অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজলক্ষ্মী

থাক্কথু অময়ংকট্টু ৰাজালক্ষ্মী ( ইংৰাজী: Thakkathu Amayankattu Rajalalkshmi; ২ জুন ১৯৩০ – ১৮ জানুৱাৰী ১৯৬৫), ৰাজলক্ষ্মী নামেৰে বেছি পৰিচিত, এজন ভাৰতীয় ঔপন্যাসিক, গল্পকাৰ আৰু মালয়ালম সাহিত্যৰ কবি। তেওঁ তিনিখন উপন্যাস, দুখন কবিতা সংকলন, আৰু এটা চুটিগল্প সংকলনৰ লিখক।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ৩৪৫ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

থাক্কথু অময়ংকট্টু ৰাজালক্ষ্মী ( ইংৰাজী: Thakkathu Amayankattu Rajalalkshmi; ২ জুন ১৯৩০ – ১৮ জানুৱাৰী ১৯৬৫), ৰাজলক্ষ্মী নামেৰে বেছি পৰিচিত, এজন ভাৰতীয় ঔপন্যাসিক, গল্পকাৰ আৰু মালয়ালম সাহিত্যৰ কবি। তেওঁ তিনিখন উপন্যাস, দুখন কবিতা সংকলন, আৰু এটা চুটিগল্প সংকলনৰ লিখক। ১৯৬০ চনত তেওঁ এখন উপন্যাসৰ বাবে কেৰালা সাহিত্য অকাডেমি বঁটা লাভ কৰে, তেওঁ এই বঁটা লাভ কৰা তৃতীয় ব্যক্তি হিচাপে পৰিগণিত হয়। তেওঁৰ বঁটা বিজয়ী উপন্যাস অৰু ভাজিয়ুম কুৰে নিজালুকালুমক টেলি-ধাৰাবাহিকৰ লগতে অল ইণ্ডিয়া ৰেডিঅ'ৰ বাবে নাটক হিচাপে ৰূপান্তৰিত কৰা হয়।

জীৱনী

১৯৩০ চনৰ ২ জুনত কেৰালাৰ পালঘাট জিলাৰ চেৰপুলাছেৰীত মাৰাঠ অচ্যুতা মেনন আৰু থাক্কাথু আময়িনকোট্টু কুট্টিমালু আম্মাৰ কনিষ্ঠ কন্যা ৰাজলক্ষ্মীৰ জন্ম হয়।১ বিশিষ্ট গণিতজ্ঞ আৰু পণ্ডিত টি এ সৰস্বতী আম্মা তেওঁৰ জ্যেষ্ঠ ভগ্নী আছিল।২ ৰাজালক্ষ্মীয়ে এৰ্নাকুলামৰ মহাৰাজা কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি তিৰুৱনন্তপুৰমৰ ইউনিভাৰ্চিটি কলেজত যোগদান কৰি মালয়ালম ভাষাত এম এ ডিগ্ৰী লাভ কৰে। কিন্তু পিছত ইয়াৰ পৰাই তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়লৈ গৈ পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩ পিছলৈ তেওঁ প্ৰবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পেৰুন্থানী, পাণ্ডালম আৰু অট্টাপ্পালামৰ নায়াৰ চাৰ্ভিচ ছ'চাইটিৰ বিভিন্ন মহাবিদ্যালয়ত কাম কৰে।৩

১৯৬৫ চনৰ ১৮ জানুৱাৰীৰ পুৱা ৰাজলক্ষ্মীয়ে ঘৰৰ পৰা কলেজলৈ ওলাই আহিছিল, তাৰ পিছত ঘৰলৈ উভতি আহি আত্মহত্যা কৰে; তাইৰ কোঠাৰ চিলিঙত শাড়ীৰে ওলমি থকা অৱস্থাত তাইৰ মৃতদেহ উদ্ধাৰ হয়। সেই সময়ত তেওঁৰ বয়স আছিল ৩৪ বছৰ।৪

উত্তৰাধিকাৰ আৰু সন্মান

তেওঁ মালয়ালমৰ এমিলি ব্ৰন্টে নামেৰে জনাজাত। ১৯৫৬ চনত তেওঁ মাত্ৰিভূমি সাপ্তাহিক কাকতত মকল শীৰ্ষক এটি চুটিগল্প প্ৰকাশ কৰিছিল ৷ এইটোৱেই আছিল তেওঁৰ প্ৰথম উল্লেখযোগ্য ৰচনা। ইয়াৰ পিছত তেওঁ সাতটা চুটিগল্প আৰু গদ্যত এটা কবিতা ৰচনা কৰে।৪ চুটিগল্প আৰু দুটা কবিতা সংকলনৰ উপৰিও তেওঁ তিনিখন উপন্যাস ৰচনা কৰে ৫ ইয়াৰে প্ৰথমখন উপন্যাস আছিল অৰু ভাজিয়ুম কুৰে নিজালুকালুম (এটা পথ আৰু কিছুমান ছাঁ)। ইয়াত তেওঁ নাৰীৰ সূক্ষ্ম আৱেগৰ বৰ্ণনা কৰিছিল।১ ১৯৬০ চনত অৰু ভাজিয়ুম কুৰে নিজালুকালুমে উপন্যাসখনৰ বাবে তেওঁ কেৰালা সাহিত্য অকাডেমী বঁটা লাভ কৰে। তেওঁ এই সন্মান লাভ কৰা তৃতীয়জন ব্যক্তি আছিল।৬ পিছলৈ ইয়াক টিভি ধাৰাবাহিক আৰু অল ইণ্ডিয়া ৰেডিঅ ’ত নাটক হিচাপে সম্প্ৰচাৰ কৰা হয়৷৭ তেওঁৰ আন উপন্যাসসমূহ হ'ল জ্ঞানেনা ভৱম আৰু উচাৱৈলুম ইলাম নিলাভুম ৷ তেওঁৰ উল্লেখযোগ্য কবিতা সংকলন হৈছে নিনে নজান স্নেহিককুন্নু।

পেৰুম্বদভম শ্ৰীধৰণৰ ১৯৬৭ চনৰ অভয়ম উপন্যাসখন ৰাজলক্ষ্মীৰ জীৱনৰ ওপৰত আধাৰিত আছিল। ১৯৭০ চনত ৰামু কৰিয়াতৰ ছবি অভয়ম এই উপন্যাসৰ অভিযোজন।৮ ক্ৰছৱৰ্ড বুক বঁটা বিজয়ী লেখিকা অনিতা নাইৰে ২০১৮ চনৰ উপন্যাস Eating Wasps, ৰাজলক্ষ্মীৰ জীৱনৰ ওপৰত আধাৰিত সৃষ্টি।৯১০

গ্ৰন্থপঞ্জী

  • উপন্যাস
    • অৰু ভাঝিয়ুম কুৰে নিঝালুকালুম
    • জ্ঞানেন্না ভবম্
  • চুটিগল্প
    • ৰাজলক্ষ্মীযুদে কধকাল
    • মাকাল
  • কবিতা
    • অভয়বৰ্ণঙ্গল
    • পাৰঞ্জিলা নিন্নোড়ু

আৰু পঢ়ক

  • টি. পালাকেল,Women Writing in the Age of Modernity and postmodernity, ব্ৰেডলি বিশ্ববিদ্যালয়, ইলিনয়িচৰ পাঠ্যক্ৰম সামগ্ৰী (১৮ জানুৱাৰী, ২০০৭ত এক্সেজ কৰা হৈছে।)

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2019-04-13). Biography on Kerala Sahitya Akademi portal. Kerala Sahitya Akademi portal
  2. ↑ (2012-03-16). T. A. Sarasvati Amma - Obituary
  3. ↑ Jayasree, G. S. (2015-09-24). Rajalekshmi, the reclusive author. The Hindu
  4. ↑ 'എഴുതാതിരിക്കാൻ വയ്യ, ജീവിച്ചിരിക്കുകയാണെങ്കിൽ ഇനിയും എഴുതി പോകും'; പേനയ്ക്ക് വിലക്കി... www.marunadanmalayali.com
  5. ↑ (2019-04-14). List of works. Kerala Sahitya Akademi
  6. ↑ (2019-04-13). Kerala Sahitya Akademi Award for Novel. Kerala Sahitya Akademi
  7. ↑ Mentioned in an actress interview in The Hindu, Sept 15, 2006
  8. ↑ Abhayam: A Lost Gem. stancemagazine.in
  9. ↑ Bagchi, Shrabonti. (2018-10-05). Anita Nair's new novel tells the story of a girl who ate a wasp. livemint.com
  10. ↑ Akundi, Sweta. (2018-12-10). What a wasp tastes like. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মহিলা কবিভাৰতৰ নাৰীভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজলক্ষ্মী” প্ৰবন্ধৰ সংশোধন ৫৯২০৬৯ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।