আনন্দ নীলকণ্ঠন এগৰাকী ভাৰতীয় ঔপন্যাসিক, স্তম্ভলেখক, চিত্ৰনাট্যকাৰ আৰু ৰাজহুৱা বক্তা। ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা লেখকসকলৰ ভিতৰত তেওঁ অন্যতম। তেওঁ পৌৰাণিক কল্পকাহিনী লিখাৰ বাবে জনাজাত আৰু তেওঁ ইংৰাজী ভাষাত ১৬খন আৰু মালয়ালম ভাষা ভাষাত এখন গ্ৰন্থ ৰচনা কৰিছে। ২০১৭ চনৰ পৰা তেওঁ দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছত এটা স্তম্ভ লিখি আহিছে।১
তেওঁ খলনায়ক বা সহযোগী চৰিত্ৰসমূহৰ দৃষ্টিভংগীৰ পৰা কাহিনী কোৱাৰ শৈলী অনুসৰণ কৰে। তেওঁৰ প্ৰথমখন গ্ৰন্থ অসুৰ: টেল অফ দ্য ভেংকুইচড (২০১২) ভাৰতীয় মহাকাব্য ৰামায়ণৰ ওপৰত আধাৰিত আছিল, যিটো ৰাৱণৰ দৃষ্টিভংগীৰ পৰা কোৱা হৈছিল— এয়া তেওঁৰ ৰামায়ণ ধাৰাবাহিকৰ প্ৰথমখন কিতাপ। ইয়াৰ পিছত তেওঁ মহাভাৰত আৰু বাহুবলীৰ চৰিত্ৰসমূহৰ ওপৰত ভিত্তি কৰি ধাৰাবাহিকভাৱে গ্ৰন্থ ৰচনা কৰে। তেওঁৰ কিতাপসমূহ তামিল ভাষা, হিন্দী ভাষা, মালয়ালম ভাষা, তেলুগু ভাষা, কন্নড় ভাষা, মাৰাঠী ভাষা, বঙালী ভাষা, গুজৰাটী ভাষা, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), ইংৰাজী ভাষা, সিংহল ভাষা, বাৰ্মীজ, জাপানী ভাষা আৰু ইণ্ডোনেছিয়ান ভাষা আদি বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। আনন্দে হিন্দী টেলিভিছন ধাৰাবাহিকসমূহ যেনে— ষ্টাৰ টিভিত চিয়া কে ৰাম, চনী টিভিত মহাবলী হনুমান, কালাৰ্ছ টিভিত চক্ৰৱৰ্তী অশোক, নেটফ্লিক্সত চৰফৰোচ, ডিডি নেচনেলত স্বৰাজ, চনী টিভিত শ্ৰীমদ ৰামায়ণ আদিৰ বাবে চিত্ৰনাট্য লিখিছে। তেওঁ অ'টিটি ছিৰিজ টিএজেৰ বাবে কাহিনী লিখিছে। আনন্দে তিনিখন বিজ্ঞাপন ছবিত অভিনয় কৰাৰ উপৰিও দূৰদৰ্শনৰ টিভি শ্ব' স্বৰাজত এট্টাপ্পা নাইকাৰৰ চৰিত্ৰত অভিনয় কৰিছে।২
তেওঁৰ অসুৰ গ্ৰন্থখন অ্যামাজন বুকছৰ সম্পাদকসকলৰ "জীৱনকালত পঢ়িবলগীয়া ১০০খন ভাৰতীয় লেখকৰ গ্ৰন্থ"ৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল।৩ কিতাপখন বছৰ জুৰি ১০ লাখতকৈও অধিক কপি বিক্ৰী হৈছে। তেওঁৰ চাৰিখন গ্ৰন্থ ক্ৰছৱৰ্ড বুক এৱাৰ্ডৰ বাবে মনোনীত হৈছিল। ২০১৫ আৰু ২০১৭ চনত ফৰ্বছ ইণ্ডিয়াই তেওঁক ভাৰতৰ "১০০ শীৰ্ষ চেলিব্ৰিটি"ৰ ভিতৰত তালিকাভুক্ত কৰিছিল। আনন্দে দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছত সাম্প্ৰতিক পৰিক্ৰমাৰ ওপৰত স্তম্ভ লিখে আৰু তেওঁৰ পষেকীয়া স্তম্ভটোৰ নাম হ'ল একুট এংগেল আৰু আউটলুক ট্ৰেভেলাৰৰ বাবে ভ্ৰমণ স্তম্ভটোৰ নাম হ'ল কম্পাছ।৪
প্ৰাৰম্ভিক জীৱন
তেওঁ কেৰালাৰ কোচী উপকণ্ঠৰ ত্ৰিপুনিতুৰা নামৰ চহৰত জন্মগ্ৰহণ কৰিছিল। আনন্দ নীলকণ্ঠন কেৰালাৰ গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ, ত্ৰিচূৰৰ এজন প্ৰাক্তন ছাত্ৰ। তেওঁ ১৯৯৯ চনৰ পৰা ২০২২ চনলৈ ইণ্ডিয়ান অইল কৰ্পোৰেচনত কৰ্মৰত আছিল। তাৰ পিছত তেওঁ পূৰ্ণকালীন লেখক হিচাপে কেৰিয়াৰ গঢ়িবলৈ কৰ্পোৰেচন ত্যাগ কৰে। তেওঁ মালয়ালম আলোচনীবোৰৰ বাবে কাৰ্টুনো আঁকিছিল।৫ তেওঁ অপৰ্ণা আনন্দৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ অনন্যা আনন্দ আৰু অভিনৱ আনন্দ নামৰ দুটা সন্তান আছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Author
- ↑ Anand Neelakantan's debut as the devil's advocate in historical drama
- ↑ Amazon.in: 100 books by Indian authors - 100 Books To Read in a Lifetime: Books. amazon.in
- ↑ Author. The New Indian Express
- ↑ (24 January 2016). More to myth than meets the eye. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দ নীলকান্তন” প্ৰবন্ধৰ সংশোধন ৬০৪৭৬৩ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।