অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইৰা ত্ৰিবেদী

ইৰা ত্ৰিবেদী ((Ira Trivedi; জন্ম:১৯৮৪) এগৰাকী ভাৰতীয় লেখক, স্তম্ভলেখক আৰু যোগ গুৰু। ভাৰতৰ মহিলাৰ সমস্যা আৰু লিংগ-বৈষম্যক লৈ তেওঁ গল্প-উপন্যাস আৰু প্ৰৱন্ধ-পাতি লিখিছে।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৫ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ইৰা ত্ৰিবেদী ((Ira Trivedi; জন্ম:১৯৮৪) এগৰাকী ভাৰতীয় লেখক, স্তম্ভলেখক আৰু যোগ গুৰু। ভাৰতৰ মহিলাৰ সমস্যা আৰু লিংগ-বৈষম্যক লৈ তেওঁ গল্প-উপন্যাস আৰু প্ৰৱন্ধ-পাতি লিখিছে। ইণ্ডিয়া ইন লাভ: মেৰিজ এণ্ড ছেক্সুৱেলিটি ইন টুৱেণ্টি ফাষ্ট চেঞ্চুৰী, হোৱাট উড য়্যু ডু টু চেভ দ্য ৱৰ্ল্ড?, দ্য গ্ৰেট ইণ্ডিয়ান লাভ ষ্ট’ৰি আৰু দেয়াৰচ্‌ ন লাভ অন ৱাল ষ্ট্ৰীট আদি ত্ৰিবেদীৰ সৃষ্টিকৰ্ম।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ভাৰতৰ লক্ষ্ণৌত ত্ৰিবেদীৰ জন্ম হৈছিল।১ সাহিত্যিক ক্ৰান্তি ত্ৰিবেদী ইৰাৰ আইতাক।২

ৱেলেছলী কলেজত পঢ়ি থকা সময়ৰপৰাই ইৰাই যোগ অভ্যাস কৰিছিল।১ অৰ্থনীতি বিষয়ত সন্মানসহ ত্ৰিবেদীয়ে ৱেলেছলী কলেজৰপৰা ২০০৬ চনত স্নাতক ডিগ্ৰী লাভ কৰে।৩ কলম্বিয়া বিশ্ববিদ্যালয়ৰপৰা তেওঁ এম বি এ ডিগ্ৰী লাভ কৰে।৪৫

শিৱানন্দ যোগা ৱেদান্ত চেণ্টাৰৰপৰা তেওঁ আচাৰ্য প্ৰশিক্ষণ সমাপ্ত কৰিছে।৬

কৰ্মজীৱন

মিছ ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাৰ সৈতে জড়িত তেওঁৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত ত্ৰিবেদীৰ প্ৰথমখন উপন্যাস, হোৱাট উড য়্যু ডু টু চেভ দ্য ৱৰ্ল্ড?: কনফেছনচ্‌ অৱ আ কুড-হেভ-বিন বিউটি কুইন৭৮ তেওঁৰ ১৯ বছৰ বয়সত৯ প্ৰকাশ পায়। ‘ডেক্কান হেৰল্ড’ৰ এটি গ্ৰন্থ সমীক্ষাত কিতাপখনক "হীৰাৰ আঁৰৰ ধূলি, প্লাষ্টিক হাঁহিৰ আঁৰৰ চকুপানী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰ্দাৰ আঁৰত চলি থকা ব্যঞ্জনৰ সত্যতা প্ৰকাশক এক মনোৰঞ্জনমূলক প্ৰথম উপন্যাস" বুলি বৰ্ণনা কৰা হৈছিল।১০

২০২০ চনত, তেওঁ শিশুসকলৰ বাবে ঔম দ্য য়গা ডগ নামৰ এখন কিতাপ প্ৰকাশ কৰে, ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ বৰ্ণনা মতে কিতাপখন হৈছে “শিশুসকলক যোগাভ্যাস কৰিবলৈ প্ৰলোভিত কৰা এক আমোদজনক আৰু আকৰ্ষণীয় উপায়”,১১ আৰু ‘দ্য হিন্দু’ৰ সোমা বসুৰ মতে কিতাপখন “শিশুসকলৰ বাবে সহজ আসন আৰু উপকাৰী উশাহ-নিশাহৰ কৌশলৰ সৈতে পৰ্যায়ক্ৰমে বৰ্ণিত এক সৰল যোগ নিৰ্দেশনা।” ১২

ইৰা ত্ৰিবেদী অ-লাভজনক প্ৰতিষ্ঠান ‘নমামি যোগা’১, ম’বাইল এপ ‘ইৰা যোগা ৱেলনেচ’১৩ আৰু অনলাইন যোগ ষ্টুডিঅ’১৪ ‘য়োগ লাভ’১৫ৰ প্ৰতিষ্ঠাপক। তেওঁ ‘দ্য হিন্দু’১৬ Deccan Chronicle,১৭, ‘দ্য টেলিগ্ৰাফ’১৮, ‘টাইমছ অৱ ইণ্ডিয়া’,১৯ আৰু ‘আউটলুক’ত২০ লিখে। ত্ৰিবেদীয়ে প্ৰায়ে লিংগ, মহিলা আৰু যুৱসকলৰ বিভিন্ন সমস্যাৰ ওপৰত বক্তৃতা দিয়ে।।২১২২

নিৰ্বাচিত কাম

  1. হোৱাট উড য়্যু ডু টু চেভ দ্য ৱৰ্ল্ড? (২০০৬, পেংগুইন বুকচ্‌)
  2. দ্য গ্ৰেট ইণ্ডিয়ান লাভ ষ্ট’ৰি (২০০৯, পেংগুইন বুকচ্‌)
  3. দেয়াৰচ্‌ ন লাভ অন ৱাল ষ্ট্ৰীট (২০১১,পেংগুইন বুকচ্‌)
  4. ইণ্ডিয়া ইন লাভ: মেৰিজ এণ্ড ছেক্সুৱেলিটি ইন টুৱেণ্টি ফাষ্ট চেঞ্চুৰী (২০১৪, অলেফ বুক কোম্পানি)
  5. ''গুমৰাহ: ইলেভেন শ্বৰ্ট টীন ক্ৰাইম ষ্ট’ৰিজ"(২০১৬)
  6. নিখিল এণ্ড ৰিয়া (২০১৭)
  7. দ্য টেন মিনিট য়গা চল্যুচন (২০১৭, হাৰ্পাৰ কলিন্স)
  8. দ্য দেশী গাইড টু ডেটিং (২০১৯)
  9. ঔম দ্য য়গা ডগ (২০২০, পাফিন)

স্বীকৃতি

২০১৫ চনত, গতিশীলতা আৰু নতুনত্বৰ বাবে ত্ৰিবেদীয়ে দেৱী বঁটা লাভ কৰিছিল।২৩ সেই বছৰেই, তেওঁক ভাৰতত কইনা (ব্ৰাইড) সৰবৰাহ সম্পৰ্কীয় শ্ৰেষ্ঠ অনুসন্ধানমূলক প্ৰবন্ধৰ বাবে ‘ইউ কে মিডিয়া বঁটা’ প্ৰদান কৰা হৈছিল।২৪

২০১৭ চনত, ত্ৰিবেদীক ‘বি বি চি’ৰ বিশ্বৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী মহিলাৰ ভিতৰত এগৰাকী ৰূপে বাছনি কৰা হৈছিল।২৫

তথ্যসূত্ৰ

  1. ↑ (September 12, 2019). How Starting Yoga at an Early Age can Change the Way You Handle Stress. News18. IANS
  2. ↑ Sharma, Swati. (December 14, 2016). Ideas strike you when you least expect it, says Ira Trivedi. The Asian Age
  3. ↑ Author and Speaker Ira Trivedi Reflects on Wellesley Experience. Wellesley College
  4. ↑ (August 22, 2012). Trivedi Credits Wellesley with Enriching Her Professional Life. Wellesley College
  5. ↑ Roy, NilanjanaI S. (August 14, 2012). In India, the Tender Trap's a Vise. The New York Times
  6. ↑ (June 21, 2018). International Yoga Day: 3 poses for fitness in under 6 minutes. Hindustan Times
  7. ↑ Yadav, Shivani. (November 2, 2009). Confessions of a writer. দ্য হিন্দু
  8. ↑ Menon, Hari. (June 12, 2006). The Cat Who Missed The Cream. Outlook
  9. ↑ Batish, Ashima. (March 24, 2012). On write lines. The Tribune
  10. ↑ (May 21, 2006). BOOK RACK. Deccan Herald
  11. ↑ Parenting Desk. (June 21, 2020). Want your kid to be interested in yoga? Read them these five books. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  12. ↑ Basu, Soma. (June 20, 2020). Kiddie guide to yoga. দ্য হিন্দু
  13. ↑ BI India Bureau. (November 24, 2020). From downward dog to upward boom — influencer and teacher Ira Trivedi shares how virtual yoga took off during the lockdown. Business Insider
  14. ↑ Ira Trivedi - Yoga. Ira Trivedi Official Website
  15. ↑ (June 19, 2021). Learn Yoga from Celebrated Instructors at Virtual Festival Announced By Ira Trivedi. News18
  16. ↑ (November 19, 2013). Ira Trivedi. দ্য হিন্দু
  17. ↑ 12 August 2011 By Ira Trivedi. (13 August 2011). Back to the roots. Deccan Chronicle
  18. ↑ (31 May 2011). The Telegraph – Calcutta (Kolkata) | 75 years of Gone with the Wind. The Telegraph
  19. ↑ Ira Trivedi. Times of India
  20. ↑ Ira Trivedi. Outlook
  21. ↑ Ira's talks
  22. ↑ Ira's News talks
  23. ↑ The Devis
  24. ↑ Media Awards
  25. ↑ BBC World News

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰা ত্ৰিবেদী” প্ৰবন্ধৰ সংশোধন ৪৭৩৭৭৬ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।