অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সংগীতা শ্ৰীনিবাসন

সংগীতা শ্ৰীনিবাসন (ইংৰাজী: Sangeetha Sreenivasan) ভাৰতৰ কেৰালাৰ এগৰাকী ঔপন্যাসিকা, শিশু লেখিকা, অনুবাদক, আৰু শিক্ষয়িত্ৰী। তেওঁ মালয়ালম আৰু ইংৰাজী ভাষাত লিখে আৰু দুয়োটা ভাষালৈ অনুবাদ কৰে।

হালনাগাদ: ২৮ ফেব্ৰুৱাৰী ২০২৬ ৩৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

সংগীতা শ্ৰীনিবাসন (ইংৰাজী ভাষা: Sangeetha Sreenivasan) ভাৰতৰ কেৰালাৰ এগৰাকী ঔপন্যাসিকা, শিশু লেখিকা, অনুবাদক, আৰু শিক্ষয়িত্ৰী। তেওঁ মালয়ালম ভাষা আৰু ইংৰাজী ভাষা ভাষাত লিখে আৰু দুয়োটা ভাষালৈ অনুবাদ কৰে। ২০২০ চনত ইটালীৰ লেখিকা এলেনা ফেৰাণ্টেৰ দ্য ডেচ অৱ এবাণ্ডেণ্টমেন উপন্যাসৰ মালয়ালম অনুবাদ উপেক্ষিককপ্পেটা দিনাংগলৰ বাবে অনুবাদৰ বাবে কেৰালা সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ লেখিকা কৰ্মী ছাৰা জোচেফৰ কন্যা।

জীৱনী

১৯৭৫ চনৰ ১৯ জুলাইত কেৰালাৰ থ্ৰিছুৰ জিলাৰ মুলাংকুন্নাথকাভুত লেখিকা ছাৰা জোচেফ আৰু জনসংযোগী বিষয়া কোট্টকল জোচেফৰ ঘৰত সংগীতাই জন্মগ্ৰহণ কৰে।১ তেওঁ উপন্যাস, শিশু সাহিত্য, অনুবাদৰ দৰে সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত পৰিচিত, লগতে এগৰাকী গীটাৰিষ্ট আৰু শিক্ষয়িত্ৰীও।২ ইংৰাজী সাহিত্যত কেৰেলাৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা সংগীতাই কেৰেলা চৰকাৰৰ থ্ৰিছুৰৰ ভাৰ্মা কলেজেৰ উচ্চতৰ মাধ্যমিক বিভাগত শিক্ষক হিচাপে কাম কৰে।

ব্যক্তিগত জীৱন

সংগীতা আৰু তেওঁৰ স্বামী স্থপতি পি কে শ্ৰীনিবাসনৰ মেধা শ্ৰীনিবাসন নামৰ এগৰাকী কন্যা আছে।৩

সাহিত্যিক জীৱন

সংগীতাই প্ৰথমে ইংৰাজী ভাষাত লিখিবলৈ আৰম্ভ কৰিছিল।৪ ২০০৪ চনত তেওঁৰ এখন গল্প ইণ্ডিয়ান লিটাৰেচাৰ আলোচনীত প্ৰকাশ পাইছিল।৪ ইংৰাজীত তেওঁৰ প্ৰথম গল্প সংকলন পেংগুইনছ হু লষ্ট দ্য মাৰ্চযাঠি বুকছএ প্ৰকাশ কৰিছিল।৪ পাছলৈ তেওঁ দুয়োখন শিশু গ্ৰন্থ ভেল্লিমীঞ্চাট্টম আৰু কল্লিথাল্লাকল ভিএছ সিঙ্কাক্কুট্টিকল লিখে। অপৰাকান্তি সংগীতাৰ প্ৰথম উপন্যাস।৪ তাৰ পিছত তেওঁ নিজৰ দ্বিতীয় মালয়ালম উপন্যাস এছিড ইংৰাজীলৈ অনুবাদ কৰে।৪ তেওঁ কৈছে যে তেওঁ কোনো বাধা নোহোৱাকৈ নাৰীৰ জীৱন আৰু নাৰীৰ যৌনতাৰ বিষয়ে লিখিব বিচাৰে।৫ তেওঁ আৰু কৈছে যে তেওঁৰ মাতৃৰ প্ৰভাৱ তেওঁৰ লেখা আৰু জীৱনত অতি গভীৰ।৫

সমালোচনা আৰু সঁহাৰি

মেথিল ৰাধাকৃষ্ণনে নিজৰ গ্ৰন্থ মেথিল কবিতাকল সংগীতাক উৎসৰ্গা কৰি ভূমিকাত লিখিছে — “মোৰ সৰ্বশ্ৰেষ্ঠ বন্ধুজনী, যিয়ে পেংগুইনছ হু লষ্ট দ্য মাৰ্চ লিখিছিল।”৪

অভিনেতা আৰু পৰিচালক মধুপালে সংগীতাৰ উপন্যাস অপৰাকান্তি চিনেমা ৰূপে নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছিল আৰু তেওঁৰ অনুৰোধত সংগীতাই চিত্ৰনাট্য লিখিছিল, কিন্তু কিছুমান পৰিস্থিতিৰ বাবে পিছলৈ ছবিখন বাতিল কৰা হয়।৫

উপন্যাস এছিড

সংগীতাৰ আটাইতকৈ সমালোচকৰ প্ৰশংসা লাভ কৰা উপন্যাস হৈছে এছিড। মূলতে এইখন মালয়ালম ভাষাত লিখা হৈছিল আৰু পিছলৈ ইংৰাজীলৈ অনুবাদ কৰা হয়। সোণালী মজুমদাৰে হিন্দুস্তান টাইমছত লিখিছে যে এছিড এক উত্তাল আৰু অস্থিৰ ভ্ৰমণ; ই বিভ্ৰমমূলক, নিয়ন্ত্ৰণহীন আৰু এনে এক বিষণ্ণতাৰে পূৰ্ণ যি সহজে এৰি নাযায়।৬ লেখিকা কে আৰ মীৰাই দ্য হিন্দুত প্ৰকাশিত সমালোচনাত লিখিছে যে এই গ্ৰন্থখন সম্ভৱত দুগৰাকী নাৰীৰ মাজৰ সমলিংগী সম্পৰ্কক নিৰ্ভীকভাৱে আৰু গভীৰতাৰে উপস্থাপন কৰা প্ৰথম গ্ৰন্থসমূহৰ ভিতৰত এটা।৭ দ্য টেলিগ্ৰাফ ইণ্ডিয়াত প্ৰকাশিত এটা সমালোচনাত এছ. ডি. চৌধুৰীয়ে কৈছে যে প্ৰতিটো চৰিত্ৰৰ নিজা নিঃসঙ্গতা আছে আৰু উপন্যাসখনে চৰিত্ৰসমূহে পাৰ কৰা জীৱনৰ জটিলতাক অস্বীকাৰ নকৰে।৮ তেখেতে আৰু লিখিছে যে চৰিত্ৰসমূহৰ শূন্যতাক বৰ্ণনা কৰিবলৈ ব্যৱহৃত প্ৰতিচ্ছবিখন অত্যন্ত শক্তিশালী।৮ স্ক্ৰ’ল ডট ইনৰ অপূৰ্বা শ্ৰিপাথিয়ে এছিডক পৰিয়াল আৰু মাতৃত্ব সম্পৰ্কীয় পৰম্পৰাগত ধাৰণাক উলটাই দিয়া এক বিভ্ৰমমূলক উপন্যাস বুলি বৰ্ণনা কৰিছে।৯ ৰাহুল ৰাধাকৃষ্ণনে ইণ্ডিয়ান এক্সপ্ৰেছ (মালয়ালম)ত লিখিছে যে এছিডত সংগীতাই অনিৰাপদ চৰিত্ৰসমূহৰ জীৱনক মধ্যবৰ্গীয় নগৰীয়া জীৱন, নিউক্লিয়াৰ পৰিয়ালৰ অশান্তি, বিবাহজনিত অসন্তুষ্টি, যৌনতাৰ বিভিন্ন ৰূপ, মাদকাসক্তিৰ তীব্ৰতা, নতুন প্ৰজন্মৰ মানৱ সম্পৰ্কৰ সংজ্ঞা আৰু নিশা কেতিয়াও নিস্তব্ধ নোহোৱা মহানগৰৰ ৰং, ছন্দ আৰু হোঁচটৰ সৈতে সংযোজিত কৰিছে।১০

ৰচনা

উপন্যাস

  • (অক্টোবৰ ২০১৮). শলভম, পুক্কল, এৰোপ্লেন. ডি চি বুকছ
  • (জুন ২০১৬). এছিড. ডি চি বুকছ
  • (জুলাই ২০১৪). অপৰাকান্তি. ডি চি বুকছ

অনুবাদ

  • (২০১৭). উপেক্ষিক্কাপেট্টা দিবাসঙ্গল. মেঘা বুকছ। এলেনা ফেৰান্তেৰ ডেজ অৱ এবানডনমেণ্টৰ অনুবাদ।
  • (২০১৮). এছিড. পেংগুইন হেমিশ হেমিল্টন। নিজৰ মালয়ালম উপন্যাস এছিডৰ ইংৰাজী অনুবাদ।
  • (২০২১). বুধিনি. পেংগুইন হেমিশ হেমিল্টন। ছাৰাহ জোছেফৰ মালয়ালম উপন্যাস বুধিনিৰ ইংৰাজী অনুবাদ।
  • জৰ্জ ছিমেনোৰ মেগ্ৰে শৃংখলাৰ এখন উপন্যাসৰ তেওঁৰ অনুবাদ মাথৃভূমি বুকছৰপৰা প্ৰকাশ পাবলৈ গৈ আছে।১১
  • তেওঁ বৰ্তমান ক্ৰিছ ক্ৰাউছৰ কাল্ট নাৰীবাদী ক্লাছিক আই লাভ ডিক অনুবাদ কৰি আছে।১১

গল্প সংকলন

  • (২০১৪). কল্লিথাল্লাকল ভিএছ সিঙ্কাক্কুট্টিকল. কাৰেণ্ট বুকছ শিশু সাহিত্য।
  • (১ জানুৱাৰী ২০১০). ভেল্লিমীঞ্চাট্টম. ডি চি বুকছ শিশু সাহিত্য।
  • (২০০৫). পেংগুইনছ হু লষ্ট দ্য মাৰ্চ. যাঠি বুকছ১২

পুৰস্কাৰ আৰু সন্মান

  • ইটালীৰ লেখিকা এলেনা ফেৰাণ্টেৰ দ্য ডেজ অৱ বেণ্ডনমেণ্ট উপন্যাসৰ মালয়ালম অনুবাদ উপেক্ষিককপেটা ডিনাংগলৰ বাবে কেৰেলা সাহিত্য অকাডেমীৰ অনুবাদ বঁটা (২০২০)১৩
  • এছিড (মালয়ালম)ৰ এচিডৰ বাবে থোপ্পিল ৰবি বঁটা (২০১৭)৮
  • অপৰাকান্তিৰ বাবে মালয়ত্তুৰ বঁটা (২০১৫)১৪
  • নুৰানাদ হানিফ উপন্যাস বঁটা১৫

তথ্যসূত্ৰ

  1. ↑ (15 February 2019). എഴുത്തുകാര്‍ ആക്രമിക്കപ്പെടുന്നു; നാം ജീവിക്കുന്നത് ഭീതി ഒരു അനുഭവമായി നിലനില്‍ക്കുന്ന കാലത്ത്: സാറാ ജോസഫ്. azhimukham.com
  2. ↑ സംഗീത ശ്രീനിവാസന്‍. Mathrubhumi
  3. ↑ Sreenivasan, Sangeetha. (12 April 2021). Budhini (Acknowledgement). Penguin Random House India Private Limited. ISBN 978-93-90914-33-3
  4. ↑ Sangeetha Sreenivasan: Writing without fear. Vanitha
  5. ↑ Interview with Sangeetha Sreenivasan. Manorama Online
  6. ↑ Majumdar, Sonali. Review of Acid. Hindustan Times
  7. ↑ Meera, K. R. Review of Acid. The Hindu
  8. ↑ Chaudhuri, S. D. Review of Acid. The Telegraph India
  9. ↑ Sripathi, Apoorva. (8 September 2018). 'Acid': A hallucinatory novel that overturns traditional ideas of family and motherhood. Scroll.in
  10. ↑ Radhakrishnan, Rahul. മലയാളിയുടെ ആസ്വാദനശീലങ്ങളിൽ ഒരു ആസിഡ് പരീക്ഷണം. Indian Express Malayalam. The Indian Express
  11. ↑ (২০১৩-০৯-১৭). সংগীতা শ্ৰীনিবাসন - ৱৰ্ডছ আৰ ব্ৰিজেছ. jaipুৰ লিটাৰেচাৰ ফেষ্টিভেল
  12. ↑ Sangeetha Sreenivasan. www.platform-mag.com
  13. ↑ (17 August 2021). സേതുവിനും പെരുമ്പടവം ശ്രീധരനും സാഹിത്യ അക്കാദമി ഫെലോഷിപ്പ്. Malayalam News
  14. ↑ Malayattoor Award. The New Indian Express
  15. ↑ Daily, Keralakaumudi. നൂറനാട് ഹനീഫ് നോവൽ പുരസ്‌കാര സമർപ്പണം നാളെ. Keralakaumudi Daily

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকঅনুবাদকলেখিকাকেৰালাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংগীতা শ্ৰীনিবাসন” প্ৰবন্ধৰ সংশোধন ৫৮৩৪৯৩ (২৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।