অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্মৃতি ইৰানী

স্মৃতি জুবিন ইৰানী (Smriti Zubin Irani; জন্মৰ নাম: স্মৃতি মলহোত্ৰা; জন্ম ২৩ মাৰ্চ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা পূৰ্বৰ মডেল, টেলিভিছন অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ গুজৰাট ৰাজ্যৰ পৰা ৰাজ্যসভাৰ সাংসদ। তেওঁৰ ভাৰত চৰকাৰৰ বৰ্তমান বস্ত্ৰমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৬ ৩১৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

স্মৃতি জুবিন ইৰানী (Smriti Zubin Irani; জন্মৰ নাম: স্মৃতি মলহোত্ৰা; জন্ম ২৩ মাৰ্চ ১৯৭৬) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী তথা পূৰ্বৰ মডেল, টেলিভিছন অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ গুজৰাট ৰাজ্যৰ পৰা ৰাজ্যসভাৰ সাংসদ। তেওঁৰ ভাৰত চৰকাৰৰ বৰ্তমান বস্ত্ৰমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে।১

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭৬ চনৰ ২৩ মাৰ্চ তাৰিখে ভাৰতৰ ৰাজধানী নতুন দিল্লীত স্মৃতি মলহোত্ৰাৰ জন্ম হৈছিল। তেওঁৰ মাতৃ শিৱানী বাগছি বঙালী সম্প্ৰদায়ৰ আৰু পিতৃ অজয় কুমাৰ মলহোত্ৰা পঞ্জাবী-মাৰাঠী সম্প্ৰদায়ৰ।২৩ তেওঁ তিনিগৰাকী ভনীয়েকৰ ভিতৰত জ্যেষ্ঠ।৪৫

তেওঁৰ ককা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য আৰু মাতৃ ভাৰতীয় জনসংঘৰ সদস্য আছিল। সেয়ে শৈশৱৰ পৰায়ে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত আছিল।৬ তেওঁ নতুন দিল্লীৰ হলী চাইল্ড অক্সিলাম স্কুলৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হয়। পিছলৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অফ অপেন লাৰ্নিংত নামভৰ্তি কৰে।৭৮ তাত তেওঁ বি.কম. প্ৰথম ভাগৰলৈকে অধ্যয়ন কৰে। তেওঁ স্নাতক ডিগ্ৰী লাভ নকৰাকৈ পঢ়াশুনা সীমানতে সামৰে।

অভিনয় জীৱন

স্মৃতি ইৰানীয়ে ১৯৯৮ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।৯১০১১ ১৯৯৮ চনত তেওঁক মিকা সিঙৰ শ্বাৱান মই লগ গেই আগ এলবামৰ বলিয়া গীতত দেখা গৈছিল।১২১৩ ২০০০ চনত তেওঁ টিভি ধাৰাবাহিক আতিশ আৰু হম হে কল আজ কলৰ জৰিয়তে টেলিভিছনত প্ৰদাৰ্পণ কৰিছিল। ইয়াৰ লগতে তেওঁ ডিডি মেট্ৰৰ কবিতা ধাৰাবাহিকতো অভিনয় কৰিছিল। ২০০০ চনৰ মধ্যভাগত তেওঁ একতা কাপুৰৰ জনপ্ৰিয় টিভি ধাৰাবাহিক কিউ কি চাচ ভি কভি বহু থিত মুখ্য চৰিত্ৰ তুলসী বিৰানীৰ চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পায়। ইয়াৰ বাবে তেওঁ একেৰাহে পাঁচ বাৰ ভাৰতীয় টেলিভিছন একাডেমীৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা আৰু চাৰিটা ভাৰতীয় টেলি এৱাৰ্ড লাভ কৰিছিল।১৪

২০০১ চনত তেওঁ জি টিভিৰ ৰামায়ণত সীতাৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। ২০০৬ চনত তেওঁ থৰি চি জামিন থোৰা চা আছমানৰ সহ-প্ৰযোজক আছিল। তেওঁ চনী টিভিৰ জনপ্ৰিয় ধাৰাবাহিক ২০০৭ চনৰ বিৰুদ্ধত মুখ্য চৰিত্ৰ উমাৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। তেওঁ নাইনএক্সত মেৰে চপনেত বিনোদ খান্নাৰ লগত অভিনয় কৰিছিল।১৫ ২০১২ চনত তেওঁক বঙালী ছবি অমৃতাত দেখা গৈছিল।১৬১৭

ব্যক্তিগত জীৱন

২০০১ চনত স্মৃতিয়ে পাৰ্চী ব্যৱসায়ী জুবিন ইৰানীৰ লগত বিবাহপাশত আবদ্ধ হয়। একেবছৰৰ অক্টোবৰ মাহত তেওঁলোকৰ পুত্ৰ সন্তানৰ জন্ম হৈছিল।১৮ ২০০৩ চনৰ ছেপ্টেম্বৰ মাহত তেওঁলোকৰ দ্বিতীয় সন্তান এগৰাকী জীয়েকৰ জন্ম হয়। তেওঁলোকৰ দুয়ো সন্তান পাৰ্চী ধৰ্ম মানি চলে।১৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Desk, Internet. (5 July 2016). Javdekar gets HRD, Irani shifted to Textiles. The Hindu
  2. ↑ (6 April 2013). Change of role, anyone?. হিন্দুস্তান টাইমছ
  3. ↑ Smriti Irani Biography - About family, political life, awards won, history. www.elections.in
  4. ↑ (2014-05-27). All the PM's Men and Women: 23 Cabinet ministers. The Indian Express
  5. ↑ (1 November 2013). Rise of Smriti Irani: Journey from bahu of TV to BJP's Vice President. The Economic Times
  6. ↑ (18 Apr 2014). RSS is like a home to me, says Smriti Irani. Jagran Post
  7. ↑ 'Class 12 pass' and education minister?. First Post
  8. ↑ Smriti goes back to School. TOI
  9. ↑ (26 May 2014). Smriti Irani: From model to TV's favourite bahu to Cabinet minister. Firstpost
  10. ↑ (29 May 2014). The Smriti of yesterday. India Today
  11. ↑ (7 May 2009). A little too fat. Daily News & Analysis
  12. ↑ (2014-05-28). Smriti Irani's transition from an aspiring model to a successful politician
  13. ↑ (7 April 2014). Viral music video: BJP's Amethi candidate Smriti Irani dancing with singer Mika Singh. Daily Bhaskar
  14. ↑ Smriti Irani: I don't watch Kyunki
  15. ↑ (10 March 2002). Playing Tulsi and Sita with elan. The Tribune
  16. ↑ (23 February 2010). Smriti Irani to debut in Bengali film industry. Hindustan Times
  17. ↑ (19 April 2012). Soppy sentimental Bengali debut of Smriti Irani. The Indian Express
  18. ↑ (10 March 2002). Playing Tulsi and Sita with elan. The Tribune
  19. ↑ Women have a right to pray, not desecrate: Smriti Irani

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় ৰাজনীতিবিদভাৰত চৰকাৰৰ মন্ত্ৰীৰাজ্যসভাৰ সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্মৃতি ইৰানী” প্ৰবন্ধৰ সংশোধন ৫৭৬৪৫৬ (১১ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।