অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুজা চৌহান

অনুজা চৌহান (Anuja Chauhan, জন্ম: ১৯৭০) হ'ল এগৰাকী ভাৰতীয় লেখক, বিজ্ঞাপনদাতা আৰু নাট্যকাৰ। ১৭ বছৰতকৈও অধিক সময় ধৰি চৌহানে ভাৰতৰ জেডব্লিউটি নামৰ বিজ্ঞাপন সংস্থা এটাত কাম কৰিছিল আৰু কোম্পানীৰ উপ-সভাপতি আৰু কাৰ্যবাহী সৃষ্টিশীল পৰিচালক পদবীত অধিষ্ঠিত হৈছিল।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৪ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অনুজা চৌহান (Anuja Chauhan, জন্ম: ১৯৭০) হ'ল এগৰাকী ভাৰতীয় লেখক, বিজ্ঞাপনদাতা আৰু নাট্যকাৰ। ১৭ বছৰতকৈও অধিক সময় ধৰি চৌহানে ভাৰতৰ জেডব্লিউটি নামৰ বিজ্ঞাপন সংস্থা এটাত কাম কৰিছিল আৰু কোম্পানীৰ উপ-সভাপতি আৰু কাৰ্যবাহী সৃষ্টিশীল পৰিচালক পদবীত অধিষ্ঠিত হৈছিল। সাহিত্যক কেৰিয়াৰ হিচাপে ল'বলৈ তেওঁ ২০১০ চনত চাকৰি ইস্তফা দিয়ে। চাকৰি কৰি থকাৰ সময়খিনিত, তেওঁ পেপচি, কুৰকুৰে, মাউণ্টেইন ডিউ আৰু ন'কিয়া আদি ব্ৰেণ্ডৰ সৈতে কাম কৰিছিল। পেপচিৰ 'নাথিং অফিচিয়েল এবাউট ইট' অভিযান আৰু 'য়েহ দিল মাংগে ম'ৰ', 'অয়ে বাব্‌লি' আদি শ্ল'গান অনুজা চৌহানৰ সৃষ্টি।

লেখক হিচাপে তেওঁক 'দ্য জয়া ফেক্টৰ', 'বেটল ফ'ৰ বিট্টৰা', 'দৌজ প্ৰাইচি ঠাকুৰ গাৰ্লচ্‌', 'দ্য হাউচ ডেট বিজে বিল্ট' আৰু 'বাজ' আদিৰ বাবে জনা যায়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

উত্তৰ প্ৰদেশত জন্ম গ্ৰহণ কৰা চৌহানে তেওঁৰ শৈশৱৰ বেছিভাগ সময় উত্তৰ ভাৰতৰ সেইসমূহ চহৰত অতিবাহিত কৰিছিল, যিসমূহ সেনা চাউনিক ভিত্তি কৰি গঢ় লৈ উঠিছিল। কাৰণ চৌহানৰ দেউতাকে ভাৰতীয় সৈন্যবাহিনীত কাম কৰিছিল। লেফটেণ্টেত কৰ্ণেল হৈ থকাৰ সময়তে তেওঁ সৈন্যবাহিনীৰ চাকৰিৰ পৰা আগতীয়া অব্যাহতি লয় আৰু অষ্ট্ৰেলিয়ালৈ গুচি যায়। মাক-দেউতাকৰ চাৰিগৰাকী কন্যা পদ্মিনী, ৰোহিণী, নন্দিনী আৰু অনুজাৰ, অনুজা আছিল আটাইতকৈ সৰু।১ তেওঁৰ ডাঙৰ বায়েক নন্দিনী বাজপেয়ীও এগৰাকী লেখক।২

তেওঁ আৰ্মি পাব্লিক স্কুল, নতুন দিল্লী, চ'ফিয়া গাৰ্লচ কনভেণ্ট, মিৰাত সেনানিবাস আৰু দিল্লী পাব্লিক স্কুল, মথুৰা ৰ'ড, নতুন দিল্লীৰ পৰা তেওঁৰ বিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰিছিল। দিল্লী বিশ্ববিদ্যালয়ৰ, মিৰাণ্ডা হাউচৰ পৰা তেওঁ অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী আৰু 'ৰয়েল মেলবৰ্ণ ইনষ্টিটিউ অৱ টেকন'ল'জি'ৰ পৰা গণ সংযোগ মাধ্যমত স্নাতকোত্তৰ ডিগ্ৰী লয়।১

ব্যক্তিগত জীৱন

চৌহান প্ৰসিদ্ধ টেলিভিছন উপস্থাপক আৰু প্ৰযোজক নিৰেত আলভাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়, যি দূৰদৰ্শনৰ 'ইণ্ডিয়ান আইড'ল (চ'নি), 'পাৰফেক্ট ব্ৰাইড (ষ্টাৰপ্লাছ), 'ৰ'ডিজ' (এমটিভি) আদিৰ দৰে জনপ্ৰিয় বাস্তৱিক অনুষ্ঠানৰ প্ৰযোজক। ১৯৯৪ চনত তেওঁলোকৰ বিয়া হয়।৩ দুজনী ছোৱালী, নীহাৰিকা মাৰ্গাৰেট আৰু নয়নতৰা ভায়োলেট আৰু এটি ল'ৰা দ্ৰাবিড়ৰ সৈতে, তেওঁলোক তিনিটি সন্তানৰ পিতৃ-মাতৃ। ২০০২ চনৰ পৰা তেওঁলোক দিল্লীৰ গুৰগাঁৱত থাকিবলৈ লয়।৪ চৌহানৰ শাহু মাৰ্গাৰেট আলভা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা, সদৌ ভাৰত কংগ্ৰেছ সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক আৰু ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল। চৌহানক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে, ২০১১ চনত 'ফেমিনা ইণ্ডিয়া' আলোচনীৰ ৫০গৰাকী আটাইতকৈ ধুনীয়া ভাৰতীয় মহিলা আৰু 'এমএচএন, দ্য ইনফ্লুএনচিয়েল'ৰ দেশৰ ৫০গৰাকী আটাইতকৈ শক্তিশালী মহিলাৰ তালিকাত স্থান দিয়া হৈছিল। ২০১৮ চনত সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এফআইচিচিআই নাৰী সংস্থাই সন্মানিত কৰে।

বিয়াৰ এঘাৰ বছৰৰ পাছত, তেওঁ খ্ৰীষ্টধৰ্ম গ্ৰহণ কৰে। কিন্তু ২০১৮ চনত তেওঁ কয় যে, খ্ৰীষ্টান ধৰ্মটোও আন যিকোনো সংগঠিত ধৰ্মৰ দৰে ভাল অথবা বেয়া আছিল আৰু অধাৰ্মিকভাৱে তেওঁ এতিয়া যথেষ্ট দৃঢ়৷৫

গ্ৰন্থপঞ্জী

  • দ্য জয়া ফেক্টৰ, ২০০৮, হাৰপাৰ কলিনচ্‌
  • বেটল ফ'ৰ বিট্টৰা: ২০১০, হাৰপাৰ কলিনচ্‌
  • দৌজ প্ৰাইচি ঠাকুৰ গাৰ্লচ্‌, ২০১৩, হাৰপাৰ কলিনচ্‌
  • দ্য হাউচ ডেট বিজে বিল্ট (২০১৫), ৱেষ্টলেণ্ড
  • বাজ, (২০১৭), হাৰপাৰ কলিনচ্‌

তথ্যসূত্ৰ

  1. ↑ Fire works Woman, India Today, March 2010
  2. ↑ Venkatraman, Janane. (8 July 2013). Band, Bajaa, Books?. Indian Express
  3. ↑ (9 July 2009). Love Story. India Today
  4. ↑ (21 December 2008). Splashing out. The Telegraph
  5. ↑ 'https://www.theweek.in/columns/anuja-chauhan/2019/04/18/my-struggles-with-religion.html

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুজা চৌহান” প্ৰবন্ধৰ সংশোধন ৪০৩৪৩৯ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।