অনুজ ধৰ এগৰাকী ভাৰতীয় লেখক তথা প্ৰাক্তন সাংবাদিক।১ ধৰে সুভাষ চন্দ্ৰ বসুৰ মৃত্যুৰহস্য সম্পৰ্কে ভালেসংখ্যক গ্ৰন্থ ৰচনা কৰিছে। চৰকাৰী ভাষ্য অনুসৰি ১৯৪৫ চনৰ ১৮ আগষ্টত সুভাষ চন্দ্ৰ বসুৱে যাত্ৰা কৰা জাপানীজ বিমানখন টাইৱানত দুৰ্ঘটনাত পতিত হয়। ইয়াৰ বিপৰীতে ধৰৰ গ্ৰন্থসমূহৰ যুক্তি অনুসৰি সেইদিনা কোনো বিমান দুৰ্ঘটনাত পতিত হোৱা নাছিল আৰু নেতাজী ১৯৮০ ৰ সময়লৈ ফাজিয়াবাদত ’গুমনামী বাবা ভগৱানজী’ নামৰ এক সন্ন্যাসীৰূপেৰে জীৱিত আছিল।২১৩ ইয়াৰোপৰি ধৰ নতুন দিল্লীত অৱস্থিত বেচৰকাৰী সংস্থা ”মিছন নেতাজী”ৰ প্ৰতিষ্ঠাপক সদস্য।
ধৰৰ অনুসন্ধান
ধৰৰ "মিছন নেতাজী"ৰ অনুসন্ধান অনুসৰি নেতাজীয়ে উত্তৰ প্ৰদেশত ১৯৮৫ চনলৈকে বসবাস কৰি আছিল।৪
তেওঁলোকৰ তথ্য অনুসৰি ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত তেওঁৰ প্ৰকৃত মৃত্যুৰ দিনা উপস্থিত থকা ১৩ গৰাকী ব্যক্তিয়ে দুখ প্ৰকাশ কৰি কৈছিল, ’....ইয়াত ১৩ লাখ লোক থাকিব লাগিছিল! ("…there should have been 13 lakh people here!" )৫
২০০৫ চনত টাইৱান চৰকাৰে ধৰলৈ প্ৰেৰণ কৰা এক ইমেইলত প্ৰকাশ কৰে যে ১৯৪৫ চনৰ ১৪ আগষ্টৰ পৰা ২৫ অক্টোবৰলৈ কোনো বিমান টাইৱানৰ মাটিত দুৰ্ঘটনাত পতিত হোৱাৰ কোনো তথ্য চৰকাৰৰ হাতত নাই।৬
প্ৰচলিত ধাৰণা
প্ৰচলিত ধাৰণামতে, বিমান দুৰ্ঘটনাতে বসুৰ মৃত্যু হৈছিল আৰু অন্যান্য বিকল্প ধাৰণাসমূহ উদেশ্যপ্ৰাণোদিত।৭৮৯১০১১১২ অৱশ্যে ’মিছন নেতাজী’য়ে দাবী কৰে যে অনুজ ধৰৰ গৱেষণাই প্ৰমাণ কৰে যে বসুয়ে প্ৰকৃততে ছ’ভিয়েট ইউনিয়নলৈ পলায়ন কৰিবলৈ সক্ষম হৈছিল।৪ আইনজ্ঞ মুখাৰ্জী কমিছনে এইসম্পৰ্কে কৰা অনুসন্ধানতে প্ৰকাশ পায় যে বসুৰ টাইৱানত মৃত্যু হোৱা নাছিল।১৩ কিন্তু ভাৰত চৰকাৰে এই তথ্যসমূহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।১৪
’No Secrets’ নামৰ গ্ৰন্থত ধৰে দাবী কৰিছে যে বসুৰ ভাতৃ শৰৎ চন্দ্ৰ বসুৱে ’The Nation’ নামৰ কাকতত লিখা এক প্ৰবন্ধ অনুসৰি ১৯৪৯ চনৰ অক্টোবৰত বসু চীনত থকা বুলি জনা যায়।১৫
ধৰৰ ২০০৮ চনত প্ৰকাশ পোৱা ’CIA's Eye on South Asia’ নামৰ গ্ৰন্থখনত ’Central Intelligence Agency’ ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ বিষয়ে মুকলি কৰা তথ্যসমূহ লিপিবদ্ধ কৰিছে।১৬
গ্ৰন্থসমূহ
- Back from Dead: Inside the Subhas Bose Mystery (2005), Manas Publications, ISBN 81-7049-237-8১৭
- CIA's Eye on South Asia (2008), Manas Publications, ISBN 978-81-7049-346-4১৮
- India's Biggest Cover-up (2012), Vitasta Publishing, ISBN 978-93-80828-69-5১৭
- No Secrets (2013), Vitasta Publishing, ISBN 978-93-82711-05-6
তথ্যসূত্ৰ
- ↑ Hugh Purcell. Subhas Chandra Bose: The Afterlife of India’s Fascist Leader. History Today, Volume: 60 Issue: 11 2010
- ↑ (16 January 2015). A Saint with no name. The Daily Star
- ↑ Kirpal, Raman. (12 July 2012). Why Subhas Chandra Bose's death is India's 'biggest cover-up'. First Post India
- ↑ (18 March 2006). Netaji did not die in aircrash, says web site. Rediff.com
- ↑ (16 January 2015). A Saint with no name. The Daily Star
- ↑ (3 February 2005). No crash at Taipei that killed Netaji: Taiwan govt. Outlook India
- ↑ Bandyopādhyāẏa, Śekhara. (2004). From Plassey to Partition: A History of Modern India. Orient Blackswan. ISBN 978-81-250-2596-2
- ↑ Bayly, Christopher; Harper, Timothy. (2007). Forgotten Wars: Freedom and Revolution in Southeast Asia. Harvard University Press. ISBN 978-0-674-02153-2
- ↑ Bose, Sugata. (2011). His Majesty's Opponent: Subhas Chandra Bose and India's Struggle against Empire. Harvard University Press. ISBN 978-0-674-04754-9
- ↑ Metcalf, Barbara D.; Metcalf, Thomas R. (2012). A Concise History of Modern India. Cambridge University Press. ISBN 978-1-107-02649-0
- ↑ Wolpert, Stanley A. (2000). A New History of India. Oxford University Press. ISBN 978-0-19-512877-2
- ↑ Wolpert, Stanley. (2009). Shameful Flight: The Last Years of the British Empire in India. Oxford University Press. ISBN 978-0-19-539394-1
- ↑ Netaji's dead but didn't die in crash, says report; long live the mystery. Indian Express
- ↑ The debate lives on. India Today
- ↑ (19 October 2013). New book seeks to solve Netaji mystery with brother's China claim. Indian Express
- ↑ Dhawan, Himanshi. (1 May 2009). Reveal names of moles in Indira cabinet: CIC to govt. Times of India
- ↑ (17 November 2012). 'India's biggest cover-up', book on Netaji mystery launched. The Economic Times
- ↑ Dhawan, Himanshi. (1 May 2009). Reveal names of moles in Indira cabinet: CIC to govt. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুজ ধৰ” প্ৰবন্ধৰ সংশোধন ৬৩৬৭৬১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।