কিৰণ মনৰাল ((Kiran Manral; জন্ম: ১৯৭১) এগৰাকী ভাৰতীয় লেখক। ২০১১ চনত, মুম্বাইত বসবাস কৰা মনৰালৰ প্ৰথমখন উপন্যাস দ্য ৰিলাক্টেণ্ট ডিটেকটিভ প্ৰকাশ পায়।১২ মনৰালে ২০১৫ চনত ৰচনা কৰা কৰ্মিক কীড্চ তেওঁৰ প্ৰথমখন নন-ফিকচন গ্ৰন্থ। মনৰালৰ নিজৰ পুত্ৰ সন্তানক ডাঙৰ কৰাৰ অভিজ্ঞতাৰ আধাৰত ৰচিত কিতাপখন সন্তান প্ৰতিপালন বিষয়ক এখন পৰিচয়মূলক গ্ৰন্থ।৩ দুৰ্যোগ পীড়িতসকলক সহায়ৰ অৰ্থে গঠিত স্বেচ্ছাসেৱকৰ এটি সংগঠন ‘ইণ্ডিয়ান হেল্পছ’ৰ মনৰাল প্ৰতিষ্ঠাপক।৪
সংক্ষিপ্ত জীৱনী
১৯৭১ চনৰ ২২ জুন তাৰিখে মুম্বাইত জন্মগ্ৰহণ কৰা মনৰালে মুম্বাইৰ ডুৰুৱেলো কনভেন্ট হাইস্কুলত পঢ়িছিল আৰু ১৯৯১ চনত মিথিবাঈ কলেজৰপৰা ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল। বিজ্ঞাপনৰ কপিৰাইটাৰ হিচাপে কাম কৰাৰ পিছত, মনৰালে মুম্বাইৰ ‘ডিএছজে টিভি’ৰ বাতৰি বিভাগত যোগদান কৰে আৰু ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ কাকত আৰু ‘কস্মোপলিটান (আলোচনী)’ৰ বাবে ফিচাৰ ৰাইটাৰ হিচাপে কাম কৰে। ২০০০ চনত, তেওঁ এগৰাকী ফ্ৰিলান্স সাংবাদিক ৰূপে কাম কৰিছিল আৰু ২০০৫ চনৰপৰা মনৰালে "থাৰ্টিছিক্স এণ্ড কাউন্টিং" আৰু "কৰ্মিক কীড্চ" নামে দুটা ব্লগৰ কাম আৰম্ভ কৰে আৰু ব্লগাৰ ৰূপে পৰিচিতি লাভ কৰে। সন্তান প্ৰতিপালনত অধিক সময় ব্যয় কৰাৰ অৰ্থে দুয়োটা ব্লগেই বন্ধ কৰাৰ আগলৈকে৫ মনৰালৰ দুয়োটা ব্লগকে ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ব্লগবোৰৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছিল১৬
ইয়াৰ পিছতেই মনৰাল লিখন ক্ষেত্ৰলৈ আহে আৰু ২০১১ চনত মনৰালৰ প্ৰথমখন কিতাপ দ্য ৰিলাক্টেণ্ট ডিটেকটিভ প্ৰকাশ পায়। কিতাপখনে ইতিবাচক সমালোচনা লাভ কৰিছিল। ৭৮ ২০১৪ চনত প্ৰকাশ পোৱা ৱানচ্ আপঅ’ন আ ক্ৰাচ গ্ৰন্থত পদে পদে দুৰ্ভাগ্যৰ সন্মুখীন হোৱা এগৰাকী অফিচত কাম কৰা ছোৱালীৰ প্ৰেমৰ অভিজ্ঞতা বৰ্ণিত হৈছে।৯ ভূমধ্য সাগৰীয় এখন জাহাজত সংধটিত এটি প্ৰেমজনিত ঘটনাৰ পটভূমিত ৰচিত মনৰালৰ আন এখন প্ৰেম বিষয়ক গ্ৰন্থ হ’ল ২০১৫ চনত প্ৰকাশিত অ’ল এবৰ্ড।১০
একে বছৰতে মনৰালৰ প্ৰথমখন নন-ফিকচন গ্ৰন্থ কৰ্মিক কীড্চ: দ্য ষ্ট’ৰি অৱ পেৰেণ্টিং ন’বডি টল্ড য়্যু! প্ৰকাশ পায়, কিতাপখনত মনৰালৰ পুত্ৰ সন্তান জন্মৰ পৰা দহ বছৰ বয়সলৈ ডাঙৰ-দীঘল কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰা হৈছে। এজন পঢ়ুৱৈয়ে কৈছে যে, কিতাপখন কেৱল মাতৃসকলৰ বাবে নহয়, ইয়াক সকলোৱে পঢ়া উচিত। ১১ হিমালয়ৰ পাদদেশক পটভূমি ৰূপে লৈ ৰচিত মনৰালৰ উপন্যাস দ্য ফেচ এট দ্য ৱিণ্ড’ক ৰহস্যময়, গুপ্ত পৰিচয়ৰ এটা উদ্ভট ক'লা কাহিনী (ডাৰ্ক ষ্ট’ৰি) বুলি বৰ্ণনা কৰা হৈছে। ১২
মনৰালৰ উপন্যাস, চেভিং মায়া, ইংলেণ্ড আৰ্ট কাউন্সিলৰ দ্বাৰা সমৰ্থিত চাবট্যুৰ এৱাৰ্ডছ ইউকেৰ বাবে তালিকাভুক্ত হৈছিল।১৩ ২০১৮ চনত প্ৰকাশিত তেওঁৰ মিচিং, প্ৰিজিউমড্ ডেড হৈছে এখন মনস্তাত্ত্বিক থ্ৰিলাৰ। ‘টাইমছ অৱ ইণ্ডিয়া’ই কৈছে যে, কিতাপখন "মানসিক ৰোগৰ সৈতে যুঁজি থকা প্ৰিয়জনক জনা প্ৰত্যেকেই পঢ়া উচিত।" ১৪
গ্ৰন্থপঞ্জী
- দ্য ৰিলাক্টেণ্ট ডিটেকটিভ (২০১১)
- ৱানচ্ আপঅ’ন আ ক্ৰাচ (২০১৪)
- অ’ল এবৰ্ড(২০১৫)
- কৰ্মিক কীড্চ: দ্য ষ্ট’ৰি অৱ পেৰেণ্টিং ন’বডি টল্ড য়্যু! (২০১৫)
- দ্য ফেচ এট দ্য ৱিণ্ড’ (২০১৬)
- চেভিং মায়া (২০১৮)
- মিচিং, প্ৰিজিউমড্ ডেড (২০১৮)
- থাৰ্টিন ষ্টেপচ্ টু ব্লাডি গুড পেৰেণ্টিং (২০১৯)
- দ্য কিটি পাৰ্টি মাৰ্ডাৰ (২০২০)
তথ্যসূত্ৰ
- ↑ About Kiran Manral. thereluctantdetectivebook
- ↑ Kiran Manral Interview - Karmic Kids Book. WriterStory
- ↑ (27 December 2015). Book Review: Karmic Kids. The Times of India
- ↑ Kiran Manral. One and a Half Minutes
- ↑ Kiran Manral. iDIVA
- ↑ (11 June 2016). People of India - Kiran Manral. Memshahib in India
- ↑ Book Review: The Reluctant Detective by Kiran Manral. The Hungary Reader
- ↑ Datta, Unmana. The Reluctant Detective. Women's Web
- ↑ Chandarana, Nittal. (14 May 2014). Book review: Once upon a Crush. Verve
- ↑ (8 September 2015). Book Review: All Aboard. The Times of India
- ↑ (26 December 2015). Book review: Karmic Kids. The Times of India
- ↑ (22 March 2016). Book Review: Himalayan Gothic. The Times of India
- ↑ Saboteur Awards 2018. Lounge Books
- ↑ Micro review: 'Missing Presumed Dead' explores the nuances of dealing with a family member battling mental illness - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰণ মনৰাল” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৩৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।