অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰুপি কৌৰ

ৰুপি কৌৰ (Rupi Kaur; জন্ম: ৪ অক্টোবৰ, ১৯৯২) হ'ল এগৰাকী ভাৰতীয় মূলৰ কানাডিয়ান কবি, ইলাষ্ট্ৰেটৰ আৰু লেখক। ইনষ্টাগ্ৰাম আৰু টাম্বলাৰৰ যোগেদি নিজৰ দৃশ্যমান চুটি কবিতাসমূহ প্ৰকাশ কৰি কৌৰ লোকচক্ষুলৈ আহে। ২০১৪ চনত, তেওঁৰ প্ৰথমখন কিতাপ 'মিল্ক এণ্ড হনি' প্ৰকাশৰ পাছতে তেওঁ অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ৩৬৫ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰুপি কৌৰ (Rupi Kaur; জন্ম: ৪ অক্টোবৰ, ১৯৯২) হ'ল এগৰাকী ভাৰতীয় মূলৰ কানাডিয়ান কবি, ইলাষ্ট্ৰেটৰ আৰু লেখক। ইনষ্টাগ্ৰাম আৰু টাম্বলাৰৰ যোগেদি নিজৰ দৃশ্যমান চুটি কবিতাসমূহ প্ৰকাশ কৰি কৌৰ লোকচক্ষুলৈ আহে।

২০১৪ চনত, তেওঁৰ প্ৰথমখন কিতাপ 'মিল্ক এণ্ড হনি' প্ৰকাশৰ পাছতে তেওঁ অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰে। সমগ্ৰ বিশ্বত কিতাপখনৰ ত্ৰিশ লাখ কপি বিক্ৰী হৈছিল আৰু নিউয়ৰ্ক টাইমছৰ সৰ্বাধিক বিক্ৰীৰ তালিকাত ই এবছৰতকৈও বেছি সময় স্থান পাইছিল। ২০১৭ চনত, কৌৰৰ দ্বিতীয়খন কিতাপ 'দ্য চান এণ্ড হাৰ ফ্লাৱাৰচ' প্ৰকাশ পায় আৰু যি তেওঁক বিবিচিৰ ১০০ গৰাকী মহিলাৰ তালিকাত স্থান দিয়ে।১ কৌৰৰ তৃতীয়খন কাব্য সংকলন 'হ'ম বডি' ২০২০ চনৰ ১৭ নৱেম্বৰত প্ৰকাশ হয়।২

তেওঁৰ সৃষ্টিসমূহ মানৱীয় সম্পৰ্ক, অনুপ্ৰৱেশকাৰীৰ অভিজ্ঞতা আৰু যৌন নিৰ্যাতনৰ ওপৰত ভিত্তি কৰি ৰচিত আৰু 'ইনষ্টা পয়েট্ৰি'ত এইসমূহে সকলোতকৈ আগস্থান পাইছে।৩৪৫ ২০১৯ চনত, 'দ্য নিউ ৰিপাব্লিকে' কৌৰক 'শতিকাটোৰ লেখক' (ৰাইটাৰ অৱ দ্য ডেকে) আখ্যা দিয়ে।৬৭

প্ৰাৰম্ভিক জীৱন

পঞ্জাব, ভাৰতৰ এটা শিখ পৰিয়ালত কৌৰৰ জন্ম হৈছিল।৮ চাৰি বছৰ বয়সত তেওঁ মাক-দেউতাকৰ সৈতে কানাডাত অনুপ্ৰৱেশ কৰে।৫ তেওঁৰ দেউতাক এজন ট্ৰাক ড্ৰাইভাৰ আছিল আৰু পৰিয়ালটো ব্ৰামটনত বাস কৰিছিল।৫ তেওঁ মাকৰপৰা ছবি আঁকিবলৈ অনুপ্ৰাণিত হৈছিল।৯ কৈশোৰলৈকে তেওঁ ছবি আঁকিছিল, কিন্তু সোতৰ বছৰ বয়সত তেওঁৰ আগ্ৰহ লিখা আৰু প্ৰদৰ্শন কৰালৈ ঢাল খায়।১০

ৱাটাৰলু বিশ্ববিদ্যালয়ত 'বাকপটুতা আৰু পেচাগত লেখন' বিষয়ত অধ্যয়নৰ১১ আগতে তেওঁ 'টাৰ্ণাৰ ফেণ্টন চেকেণ্ডেৰী স্কুল'ত পঢ়িছিল।

কৰ্মৰাজি

প্ৰায় ২০০৯ চনত, মেল্টনৰ এটা পঞ্জাবী সম্প্ৰদায়ৰ স্বাস্থ্য কেন্দ্ৰৰ বেচমেণ্টত কৌৰে তেওঁৰ প্ৰথমটো অনুষ্ঠান কৰে।১২ স্কুলীয়া জীৱনত তেওঁ নামবিহীন ভাৱে তেওঁৰ কবিতাসমূহ প্ৰকাশ কৰিছিল। কিন্তু ২০১৩ চনত তেওঁ প্ৰথমে টাম্বলাৰত আৰু ২০১৪ চনত ইনষ্টাগ্ৰামত নিজৰ নাম সহিতে কবিতাবোৰ প্ৰকাশ কৰিবলৈ লয়। য'ত তেওঁ নিজৰ ইলাষ্ট্ৰেচনসমূহো প্ৰকাশ কৰিছিল।১৩

মিল্ক এণ্ড হনি

কৌৰৰ প্ৰথমখন কিতাপ আছিল, 'মিল্ক এণ্ড হনি' নামৰ এখন কাব্য-সংকলন। কিতাপখন ২০১৪ চনৰ ৪ নৱেম্বৰ তাৰিখে তেওঁ নিজে ক্ৰিয়েটস্পেচত প্ৰকাশ কৰিছিল।১৪৫ এইখন কানাডাৰ এখন সৰ্বাধিক বিক্ৰী হোৱা কিতাপ। কিতাপখনৰ প্ৰায় ত্ৰিশ লাখ কপি বিক্ৰী হৈছিল১৫১৬ আৰু ১৭৮ সপ্তাহৰ বাবে ই নিউয়ৰ্ক টাইমচৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ তালিকাত আছিল।১৭ বিশ্বৰ ২৫টা ভাষালৈ কিতাপখন অনুবাদ হৈছে।১৩ কোৱা হৈছিল যে, কিতাপখনে ২০১৭ চনত ইংলেণ্ডত পঢ়ুৱৈৰ মাজত কবিতাৰ কিতাপৰ চাহিদা বৃদ্ধি কৰিছিল।১৮

দ্য চান এণ্ড হাৰ ফ্লাৱাৰচ

তেওঁৰ দ্বিতীয়খন কিতাপ 'দ্য চান এণ্ড হাৰ ফ্লাৱাৰচ' ২০১৭ চনৰ ৩ অক্টোবৰত প্ৰকাশ পায়।১৯২০ কিতাপখন ৭৬ সপ্তাহৰ বাবে নিউয়ৰ্ক টাইমচৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ তালিকাত আছিল। কানাডাৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ তালিকাত 'দ্য চান এণ্ড হাৰ ফ্লাৱাৰচ' ২০১৭ চনৰ সপ্তম আৰু ২০১৮ চনৰ নৱমখন কিতাপ আছিল।২১২২

হ'ম বডি

কৰ'নাভাইৰাছ ৰোগ ২০১৯ৰ সময়ত কৌৰ মাক-দেউতাকৰ লগত ব্ৰামটনত থাকিবলৈ আহে আৰু এই সময়তে তেওঁ ইনষ্টাগ্ৰাম লাইভৰ জৰিয়তে কৰ্মশালাৰ আয়োজন কৰে।২৩ ২০২০ চনৰ ১৭ নৱেম্বৰ তাৰিখে কৌৰৰ নতুন কবিতাৰ কিতাপ 'হ'ম বডি' প্ৰকাশ পায়।২ এইখন কিতাপতো কৌৰৰ ইলাষ্ট্ৰেচনে ঠাই পাইছে।২ প্ৰকাশৰ পিছতে তিনি সপ্তাহ জুৰি সপ্তাহটোৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ অভিলেখ স্থাপন কৰা এইখন আছিল দ্বিতীয়খন কানাডিয়ান কল্পকাহিনীৰ কিতাপ।২৪২৫২৬ কিতাপখন আছিল ২০২১ চনৰ শ্ৰেষ্ঠ পাঁচোখন কিতাপৰ এখন।২৭ ই নিউয়ৰ্ক টাইমচৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপৰ তালিকাতো ঠাই পাইছে।২৮

তথ্যসূত্ৰ

  1. ↑ BBC 100 Women 2017: Who is on the list?
  2. ↑ (Sep 14, 2020). Rupi Kaur to publish new poetry collection, home body, in Nov. 2020. CBC Books
  3. ↑ Leszkiewicz, Anna. (6 March 2019). Why are we so worried about "Instapoetry?". New Statesman
  4. ↑ Khaira-Hanks, Priya. (4 October 2017). Rupi Kaur: the inevitable backlash against Instagram's favourite poet. The Guardian
  5. ↑ Fischer, Molly. (2017-10-03). The Instagram Poet Outselling Homer Ten to One. The Cut
  6. ↑ Alam, Rumaan. (2019-12-23). Rupi Kaur Is the Writer of the Decade. The New Republic
  7. ↑ Culture; Books. (2020-01-02). Rupi Kaur may not be MY 'writer of the decade,' but that doesn't mean she isn't THE 'writer of the decade' · National Post
  8. ↑ Fischer, Molly. (3 October 2017). Meet Rupi Kaur, author of ubiquitous Milk and Honey. www.thecut.com
  9. ↑ (17 November 2016). bio · rupi kaur. Rupi Kaur
  10. ↑ novels, Jeffrey Somers Jeff Somers is an award-winning writer who has authored nine; Stories, Over 40 Short; Rules, "Writing Without. 5 Surprising Facts About Rupi Kaur. ThoughtCo
  11. ↑ (20 November 2014). Milk & Honey: A Poet Exposes Her Heart. Kaur Life
  12. ↑ Kaur, Rupi. (17 November 2016). Biography of Rupi Kaur. Rupi Kaur's website
  13. ↑ (5 October 2017). Rupi Kaur Is Kicking Down the Doors of Publishing. The New York Times
  14. ↑ Wilson, Carl. (15 December 2017). Why Rupi Kaur and Her Peers Are the Most Popular Poets in the World. The New York Times
  15. ↑ Roy, Nilanjana. (23 February 2018). Voices of the new 'Instagram poets': Love them or hate them, thy hold the stage. Financial Times
  16. ↑ The bestselling Canadian books of 2016. CBC Books
  17. ↑ Paperback Trade Fiction Books - Best Sellers - Books - Feb. 28, 2021 - The New York Times. The New York Times
  18. ↑ Walker, Rob. (2017-10-07). 'Now it's the coolest thing': rise of Rupi Kaur helps boost poetry sales. The Guardian
  19. ↑ The Sun and Her Flowers by Rupi Kaur, Andrews McMeel Publishing
  20. ↑ Kaur, Rupi. (October 2017). the sun and her flowers. Simon & Schuster. ISBN 978-1-4711-6582-5
  21. ↑ Here are the bestselling books in Canada of 2017. CBC Books
  22. ↑ The top 10 bestselling Canadian books of 2018. CBC Books
  23. ↑ When COVID-19 hit, bestselling poet Rupi Kaur had writer's block — so she started teaching on Instagram. CBC Radio
  24. ↑ (November 26, 2020). The bestselling Canadian books for the week of Nov. 15-21, 2020. CBC Books
  25. ↑ (December 2, 2020). The bestselling Canadian books for the week of Nov. 22-28, 2020. CBC Books
  26. ↑ (December 9, 2020). The bestselling Canadian books for the week of Nov. 29-Dec. 5, 2020. CBC Books
  27. ↑ The bestselling Canadian books for the week of Dec. 27-Jan. 2. CBC Books
  28. ↑ Paperback Trade Fiction Books - Best Sellers - Books - Dec. 6, 2020 - The New York Times. The New York Times

সম্পৰ্কিত শ্ৰেণী

কানাডাৰ ব্যক্তিভাৰতীয় মূলৰ ব্যক্তিভাৰতীয় সাহিত্যিককবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুপি কৌৰ” প্ৰবন্ধৰ সংশোধন ৬৩৪৪৪৩ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।