অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মীৰা কুমাৰ

মীৰা কুমাৰ (Meira Kumar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ পাঁচবাৰৰ বাবে লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য মীৰা কুমাৰ ২০১৭ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংযুক্ত প্ৰগতিশীল মিত্ৰগোটৰ মনোনীত প্ৰাৰ্থী আছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৮৫ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মীৰা কুমাৰ (Meira Kumar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ পাঁচবাৰৰ বাবে লোকসভাৰ সাংসদ নিৰ্বাচিত হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য মীৰা কুমাৰ ২০১৭ চনৰ ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংযুক্ত প্ৰগতিশীল মিত্ৰগোটৰ মনোনীত প্ৰাৰ্থী আছিল।১ ২০০৯ চনত বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ লোকসভাৰ পঞ্চদশ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। তেওঁ লোকসভাৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ।২৩ তেওঁ অষ্টম, একাদশ, দ্বাদশ, চতুৰ্দশ আৰু পঞ্চদশ লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ২০০৪ চনৰ পৰা ২০০৯ চনলৈ মনমোহন সিঙৰ মন্ত্ৰীসভাত তেওঁ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ বিপক্ষ দলৰ প্ৰাৰ্থী আছিল। এই নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰগোটৰ সমৰ্থিত প্ৰাৰ্থী ৰাম নাথ কোৱিন্দৰ হাতত পৰাজয় বৰণ কৰে। কিন্তু এই নিৰ্বাচনত তেওঁ ৩,৬৭,৩১৪ মূল্যৰ ভোট লাভ কৰি সৰ্বোচ্চ ভোট লাভ কৰা পৰাজিত প্ৰাৰ্থী হৈ পৰে।৪১ ইয়াৰ লগতে তেওঁ এগৰাকী অধিবক্তা আৰু ভূতপূৰ্ব কূটনীতিবিদ আছিল।

প্ৰাৰম্ভিক জীৱন

১৯৪৫ চনৰ ৩১ মাৰ্চ তাৰিখে বিহাৰৰ আৰাহ জিলাত মীৰা কুমাৰৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জগজীৱন ৰাম আৰু মাতৃ ইন্দ্ৰানী দেৱী। তেওঁৰ পিতৃ এগৰাকী স্বাধীনতা সংগ্ৰামী, দলিত নেতা আৰু ভাৰতৰ ভূতপূৰ্ব উপপ্ৰধানমন্ত্ৰী আছিল।৫

তেওঁ প্ৰথমে ডেহৰাডুনৰ ৱেলহাম গাৰ্লছ স্কুল আৰু পিছলৈ জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱী পাব্লিক স্কুলত শিক্ষা লাভ কৰে। কিছুসময়ৰ বাবে তেওঁ বনস্থলী বিদ্যাপীঠতো শিক্ষা গ্ৰহণ কৰিছিল। তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইন্দ্ৰপ্ৰস্থ কলেজ ৰ পৰা কলাৰ স্নাতকোত্তৰ আৰু মিৰাণ্ডা হাউচৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ২০১০ চনত বনস্থলী বিদ্যাপীঠে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী আগবঢ়ায়।৬৭

কৰ্মজীৱন

বৈদেশিক সেৱা

১৯৭৩ চনত মীৰা কুমাৰে ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰে৮ আৰু স্পেইন, যুক্তৰাজ্য আৰু মৰিছাছৰ ভাৰতীয় দূতাৱাসত সেৱা আগবঢ়াইছিল।৯ ১৯৮৫ চনত তেওঁ ভাৰতীয় বৈদেশিক সেৱাৰ চাকৰি এৰি দিয়ে আৰু সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰে।১০ একেবছৰে তেওঁ বিজনৰ লোকসভা সমষ্টিৰ পৰা দুই প্ৰভাৱশালী দলিত নেতা ৰাম বিলাস পাছৱান আৰু মায়াৱতীক পৰাস্ত কৰি লোকসভালৈ নিৰ্বাচিত হয়।

ৰাজনৈতিক জীৱন

১৯৮৫ চনত মীৰা কুমাৰৰ ৰাজনৈতিক জীৱন আৰম্ভ হয়।১১ একেবছৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হৈ বিজনৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হয়। তেওঁ বিজনৰ লোকসভা সমষ্টিৰ পৰা অষ্টম লোকসভালৈ আৰু কাৰল বাগ সমষ্টিৰ পৰা একাদশ আৰু দ্বাদশ লোকসভালৈ নিৰ্বাচিত হৈছিল। ১৯৯৬ চনত বিজেপিৰ ঢৌত তেওঁ প্ৰথম বাৰৰ বাবে লোকসভা নিৰ্বাচনত পৰাজিত হলেও তেওঁ ২০০৪ চনত চাচাৰাম সমষ্টিৰ পৰা পুনৰাই লোকসভালৈ নিৰ্বাচিত হয়। একে সমষ্টিৰ পৰা ২০০৯ চনত তেওঁ আকৌ লোকসভালৈ এবাৰ নিৰ্বাচিত হয়। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ চেদি পাছৱানৰ পৰা পৰাজিত হয়।১২

২০০৪ চনৰ পৰা ২০০৯ চনলৈ মনমোহন সিঙৰ মন্ত্ৰীসভাত তেওঁ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনত বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁ লোকসভাৰ পঞ্চদশ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়। তেওঁ লোকসভাৰ প্ৰথম গৰাকী মহিলা অধ্যক্ষ।

২০১৭ ৰাষ্ট্ৰপতি নিৰ্বাচন

২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ বিপক্ষ দলৰ প্ৰাৰ্থী আছিল। এই নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰগোটৰ সমৰ্থিত প্ৰাৰ্থী ৰাম নাথ কোৱিন্দৰ হাতত পৰাজয় বৰণ কৰে। কিন্তু এই নিৰ্বাচনত তেওঁ ৩,৬৭,৩১৪ মূল্যৰ ভোট লাভ কৰি সৰ্বোচ্চ ভোট লাভ কৰা পৰাজিত প্ৰাৰ্থী হৈ পৰে।৪১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2017-06-23). Presidential Polls: Meira Kumar will challenge Ram Nath Kovind, BSP and SP go with Opposition choice. The Indian Express
  2. ↑ India: Woman Wins Post of Speaker New York Times, 4 June 2009
  3. ↑ Meira Kumar brings Jagjivan to fore দ্য টাইম্‌ছ অৱ ইণ্ডিয়া, 4 June 2009
  4. ↑ Sunil Prabhu. (July 21, 2017). In Defeat, Opposition's Meira Kumar Breaks 50-Year-Old Record. NDTV
  5. ↑ (3 June 2009). Profile: Meira Kumar, first female Dalit Speaker. oneindia.in
  6. ↑ Banasthali created a force of empowered women - Times of India
  7. ↑ Biography) (Lok Sabha
  8. ↑ (2018-01-02). Indian Foreign Service. Wikipedia
  9. ↑ Meira Kumar Age, Caste, Husband, Family, Biography & More · StarsUnfolded. starsunfolded.com
  10. ↑ (2017-06-22). Law, foreign service, politics: Know Oppn’s presidential candidate Meira Kumar. hindustantimes.com/
  11. ↑ Bijnor(Uttar Pradesh) Lok Sabha Election Results 2014 with Sitting MP and Party Name. www.elections.in
  12. ↑ Eciresults.nic.in. eciresults.nic.in

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াভাৰতীয় কূটনীতিবিদভাৰতীয় ৰাজনীতিবিদলোকসভাৰ অধ্যক্ষ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মীৰা কুমাৰ” প্ৰবন্ধৰ সংশোধন ৩৮২৬৫৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।