কুন্দনিকা কাপাডিয়া (Kundanika Kapadia; (১১ জানুৱাৰী, ১৯২৭ – ৩০ এপ্ৰিল, ২০২০) গুজৰাটী ভাষা ভাষাৰ এগৰাকী ভাৰতীয় ঔপন্যাসিক, গল্প লেখক আৰু প্ৰাৱন্ধিক।
জীৱনপঞ্জী
১৯২৭ চনৰ ১১ জানুৱাৰীত বৰ্তমান গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত অৱস্থিত লিম্বড়িত কুন্দনিকা কাপাডিয়াৰ জন্ম হৈছিল। তেওঁৰ দেউতাক নৰোত্তমদাস কাপাডিয়া। কুন্দনিকাই গোধৰাত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ ১৯৪২ চনত জাতীয়তাবাদী ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। ১৯৪৮ চনত, তেওঁ বোম্বাই বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত ভাৱনগৰৰ চামলদাস মহাবিদ্যালয়ৰ পৰা ইতিহাস আৰু ৰাজনীতিত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু মুম্বাই স্কুল অৱ ইকনমিক্সৰপৰা ৰাজনীতিত স্নাতকোত্তৰ ডিগ্ৰী কৰিছিল যদিও অৱশেষত পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰা নাছিল। তেওঁ ১৯৬৮ চনত মুম্বাইত গুজৰাটী কবি মকৰন্দ দাভেক বিয়া কৰাইছিল। দাভে দম্পত্তি নিঃসন্তান আছিল।১ কুন্দনিকাই ১৯৮৫ চনত ভালচাদৰ ওচৰৰ ভাংকাল গাঁৱৰ ওচৰত নন্দীগ্ৰাম নামে এখন আশ্ৰম সহ-প্ৰতিষ্ঠা কৰিছিল। নন্দীগ্ৰামৰ সহকৰ্মীসকলে তেওঁক ঈছামা বুলি সম্বোধন কৰিছিল। তেওঁ য়াত্ৰিক (১৯৫৫-১৯৫৭) আৰু নৱনীত (১৯৬২-১৯৮০) নামে দুখন আলোচনী সম্পাদনা কৰিছিল।২৩৪৫
২০২০ চনৰ ৩০ এপ্ৰিল তাৰিখে ভাৰতৰ গুজৰাটৰ ভাংকাল গাঁৱৰ ওচৰৰ নন্দীগ্ৰামত ৯৩ বছৰ বয়সত কুন্দনিকা কাপাডিয়া মৃত্যু হয়।১৬
সাহিত্য কৃতি
স্নেহধন কুন্দনিকাৰ ছদ্মনাম। পাৰোধ থটা পহেলা (Parodh Thata Pahela, ১৯৬৮) তেওঁৰ প্ৰথমখন উপন্যাস। তাৰ পিছত তেওঁ অগ্নিপিপাশা (১৯৭২) লিখে। তেওঁৰ সত পাগালা আকাশমা (ছেভেন ষ্টেপচ্ ইন দ্য স্কাই, ১৯৮৪) কিতাপখনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু শ্ৰেষ্ঠ নাৰীবাদী উপন্যাস ৰূপে বিবেচিত হৈছিল।২৩৭
কুন্দনিকাৰ প্ৰথম গল্পটো আছিল "প্ৰেমনা আনচু"; জন্মভূমি বাতৰি কাকতৰ দ্বাৰা আয়োজিত এখন আন্তৰ্জাতিক গল্প প্ৰতিযোগিতাত গল্পটোৱে দ্বিতীয় পুৰস্কাৰ লাভ কৰিছিল। ইয়াৰ পিছতে তেওঁ গল্প লিখাত মনোনিৱেশ কৰিছিল আৰু অধিক হাৰত গল্প লিখিবলৈ আৰম্ভ কৰিছিল। প্ৰেমনা আনচু (১৯৫৪) পিছলৈ গল্প সংকলন হিচাপে প্ৰকাশ হৈছিল। তেওঁৰ আন কাহিনী সংকলনসমূহ হৈছে বধু নে বধু সুন্দৰ (১৯৬৮), কাগলনী হোদি (১৯৭৮), জাভা দৈশু তামানে (১৯৮৩) আৰু মনুষ্য তাভু (১৯৯০)। তেওঁৰ নিৰ্বাচিত গল্পসমূহ কুন্দনিকা কাপাডিয়া নি শ্ৰেষ্ঠ ভৰ্তাও (১৯৮৭) নামেৰে প্ৰকাশ হৈছে। তেওঁ ধুমকেতু, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, ৰবীন্দ্ৰনাথ ঠাকুৰ, শ্বেইকছপীয়েৰ আৰু ইবচেনৰ দ্বাৰা প্ৰভাৱিত হৈছিল।২৩
দ্বাৰ আনে দীৱাল (১৯৮৭) আৰু চন্দ্ৰ তাৰা বৃক্ষ বাদল (১৯৮৮) তেওঁৰ ৰচনা সংকলন। অকৰণ্ড আনে আক্ৰোশ (১৯৯৩) তেওঁৰ আত্মজীৱনীমূলক ৰচনা। পৰম সমীপে (১৯৮২), যৰুখে দিভা (২০০১) আৰু গুলাল আনে গুঞ্জৰ হৈছে সম্পাদিত সংকলন। পৰম সমীপে তেওঁৰ জনপ্ৰিয় প্ৰাৰ্থনা সংগ্ৰহ।২৩
তেওঁ লৰা ঈগলছ ৱাইল্ডাৰৰ এটি কাম বসন্ত আৱছে (১৯৬২) শীৰ্ষকেৰে অনুবাদ কৰিছিল। মেৰী এলেন চেজৰ আ গুডলী ফেলোশ্বিপক দিলভাৰ মৈত্ৰী (১৯৬৩) আৰু বঙালী সাহিত্যিক ৰাণী চান্দৰ ভ্ৰমণকাহিনী এখন পূৰ্ণাকুম্ভ (১৯৭৭) নামে অনুবাদ কৰিছিল। তেওঁৰ অনুবাদ কৰা অন্য ৰচনাসমূহ হৈছে; পুৰুষাৰ্থনে পাগলে (১৯৬১), ফ্লৰেন্স স্কোভেল চিনৰ দ্য গেম অৱ লাইফ এণ্ড হাউ টু প্লে ইটৰ গুজৰাটী অনুবাদ জীৱন এক খেল (১৯৮১), আইলিন কেডিৰ অপেনিং দ্য ড’ৰ ৱিডিন অনুবাদ উঘদতা দ্বাৰ অনন্তনা আৰু স্বামী ৰামৰ লিভিং উইথ দা হিমালয়ন মাষ্টাৰ্ছচ অনুবাদ হিমালয় সিদ্ধ যোগী (১৯৮৪)।২৪
সন্মান
কাপাডিয়াই গুজৰাটী সাহিত্য পৰিষদ আৰু গুজৰাট সাহিত্য অকাডেমিৰ পৰা কেইবাটাও পুৰস্কাৰ লাভ কৰিছিল। চন্দ্ৰ তৰা বৃক্ষ বাদল গ্ৰন্থখনৰ বাবে তেওঁ গুজৰাট সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ১৯৮৫ চনত, সত পাগলা আকাশমা গ্ৰন্থৰ বাবে তেওঁক গুজৰাটী ভাষাত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল।২৮ তেওঁ ১৯৮৪ চনত ধনজী কাঞ্জি গান্ধী সুৱৰ্ণ চন্দ্ৰক বঁটা লাভ কৰিছিল।৪
তথ্যসূত্ৰ
- ↑ (30 April 2020). Gujarati author Kundanika Kapadia dies at 93. The Indian Express
- ↑ *Brahmabhatt, Prasad. (2010). અર્વાચીન ગુજરાતી સાહિત્યનો ઈતિહાસ - આધુનિક અને અનુઆધુનિક યુગ (History of Modern Gujarati Literature – Modern and Postmodern Era). Parshwa Publication. পৃ. 252–255. ISBN 978-93-5108-247-7 *કુન્દનિકા કાપડિયા (Kundanika Kapadia). Gujarati Sahitya Parishad *Kartik Chandra Dutt. (1999). Who's who of Indian Writers, 1999: A-M. Sahitya Akademi. পৃ. 567. ISBN 978-81-260-0873-5
- ↑ Susie J. Tharu; Ke Lalita. (1993). Women Writing in India: The twentieth century. Feminist Press at CUNY. পৃ. 254–256. ISBN 978-1-55861-029-3
- ↑ Nandigram: A center for Service and Sadhana. Nandigram
- ↑ *Neelam Kumar. (1 January 2002). Our Favourite Indian Stories. Jaico Publishing House. পৃ. 16. ISBN 978-81-7224-978-6 *Jane Eldridge Miller. (2002). Who's who in Contemporary Women's Writing. Psychology Press. পৃ. 165–166. ISBN 978-0-415-15981-4
- ↑ Shukla, Rakeshkumar. (30 April 2020). 'સાત પગલાં આકાશમાં' નામની પ્રસિદ્ધ ગુજરાતી કૃતિનાં લેખિકા કુંદનિકા કાપડિયાનું નંદીગ્રામ ખાતે નિધન. Divya Bhaskar
- ↑ *Amar Nath Prasad. (2004). New Lights on Indian Women Novelists in English. Sarup & Sons. পৃ. 257. ISBN 978-81-7625-477-9 *Mohan Lal. (1992). Encyclopaedia of Indian Literature: Sasay to Zorgot. Sahitya Akademi. পৃ. 3830. ISBN 978-81-260-1221-3 *K. V. Surendran; A.R. Shukla. (1 January 1999). Indian Women Writers: Critical Perspectives. Sarup & Sons. পৃ. 171–175. ISBN 978-81-7625-072-6
- ↑ Sahitya Akademi Awards. Sahitya Akademi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুন্দনিকা কাপাডিয়া” প্ৰবন্ধৰ সংশোধন ৫৫৭৫৩২ (২৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।