অনঘা জে. কোলাঠ (ইংৰাজী ভাষা: Anagha J. Kolath) এগৰাকী মালয়ালম ভাষা ভাষাৰ কবি। ২০২২ চনত তেওঁ সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ লাভ কৰে।
জীৱনী
অনঘা জে. কোলাঠৰ জন্ম ১৯৯৪ চনত কেৰালাৰ কোট্টায়ম জিলাৰ পাল্লাৰ কোলাঠ হাউচত হৈছিল। তেওঁ বেংক বিষয়া কে এন জয়চন্দ্ৰন আৰু অৱসৰপ্ৰাপ্ত স্কুল শিক্ষয়িত্ৰী পি জি শ্যামলাদেৱীৰ তিনিগৰাকী কন্যাৰ ভিতৰত কনিষ্ঠ।১ তেওঁৰ দুই ভগ্নীৰ নাম অঞ্জনা আৰু অৰ্চনা।২
অনঘাই পাল্লা শক্তিবিলাসম এন এছ এছ স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে।১ কিটাংগুৰৰ এন এছ এছ এইচ এছ এছৰপৰা প্লাছ টু উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ তিৰুৱনন্তপুৰমৰ চৰকাৰী মহিলা মহাবিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।১ চাংগানাছেৰী কলেজৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত অনঘাই স্কুল অৱ লেটাৰ্ছত মালয়ালম ভাষা বিষয়ত এম এ অধ্যয়ন কৰে।১
সাহিত্যিক জীৱন
অনঘাই দ্বিতীয় শ্ৰেণীত পঢ়ি থকা সময়তে তেওঁৰ প্ৰথম কবিতা লিখিছিল।১ তেওঁ কেৱল কবিতা লিখাই নহয়, আবৃত্তি কৰাতো পাকৈত। সৰুৰেপৰাই তেওঁ গুৰুভায়ুৰ দেৱস্বমৰদ্বাৰা আয়োজিত নাৰায়ণীম আৰু পুন্থনম আবৃত্তি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।১ ২০১৩ চনত তেওঁক গুৰুভায়ুৰ মন্দিৰৰপৰা 'সুবৰ্ণ মুদ্ৰা' প্ৰদান কৰা হয়।১ তেওঁ এটা আগশাৰীৰ মালয়ালম চেনেলৰ কবিতা আবৃত্তি প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিছে।১
কৰ্মৰাজি
লেখক কে. জয়কুমাৰৰ সহায় আৰু উৎসাহত অনঘাই তেওঁৰ কবিতাসমূহ সংকলিত কৰি প্ৰকাশ কৰাৰ সিদ্ধান্ত লৈছিল।৩ প্ৰায় ৩০টা কবিতাৰে গঠিত অনঘাৰ প্ৰথম কবিতা সংকলন ঞ্জান অৰিঞ্জা কাদাল ২০১৪ চনত প্ৰকাশিত হৈছিল।৪ ৫১টা কবিতাৰ আবৃত্তি থকা 'কাব্যমৃতম' নামৰ এটা চিডিও মুক্তি পাইছে।১ তেওঁ ২০২০ চনত সাহিত্য অকাডেমিৰ অনলাইন 'কাব্যৰংগ'ৰ বাবে নিৰ্বাচিত হৈছিল।৩
কবিতাৰ উপৰি অনঘাই বিভিন্ন আলোচনী আৰু অনলাইন মাধ্যমৰ বাবে গল্প আৰু প্ৰবন্ধ লিখাত সক্ৰিয়।৩
বঁটা আৰু সন্মান
অনঘাই বহুতো বঁটা লাভ কৰিছে, যাৰ ভিতৰত আছে ২০১৪ চনৰ আন্তৰ্জাতিক মাতৃভাষা দিৱসত লাভ কৰা শ্ৰেষ্ঠ কবিতাৰ আকাশবাণী যুৱবাণী বঁটা, অংকনম কবিতা বঁটা (২০১৪), মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কে এম সুকুমাৰন স্মাৰক বঁটা (২০১৪) আৰু পুনালুৰ বালান কবিতা বঁটা৫ (২০২০)।৬ ২০২২ চনত তেওঁ তেওঁৰ কবিতা সংকলন মেঝুকুথিৰিক্কু স্বানথাম থিপেট্টিৰ বাবে সাহিত্য অকাডেমিৰ যুৱ পুৰস্কাৰ লাভ কৰে।৭
তথ্যসূত্ৰ
- ↑ Daily, Keralakaumudi. അനഘയുടെ അക്ഷരങ്ങൾ. Keralakaumudi Daily
- ↑ കവിത; ഞാനറിഞ്ഞ കടൽ കേന്ദ്ര സാഹിത്യ അക്കാദമിയുടെ യുവ പുരസ്കാര ജേതാവ് അനഘ ജെ.കോലത്ത്. www.manoramaonline.com
- ↑ (2022-08-24). കഥാകൃത്ത് സേതുവിനും കവി അനഘ ജെ കോലത്തിനും കേന്ദ്ര സാഹിത്യ അക്കാദമി പുരസ്കാരം » Newsthen
- ↑ Soman, Deepa. A little wordsmith par excellence - Times of India. The Times of India
- ↑ പുനലൂർ ബാലൻ പുരസ്കാരം
- ↑ Mariya, Merin. (10 October 2018). On write path. The New Indian Express
- ↑ Malayalam writers Sethu, Anagha J Kolath bag Sahitya Akademi awards. OnManorama
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনঘা জে. কোলাঠ” প্ৰবন্ধৰ সংশোধন ৬১৭৬০৩ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।