ৰাম বিলাস পাছৱান (Ram Vilas Paswan; ৫ জুলাই ১৯৪৬ – ৮ অক্টোবৰ ২০২০)১ এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা। তেওঁ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী আছিল। ইয়াৰ লগতে তেওঁ লোক জনশক্তি পাৰ্টিৰ অধ্যক্ষ আৰু বিহাৰৰ পৰা ৰাজ্যসভাৰ সাংসদ আছিল।২ তেওঁ সংযুক্ত ছ'চিয়েলিষ্ট পাৰ্টিৰ সদস্য হিচাপে তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল আৰু ১৯৬৯ চনত বিহাৰ বিধান সভালৈ নিৰ্বাচিত হৈছিল। পিছলৈ পাছৱানে ১৯৭৪ চনত গঠনৰ পাছত লোক দলত যোগদান কৰে আৰু ইয়াৰ সাধাৰণ সম্পাদক পদ লাভ কৰে। তেওঁ ভাৰতত প্ৰযোজ্য হোৱা জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰি কাৰাবাস খাটিছিল। ১৯৭৭ চনত তেওঁ জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে হাজীপুৰ লোকসভা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়। তাৰপিছত একে সমষ্টিৰ পৰা তেওঁ ১৯৮০, ১৯৮৯, ১৯৯৬, ১৯৯৮, ১৯৯৯, ২০০৪ আৰু ২০১৪ চনত লোকসভালৈ নিৰ্বাচিত হৈছিল।৩৪
২০০০ চনত তেওঁ লোক জনশক্তি পাৰ্টি গঠন কৰে আৰু ইয়াৰ প্ৰতিষ্ঠাপক অধ্যক্ষ পদত অধিষ্ঠিত হয়। ২০০৪ চনত তেওঁ শাসনাধিষ্ঠিত সংযুক্ত প্ৰগতিশীল মৰ্চাত যোগদান কৰে আৰু মনমোহন সিং কেবিনেটত ৰাসায়নিক আৰু সাৰ মন্ত্ৰী আৰু তীখা মন্ত্ৰী পদবী লাভ কৰে।৫
২০২০ চনৰ ৮ অক্টোবৰ তাৰিখে নতুন দিল্লীত তেওঁৰ মৃত্যু হয়। তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ২০২১ চনত তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে।৬৭
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪৬ চনৰ ৫ জুলাই তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বিহাৰৰ খাগাৰীয়া জিলাৰ শাহাৰবানিৰ এক দলিত পৰিয়ালত ৰাম বিলাস পাছৱানৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জামুন পাছৱান আৰু মাতৃ চিয়া দেৱী।৮৯ তেওঁ খাগাৰীয়াত অৱস্থিত পাটনা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কোশী মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু কলাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।১০ ১৯৬৯ চনত তেওঁ বিহাৰ আৰক্ষীৰ উপ অধীক্ষক পদ লাভ কৰিছিল।১১১২
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (9 October 2020). Ram Vilas Paswan, Dalit face at the Centre, dies after long innings. The Times of India; (8 October 2020). Ram Vilas Paswan, union minister, passes away at 74. mint
- ↑ Srivastava, Amitabh. (5 July 2015). Bihar elections: Ram Vilas Paswan remained a facilitator, never the face. India Today
- ↑ Ram Vilas Paswan. Business Standard India
- ↑ Ram Vilas Paswan · Indian politician. Encyclopedia Britannica
- ↑ Ram Vilas Paswan - New Cabinet Minister Who Has Worked Under 6 PMs. NDTV.com
- ↑ Padma Awards 2021 announced. Ministry of Home Affairs
- ↑ (25 January 2021). Shinzo Abe, Tarun Gogoi, Ram Vilas Paswan among Padma Award winners: Complete list. [The Times of India
- ↑ (19 June 2006). Current Lok Sabha Members Biographical Sketch
- ↑ (29 July 2015). Ram Vilas Dalit face wherever you go, Jitan Ram Manjhi can be Mahadalit face
- ↑ PIB:: Profiles. pib.nic.in
- ↑ (26 March 2016). 1969 मे मेरा DSP मे और MLA दोनो मे एक साथ चयन हुआ।तब मेरे एक मित्र नेपूछा कि बताओ Govt बनना है या Servant ?बस तभी मैंने राजनीति ज्वाइन कर ली
- ↑ Srivastava, Amitabh. (6 June 2019). Ram Vilas Paswan: The Weather God. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাম বিলাস পাছৱান” প্ৰবন্ধৰ সংশোধন ২৬০১২৮ (২৬ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।