অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুষমা স্বৰাজ

সুষমা স্বৰাজ (১৪ ফেব্ৰুৱাৰী, ১৯৫২ – ৬ আগষ্ট, ২০১৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ অধিবক্তা আছিল। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী স্বৰাজে আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে ২০১৮ চনৰ ২৬ মে'ৰ পৰা ২০১৯ চনৰ ৩০ মে'লৈকে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ১৭ মাৰ্চ ২০২৪ ৩২৮ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

সুষমা স্বৰাজ (১৪ ফেব্ৰুৱাৰী, ১৯৫২১ – ৬ আগষ্ট, ২০১৯) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ অধিবক্তা আছিল। ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী জ্যেষ্ঠ নেত্ৰী স্বৰাজে আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে ২০১৮ চনৰ ২৬ মে'ৰ পৰা ২০১৯ চনৰ ৩০ মে'লৈকে কাৰ্যনিৰ্বাহ কৰিছিল। বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা তেওঁ ইন্দিৰা গান্ধীৰ পিছত দ্বিতীয় গৰাকী মহিলা। তেওঁ ৭ বাৰৰ বাবে সংসদলৈ আৰু ৩ বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ ২৫ বছৰ বয়সতে হাৰিয়ানা ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰা কনিষ্ঠতম মন্ত্ৰী। ইয়াৰ লগতে তেওঁ ১৩ অক্টোবৰ ১৯৯৮ চনৰ পৰা ৩ ডিচেম্বৰ ১৯৯৮ চনলৈ দিল্লীৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২

২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত তেওঁ মধ্য প্ৰদেশৰ বিদিশা লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰায় ৪,০০,০০০ ভোটৰ ব্যৱধানত জয়ী হৈছিল।৩ তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত বিদেশ মন্ত্ৰী হিচাপে ২০১৪ চনৰ ২৬ মে'ত শপত গ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত বাতৰি কাকত ৱাল ষ্ট্ৰীট জাৰ্ণালে তেওঁক ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ৰাজনীতিজ্ঞ বুলি সম্বোধন কৰিছিল।৪৫ স্বাস্থ্যজনিত কাৰণত সুষমা স্বৰাজে ২০১৯ চনৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত অংশ লোৱা নাছিল।৬৭ হৃদৰোগত আক্ৰান্ত হৈ নতুন দিল্লীৰ এইম্‌ছত ২০১৯ চনৰ ৬ আগষ্টত তেওঁ মৃত্যুবৰণ কৰে।৮

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫২ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে অবিভক্ত পঞ্জাবৰ আম্বালা কেণ্টনমেণটত সুষমা স্বৰাজৰ জন্ম হৈছিল। বিবাহৰ আগতে তেওঁৰ নাম সুষমা শৰ্মা আছিল আৰু ঘৰত চিংকু বুলি মাতিছিল।৯১০ তেওঁৰ পিতৃ হৰদেৱ শৰ্মা আৰু মাতৃ শ্ৰীমতি লক্ষ্মী দেৱী।১১১২ তেওঁৰ পিতৃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সক্ৰিয় সদস্য আছিল।১৩ তেওঁ আম্বালা কেণ্টনমেণটৰ সনাতন ধৰ্ম মহাবিদ্যালয়ৰ পৰা সংস্কৃত আৰু ৰাজনীতি বিজ্ঞানক মুখ্য বিষয়লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল।১৪ তাৰ পিছত তেওঁ চণ্ডীগড়ৰ পঞ্জাব বিশ্ববিদ্যালয়ত আইনৰ শিক্ষা গ্ৰহণ কৰে।১১৪১৫ ইয়াত পঢ়ি থাকোঁতে ভাষা বিভাগে আয়োজন কৰা ৰাজ্যিক স্তৰৰ প্ৰতিযোগিতাত তেওঁ তিনিবাৰ ধাৰাবাহিক ভাবে শ্ৰেষ্ঠ হিন্দী বক্তাৰ সন্মান লাভ কৰিছিল।১১ ১৯৭৩ চনত তেওঁ উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে যোগ দিয়ে।১১৪ ১৯৭০ৰ দশকত তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগ দিয়ে। তেওঁৰ স্বামী স্বৰাজ কৌশল সমাজবাদী নেতা জৰ্জ ফাৰ্নাণ্ডেজৰ ঘনিষ্ঠ সহযোগী আছিল। তেওঁ ১৯৭৫ চনত জৰ্জ ফাৰ্নাণ্ডেজৰ আইন ৰক্ষা দলত যোগদান কৰে। তেওঁ জয়প্ৰকাশ নাৰায়ণৰ সম্পূৰ্ণ বিপ্লৱ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ভাৰতৰ অপাতকালৰ পিছত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেত্ৰী হৈ পৰে।১৬

পদাধিকাৰ

  • ১৯৭৭-৮২: হাৰিয়ানা বিধানসভাৰ সদস্য১৪
  • ১৯৭৭-৭৯: হাৰিয়ানা চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ কেবিনেট মন্ত্ৰী১৪
  • ১৯৮৭-৯০: হাৰিয়ানা বিধানসভাৰ সদস্য১৪
  • ১৯৮৭-৯০: হাৰিয়ানা চৰকাৰৰ শিক্ষা, খাদ্য আৰু যোগান বিভাগৰ কেবিনেট মন্ত্ৰী১৪
  • ১৯৯০-৯৬: ৰাজ্যসভাৰ সাংসদ (প্ৰথম বাৰ)
  • ১৯৯৬-৯৭: লোকসভাৰ সাংসদ (দ্বিতীয় বাৰ)
  • ১৬ মে' ১৯৯৬ - ১ জুন ১৯৯৬: কেন্দ্ৰীয় চৰকাৰৰ সূচনা আৰু সম্প্ৰচাৰণ বিভাগৰ কেবিনেট মন্ত্ৰী১৪
  • ১০ মাৰ্চ ১৯৯৮ - ২৬ এপ্ৰিল ১৯৯৯: লোকসভাৰ সাংসদ (তৃতীয় বাৰ)
  • ১৯ মাৰ্চ ১৯৯৮ - ১২ অক্টোবৰ ১৯৯৮: কেন্দ্ৰীয় চৰকাৰৰ সূচনা আৰু সম্প্ৰচাৰণ বিভাগৰ কেবিনেট মন্ত্ৰী (অতিৰিক্ত দায়িত্ব)
  • ১৩ অক্টোবৰ ১৯৯৮ - ৩ ডিচেম্বৰ ১৯৯৮: দিল্লীৰ পঞ্চম মুখ্যমন্ত্ৰী
  • নৱেম্বৰ ১৯৯৮: হৌজ খাচ বিধানসভা সমষ্টিৰ পৰা দিল্লী বিধানসভালৈ নিৰ্বাচন যদিও তাৰ পৰা পদত্যাগ কৰি লোকসভা আসন গ্ৰহণ
  • ২০০০-০৬: ৰাজ্যসভাৰ সাংসদ (চতুৰ্থ বাৰ)১২
  • ৩০ ছেপ্টেম্বৰ ২০০০ - ২৯ জানুৱাৰী ২০০৩: সূচনা আৰু সম্প্ৰচাৰণ মন্ত্ৰী
  • ২৯ জানুৱাৰী ২০০৩ - ২২ মে' ২০০৪: স্বাস্থ্য আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী
  • ২০০৬ - ২০০৯: ৰাজ্যসভাৰ সাংসদ (পঞ্চম বাৰ)১৭
  • ১৬ মে' ২০০৯ - ১৮ মে' ২০১৪: লোকসভাৰ সাংসদ (ষষ্ঠ বাৰ)১৪
  • ৩ জুন ২০০৯ - ২১ ডিচেম্বৰ ২০০৯: লোকসভাৰ বিৰোধী দলৰ উপদলপতি১৪
  • ২১ ডিচেম্বৰ ২০০৯ - ১৮ মে ২০১৪: লোকসভাৰ বিৰোধী দলৰ দলপতি
  • ২৬ মে' ২০১৪ - ৬ আগষ্ট, ২০১৯: লোকসভাৰ সাংসদ (সপ্তম বাৰ)
  • ২৬ মে' ২০১৪ - ৩০ মে' ২০১৯: ভাৰতৰ বিদেশ মন্ত্ৰী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Sushma Swaraj . India Today. Retrieved 28 May 2016
  2. ↑ (15 June 2013). At a glance: Sushma Swaraj, from India's 'youngest minister' to 'aspiring PM'. India TV
  3. ↑ BJP's Sushma Swaraj to contest Lok Sabha polls from Vidisha constituency . NDTV.com (13 March 2014). Retrieved 21 May 2014
  4. ↑ Varadarajan, Tunku. (July 24, 2017). India’s Best-Loved Politician. Wall Street Journal
  5. ↑ (July 25, 2017). Sushma Swaraj is 'India’s Best-Loved Politician', opines US magazine Wall Street Journal. Zee News
  6. ↑ (1 December 2018). Why Sushma Swaraj won't contest 2019 general elections. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ (30 May 2019). Sushma Swaraj writes emotional tweet to PM Modi, says she is grateful. India Today
  8. ↑ (6 August 2019). Sushma Swaraj passes away at 67. India Today
  9. ↑ Sushma Swaraj. Encyclopædia Britannica
  10. ↑ The push for a Swaraj party. Tehelka
  11. ↑ Sushma Swaraj Biography
  12. ↑ Brief Bio-data. Member of Rajya Sabha. Sushma, Shrimati
  13. ↑ Indian FM Sushma Swaraj's parents hailed from Lahore – Pakistan – Dunya News. dunyanews.tv. Dunya News
  14. ↑ Detailed Profile – Smt. Sushma Swaraj – Members of Parliament (Lok Sabha) – Who's Who – Government: National Portal of India. India.gov.in
  15. ↑ (10 July 2016). Cabinet reshuffle: Modi government's got talent but is it being fully utilised?. The Economic Times
  16. ↑ Archis Mohan. (27 December 2015). How Sushma Swaraj helped Modi get his Pak groove back. Business Standard
  17. ↑ Detailed Profile – – Members of Parliament (Rajya Sabha) – Who's Who – Government: National Portal of India. India.gov.in. Retrieved 30 July 2011

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীভাৰত চৰকাৰৰ মন্ত্ৰীপদ্মবিভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুষমা স্বৰাজ” প্ৰবন্ধৰ সংশোধন ৪১২৩৮৩ (১৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।