অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অদিতি গুপ্তা

অদিতি গুপ্তা (Aditi Gupta) হ'ল এগৰাকী ভাৰতীয় লেখক আৰু 'মেন্সট্ৰুপীডিয়া কমিক'ৰ সহ-প্ৰতিষ্ঠাতা। অদিতি আৰু তেওঁৰ স্বামী তুহিন পল, দুয়োজনেই ৰাষ্ট্ৰীয় ডিজাইন সংস্থাৰ প্ৰাক্তন ছাত্ৰ আৰু তেওঁলোকে মিলি 'মেন্সট্ৰুপীডিয়া কমিক' প্ৰতিষ্ঠা কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩৮৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

অদিতি গুপ্তা (Aditi Gupta) হ'ল এগৰাকী ভাৰতীয় লেখক আৰু 'মেন্সট্ৰুপীডিয়া কমিক'ৰ সহ-প্ৰতিষ্ঠাতা।১ অদিতি আৰু তেওঁৰ স্বামী তুহিন পল, দুয়োজনেই ৰাষ্ট্ৰীয় ডিজাইন সংস্থাৰ প্ৰাক্তন ছাত্ৰ আৰু তেওঁলোকে মিলি 'মেন্সট্ৰুপীডিয়া কমিক' প্ৰতিষ্ঠা কৰে।২ ২০১৪ চনত 'ফৰ্বচ্‌' আলোচনীৰ 'থাৰ্টি আণ্ডাৰ থাৰ্টি ক্লাচ অৱ টু থাউজেণ্ড ফৰটিন'ত তেওঁৰ নাম প্ৰকাশ পায়।

প্ৰাৰম্ভিক জীৱন

অদিতি গুপ্তা হ'ল এগৰাকী অভিযান্ত্ৰিক স্নাতক আৰু আহমেদাবাদ 'ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান' (নেচনেল ইনষ্টিটিউট অৱ ডিজাইন)ৰ 'নিউ মিডিয়া ডিজাইন'ৰ স্নাতকোত্তৰ। ভাৰতৰ ঝাৰখণ্ডৰ গৰৱাত তেওঁৰ জন্ম হৈছিল।৩ ১২ বছৰ বয়সতে তেওঁৰ মাহেকীয়া হৈছিল,৪ কিন্তু ১৫ বছৰ বয়সত নৱম শ্ৰেণীত পঢ়োঁতেহে তেওঁ ঋতুস্ৰাৱৰ বিষয়ে জানিব পাৰে। সৰুতে ঋতুস্ৰাৱৰ সময়ত অদিতিক পূজা-পাতল কৰা ঠাইলৈ যাবলৈ দিয়া নহৈছিল, আনৰ বিছনাত তেওঁ বহিব নোৱাৰিছিল আৰু নিজৰ কাপোৰ নিজে ধুই শুকুৱাবলগীয়া হৈছিল।৪ বজাৰত উপলব্ধ চেনিটেৰী নেপকিনো তেওঁ ব্যৱহাৰ কৰিব নোৱাৰিছিল কাৰণ এইবোৰ কিনিলে ই পৰিয়ালৰ সন্মানত আঘাত হানিব বুলি ভবা হৈছিল।৫ ১৫ বছৰ বয়সতহে অদিতিয়ে নিজৰ প্ৰথমটো চেনিটেৰী নেপকিন কিনে। অদিতিয়ে তেওঁৰ স্বামী তুহিন পলক 'ৰাষ্ট্ৰীয় ডিজাইন সংস্থান'ত পঢ়ি থকা সময়ত লগ পায় আৰু তেওঁলোকে একেলগে কেইবাটাও প্ৰকল্পত কাম কৰে। তেওঁলোকে অনুভৱ কৰে যে ঋতুস্ৰাৱ বিষয়ত শিক্ষিত মানুহৰ মাজতো সজাগতাৰ অভাৱ আৰু তেওঁলোকে এতিয়াও মাহেকীয়াৰ ক্ষেত্ৰত পৌৰাণিক নিয়ম আৰু জনবিশ্বাসবোৰ বিশ্বাস কৰে।৬

কৰ্মজীৱন

ঋতুস্ৰাৱৰ বিষয়ে মানুহৰ মাজত দেখা অজ্ঞানতা আৰু সচেতনতাৰ অভাৱে অদিতিক এই বিষয়ত গৱেষণা কৰিবলৈ প্ৰেৰণা দিয়ে আৰু এবছৰ তেওঁ এই বিষয়ত গৱেষণা কৰে।৫ এই বছৰটোত ডাক্তৰ আৰু নাৰ্চ সকলৰপৰা আহৰণ কৰা জ্ঞানেৰে অদিতিয়ে তিনিজনী ছোৱালী আৰু এজন ডাক্তৰক মূল চৰিত্ৰ ৰূপে লৈ ঋতুস্ৰাৱ বিষয়ক এখন কৌতুকৰ কিতাপ লিখি, হাঁহি-ধেমালিৰ মাজেৰে গহীন বিষয় এটা মানুহৰ মাজলৈ লৈ যোৱাৰ পৰিকল্পনা কৰে। 'ডব্লিউ ডব্লিউ ডব্লিউ ডট টেলচ্‌ অৱ চেঞ্জ ডট ইন' নামৰ এটা ৱেবচাইটত অদিতিয়ে কিতাপখন প্ৰকাশ কৰে। নৱেম্বৰ, ২০১২ চনত অদিতি আৰু তেওঁৰ স্বামীয়ে মানুহৰ মাজত ঋতুস্ৰাৱ বিষয়ক জ্ঞান আৰু সচেতনতা বৃদ্ধিৰ বাবে 'মেন্সট্ৰুপীডিয়া' আৰম্ভ কৰিছিল। বিষয়টো আৰম্ভ হৈছিল 'ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান' (নেচনেল ইনষ্টিটিউট অৱ ডিজাইন)ত তেওঁলোকৰ গৱেষণা পত্ৰ ৰূপে, কিন্তু শেষলৈ এই ৱেবচাইটটো প্ৰাক-কৈশোৰ আৰু কিশোৰসকলৰ মাজত বয়ঃসন্ধি কাল আৰু যৌনতা বিষয়ক সঠিক কথা-বতৰাৰ এটি প্লেটফৰ্ম ৰূপে বিকশিত হয়।৭

'মেন্সট্ৰুপীডিয়া'ই ঋতুস্ৰাৱ, স্বাস্থ্যবিধি, বয়ঃসন্ধিকাল আৰু এইবোৰৰ সৈতে সংযুক্ত পৌৰাণিক নিয়ম সম্পৰ্কে এখন সহায়কাৰী পুস্তিকা প্ৰদান কৰে। এই ৱেবচাইটটোৰ মূল উদ্দেশ্য হৈছে ডিজিটেল মিডিয়াৰ জৰিড়তে এটা স্পৰ্শকাতৰ বিষয় সহজে বোধগম্য হোৱাকৈ তথ্য প্ৰদান কৰা। এই ৱেবচাইটটোত কৌতুকৰ কিতাপখনৰ লগতে ব্লগ আৰু অন্যান্য ভাগো আছে। কৌতুকবোৰ চৈধ্যটা ভাষাত উপলব্ধ আৰু পৃথিৱীৰ ১৮ খনতকৈও বেছি দেশে এইবোৰ ব্যৱহাৰ কৰে।৮ গুপ্তাই গান্ধীনগৰ, আহমেদাবাদ, ৰাঁচী আদি বিভিন্ন ঠাইত এই কমিকবোৰ বিতৰণ কৰে, য'ৰ ছোৱালীহঁত, সিহঁতৰ মাক-দেউতাক আৰু শিক্ষকে এইবোৰ বৰ ভাল পায়।৯ 'মেন্সট্ৰুপীডিয়া'ই 'হুইচ্‌পাৰ ইণ্ডিয়া'ৰ লগ লাগি বহুবোৰ অভিযানত ভাগ লৈছে, ইয়াৰে এটা অভিযান 'আচাৰ চোওঁ আহা' (টাচ দ্যা পিকল)ত অন্য বহুতৰ সৈতে শ্ৰদ্ধা কাপুৰ, পৰিণীতি চোপ্ৰা, কল্কি কেক্‌লা, নেহা ধুপিয়া আৰু মন্দিৰা বেদীৰ দৰে অভিনেত্ৰীয়ে ভাগ লৈছে। 'ফৰ্বচ' আলোচনীৰ ইউ-থাৰ্টিত অদিতিয়ে স্থান পাইছে।১০

সমালোচনামূলক স্বীকৃতি

অদিতিৰ প্ৰকল্পটোৱে সমাজৰ এটি টেবু বিষয়ক চৰ্চালৈ অনাৰ বাবে প্ৰথমে মানুহৰ সমালোচনাৰ সন্মুখীন হ'লেও অনলাইন আৰু গণমাধ্যমপৰা ই ইতিবাচক সঁহাৰি লাভ কৰিছিল।৭ 'মেন্সট্ৰুপীডিয়া'ই মাহেকে এক লাখ দৰ্শক লাভ কৰে। এজন হিন্দু ধৰ্মৰ নেতাই অদিতিক সমালোচনা কৰি কয় যে “তেওঁলোকে বোধহয় ভাল কামেই কৰিছে, কিন্তু ধৰ্মৰ বিষয়ে তেওঁলোকে একো নাজানে।”৭ অদিতিৰ কৌতুকৰ কিতাপখন 'প্ৰৎসাহন', 'মুঞ্চি জগন্নাথ ভৱন স্মৃতি সংস্থান', 'ইনষ্টিংক্ট', 'কানহা' আদি এন জি অ' (বেচৰকাৰী অনুষ্ঠান) আৰু লাডাখত থকা দুটা বৌদ্ধ বিহাৰে৭ জনসচেতনা সৃষ্টিৰ বাবে ব্যৱহাৰ কৰি আছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ हिंदी, BBC. #100Women मौलिक सोच, नए रास्ते (भाग-6). BBC हिंदी
  2. ↑ Mankad, Ruchi. (2019-03-01). Aditi Gupta - Ushering a ‘Period Positive’ Change. Ashaval.com
  3. ↑ Gupta, Soumya. 'Entrepreneurship Is Game-Changer For Women'. BW Businessworld
  4. ↑ reddy, gayatri. (2015-01-04). The lady doth protest, PERIOD!. Deccan Chronicle
  5. ↑ Bahukh, Shivani; i. (2017-08-22). In Conversation With Menstrupedia: Changing The Narrative Around Menstruation. Feminism In India
  6. ↑ Aditi Gupta Menstrupedia. Women's Web: For Women Who Do
  7. ↑ (2013-08-31). Teaching children to know their bodies. Women's Web: For Women Who Do
  8. ↑ Spotlight on Aditi Gupta, Founder of Menstrupedia from India – World YWCA · She Speaks
  9. ↑ Forbes India Magazine - Aditi Gupta: Addressing a Social Taboo Creatively. Forbes India
  10. ↑ Forbes India Magazine - The 30 Under 30 class of 2014: A report card. Forbes India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকব্যৱসায়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অদিতি গুপ্তা” প্ৰবন্ধৰ সংশোধন ৬৩৯৪২৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।