অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলা কে কাপুৰ

কমলা কে কাপুৰ (Comla K. Kapur; জন্ম: ২৭ জুলাই ১৯৪৮) এগৰাকী ভাৰতীয়-আমেৰিকান নাট্যকাৰ, কবি আৰু লেখক। হিন্দু দেৱতা, শিখ গুৰু আৰু চুফী ৰহস্যবাদী ৰুমীক কেন্দ্ৰ কৰি গল্প, কিংবদন্তি আৰু মিথৰ সৃষ্টিশীল পুনৰলেখনৰ বাবে জনাজাত।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

কমলা কে কাপুৰ (Comla K. Kapur; জন্ম: ২৭ জুলাই ১৯৪৮)১ এগৰাকী ভাৰতীয়-আমেৰিকান নাট্যকাৰ, কবি আৰু লেখক। হিন্দু দেৱতা, শিখ গুৰু আৰু চুফী ৰহস্যবাদী ৰুমীক কেন্দ্ৰ কৰি গল্প, কিংবদন্তি আৰু মিথৰ সৃষ্টিশীল পুনৰলেখনৰ বাবে জনাজাত। লগতে ভাৰত আৰু আমেৰিকাত বহুতো সমালোচকৰ দ্বাৰা প্ৰশংসিত ইংৰাজী ভাষাত নাটকও প্ৰযোজনা কৰিছে।

কৰ্ম

গ্ৰন্থ

“এজ এ ফাউণ্টেইন ইন এ গাৰ্ডেন” (২০০৫) কাপুৰৰ পূৰ্ব স্বামী ড'নাল্ড ডিন পাৱেললৈ কৰা শ্ৰদ্ধাঞ্জলি, য’ত ৩১টাতকৈও অধিক কবিতা প্ৰকাশ কৰা হৈছে।২ “গণেশ গ'জ টু লাঞ্চ” (২০০৭) হৈছে ৰামায়ণ, মহাভাৰত আৰু পুৰাণ আদি বিভিন্ন পৌৰাণিক সম্পদৰ পৰা বিভিন্ন হিন্দু দেৱতাক কেন্দ্ৰ কৰি কাহিনীৰ সৃষ্টিশীল পুনৰ্লেখন।৩

২০১৫ চনৰ ২৬ জুলাইত চণ্ডীগড়ত কলা সমালোচক বি.এন. গোস্বামী আৰু নাট্যশিল্পী নীলম মানসিং চৌধুৰীয়ে “দ্য চিংগিং গুৰু” উন্মোচন কৰে।৪ এই গ্ৰন্থখনত কাপুৰে জন্মসখীসকলৰ কাহিনীক নিজৰ কল্পনা আৰু হাস্যৰসৰ সৈতে মিশ্ৰণ কৰি প্ৰথম শিখ গুৰু গুৰু নানক দেৱৰ জীৱন আৰু যাত্ৰাৰ আখ্যান সৃষ্টি কৰিছে।৫ “ইনটু দ্য গ্ৰেট হাৰ্ট” (২০১৮)ত দ্বিতীয় শিখ গুৰু অংগদ দেৱৰ জীৱন আৰু দুঃসাহসিক অভিযানৰ কাহিনী কোৱা হৈছে।৬

তথ্যসূত্ৰ

  1. ↑ Kamla K Kapur – Om Books International
  2. ↑ Katoch, Avinash. (1 July 2007). Ganesha Goes to Lunch: Classics from Mystic India, by Kamla K. Kapur. Hill Post
  3. ↑ Ganesha Goes to Lunch. Bhaktivedanta Library Services
  4. ↑ Singh, Manpriya. (10 May 2014). Magic of Words. The Tribune
  5. ↑ myHimachal. (16 January 2010). Rumi's Tales from the Silk Road by Kamla K Kapur
  6. ↑ Spur, P. J. (31 July 2024). The Privilege of Aging, by Kamla Kapur. Musing Mystical

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ থিয়েটাৰ ব্যক্তিত্বভাৰতীয় সাহিত্যিকভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা কে কাপুৰ” প্ৰবন্ধৰ সংশোধন ৫৯২০৩৪ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।