ পাছত লোকপাল বিল খচৰা প্ৰস্তুত কৰোঁতে তিনিটা চৰ্ত মানি ল’বলৈ সংসদে মান্তি হয়৭।
বঁটা আৰু সন্মান
| বৰ্ষ | বঁটা বা সন্মান | বঁটা প্ৰদান কৰা সংস্থা | তথ্যসূত্ৰ |
|---|---|---|---|
| ২০১১ | ভাৰতীয় মানৱতা বিকাশ পুৰস্কাৰ (Bharatiya Manavata Vikas Puraskar) | ইণ্ডিয়ান ইনষ্টিটিউট অফ প্লেনিং এণ্ড মেনেজমেণ্ট | ৮ |
| মষ্ট এডমাইৰড ইণ্ডিয়ান ফিমেল আইকন ২০১১ MSN Most Admired Indian Female Icon 2011 | ৯ | ||
| এভিচেন্না লীডাৰশ্বিপ এৱাৰ্ড ২০১১ Avicenna Leadership Award 2011 | ১০ | ||
| ২০১০ | তৰুণ ক্ৰান্তি পুৰস্কাৰ - ২০১০ Tarun Kranti Puraskar – 2010 in Women Empowerment Category | তৰুণ এৱাৰ্ড কাউন্সিল (Tarun Award Council) | ১১ |
| কল্পনা চাওলা এক্সচিলেন্স এৱাৰ্ডছ ২০১০ (Kalpana Chawla Excellence Awards) 2010 | ১০ | ||
| দা নাইনথ এনুৱেল একাডেমী এৱাৰ্ড (The 9th Annual Academy Award) | ১০ | ||
| গ্ল’বেল ট্ৰেইল ব্লেজাৰ এৱাৰ্ড (Global Trail Blazer Award) | ১০ | ||
| ষ্টাৰ পৰিবাৰ এৱাৰ্ডছ | ষ্টাৰ প্লাছ | ||
| ২০০৯ | আৰ্ক বিশ্বপ বেনেডিক্ট মাৰ গ্ৰেগ’ৰিয়াছ এৱাৰ্ড - ২০০৯ (Arch Bishop Benedict Mar Gregorius Award- 2009) | ১০ | |
| ৱ’মেন এক্সচিলেন্স এৱাৰ্ডছ (Women Excellences Awards) | আজ টক | ১০ | |
| চাৰ্টিফিকেট অফ ৰিক’গনেশ্বন, লছ এঞ্জেলছ, ষ্টেট অফ কেলিফ’ৰ্ণিয়া Certificate of Recognition, Los Angeles, State of California | ১০ | ||
| ইণ্ডো- আমেৰিকান (Indo- American) | ১০ | ||
| ২০০৮ | প্ৰাইড অফ পঞ্জাব Pride Of Punjab | ১০ | |
| দা ইণ্ডিয়ান ছ’ছাইটি অফ ক্ৰিমিন’ল’জি The Indian society of Criminology | ১০ | ||
| লাইফটাইম এচিভমেণ্ট এৱাৰ্ডছ Lifetime Achievement Awards | বেংক অফ বৰোদা Bank of Baroda | ১০ | |
| ২০০৭ | সূৰ্যদত্ত নেচনেল এৱাৰ্ড Suryadatta National Award | সূৰ্যদত্ত গ্ৰুপ অফ ইনষ্টিটিউটচ Suryadatta Group of Institutes | ১২ |
| বাবা ফাৰিদ এৱাৰ্ড Baba Farid Award | ১৩ | ||
| Amity Woman Achiever for Social Justice | ১৩ | ||
| Public Service Excellence Award | ১৩ | ||
| জি অস্তিত্ব এৱাৰ্ড (Zee Astitva Award) | জি টিভি | ১৩ | |
| ২০০৫ | মাদাৰ টেৰেছা মেম'ৰিয়েল নেচনেল এৱাৰ্ড (Mother Teresa Award for Social Justice) | ১৩ | |
| (Transformative Leadership in the Indian Police Service) | ১৩ | ||
| FICCI Award | ১৩ | ||
| ২০০৪ | United Nations Medal | ৰাষ্ট্ৰসংঘ | |
| ২০০২ | Woman of the Year Award | Blue Drop Group Management, Cultural and Artistic Association, Italy. | ১৩ |
| ২০০১ | Morrison Tom Gitchoff Award | ১৩ | |
| ১৯৯৯ | Bharat Gaurav Award | ১৩ | |
| Pride of India Award | American Federation of Muslims of Indian Origin (AFMI) | ||
| Serge Sotiroff Award (UNDCP) | ১৩ | ||
| ১৯৯৮ | ACCU-IEF Award | ১৩ | |
| ১৯৯৭ | Fourth Joseph Beuys Award | জাৰ্মানী | |
| ১৯৯৫ | Lion of the Year | ||
| Father Machismo Humanitarian Award | Don Bosco Shrine Office, Bombay-India | ১৩ | |
| মহিলা শিৰোমণি পুৰস্কাৰ | ১৩ | ||
| ১৯৯৪ | ৰমন মেগছেছে বঁটা | Ramon Magsaysay Award Foundation | ১৪ |
| ১৯৯২ | International Woman Award | ১৩ | |
| ১৯৯১ | Asia Region Award for Drug Prevention and Control | International Organisation of Good Templars (IOGT), Norway | |
| ১৯৮১ | Women of the Year Award | National Solidarity Weekly, India | |
| ১৯৭৯ | President’s Gallantry Award | ভাৰৰ ৰাষ্ট্ৰপতি |
বিতৰ্ক
১৯৯২ চনত কিৰণ বেদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সংৰক্ষিত আসনৰ যোগেদি নিজৰ জীয়েকক দিল্লীৰ Hardinge Collegeত এম.বি.বি.এছ. পাঠ্যক্ৰমত নামভৰ্তি কৰায়। সেই সময়ত তেওঁ মিজোৰামত কৰ্মৰত আছিল। ইয়াৰ প্ৰত্যুত্তৰ হিচাবে তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলত কৰমৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলেও এই সংৰক্ষিত আসনৰ সুবিধা লাভ কৰে ১৫।
জীৱনীমূলক গ্ৰন্থ
| গ্ৰন্থ | ইংৰাজী নাম | লিখক | তথ্যসূত্ৰ |
|---|---|---|---|
| আই ডেয়াৰ!: কিৰণ বেদী | I dare!: Kiran Bedi | পাৰমেশ দঙ্গৱাল (Parmesh Dangwal) | ১৬ |
| কিৰণ বেদী, দা কাইণ্ডলি বেটন | Kiran Bedi, the kindly baton | মিনাক্সী চাক্সেনা (Meenakshi Saxena) | ১৭ |
তথ্যসূত্ৰ
- ↑ "Kiran Bedi Biography 1994 Ramon Magsaysay Awardee at rmaf" /
- ↑ Official website Navjyoti . Navjyoti.org.in (2011-10-08). Retrieved on 2011-10-16
- ↑ India Vision Foundation – Objective being to save the NEXT VICTIM
- ↑ What is the Jan Lokpal Bill, why it's important. NDTV
- ↑ Anna Hazare IS the movement. Rediff
- ↑ (August 17, 2011). Anna Hazare refuses to leave Tihar Jail, says allow fast at JP Park. NDTV
- ↑ (August 28, 2011). Agreed! says Parliament to Anna; fast ends at 10 am. NDTV
- ↑ India's Most Influential Business and Economy Magazine – IIPM Celebrates Selfless Service . Business and Economy. Retrieved on 2011-10-16
- ↑ (April 24, 2012). Kiran Bedi. jagran.com
- ↑ Awards . Kiran Bedi. Retrieved on 2012-03-13
- ↑ · title=Tarun kranti puraskar · publisher=ujjwal patni ( National chairman of Tarun Award council) · accessdate= 2012-05-13.
- ↑ List of Honorable Recipients of the "Suryadatta National Award'' 2003 – 2011. Suryadatta.org (2012-02-29). Retrieved on 2012-03-13
- ↑ Awards . Kiran Bedi. Retrieved on 2012-03-13
- ↑ 1994 Ramon Magsaysay Awardee for Government Service- Kiran Bedi. Rmaf.org.ph (1994-08-31). Retrieved on 2012-03-13
- ↑ (September 10, 2011). 'Good cop, bad cop. Business Standard
- ↑ Dangwal, Parmesh. (1995). I dare!: Kiran Bedi: a biography. UBS Publishers' Distributors
- ↑ Saxena, Meenakshi. (2000). Kiran Bedi, the kindly baton. Books India International
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰণ বেদী” প্ৰবন্ধৰ সংশোধন ৬২৩৫৬৯ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।