অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চৰণকুমাৰ লিম্বালে

চৰণকুমাৰ লিম্বালে (Sharankumar Limbale; জন্ম: ১ জুন, ১৯৫৬) এগৰাকী মাৰাঠী ভাষাৰ লেখক, কবি আৰু সাহিত্য সমালোচক। তেওঁ ৪০ খনতকৈও অধিক কিতাপ লিখিছে। ১৯৮৪ চনত প্ৰকাশিত তেওঁৰ আত্মজীৱনী অক্কৰ্মাশী হৈছে তেওঁৰ আটাইতকৈ জনাজাত আৰু বহুপঠিত গ্ৰন্থ।

হালনাগাদ: ২৬ ডিচেম্বৰ ২০২৩ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

চৰণকুমাৰ লিম্বালে (Sharankumar Limbale; জন্ম: ১ জুন, ১৯৫৬) এগৰাকী মাৰাঠী ভাষাৰ লেখক, কবি আৰু সাহিত্য সমালোচক। তেওঁ ৪০ খনতকৈও অধিক কিতাপ লিখিছে। ১৯৮৪ চনত প্ৰকাশিত তেওঁৰ আত্মজীৱনী অক্কৰ্মাশী হৈছে তেওঁৰ আটাইতকৈ জনাজাত আৰু বহুপঠিত গ্ৰন্থ। অক্কৰ্মাশীক আন কেইবাটাও ভাৰতীয় ভাষাৰ লগতে ইংৰাজীলৈ অনুবাদ কৰা হৈছে। ইংৰাজী ভাষা অনুবাদটো অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছে দ্য আউটকাষ্ট নাম দি প্ৰকাশ কৰিছে।১

দলিত সাহিত্যৰ নান্দনিকতাক লৈ তেওঁ কৰা সাহিত্যিক সমালোচনাসমূহক (২০০৪) দলিত সাহিত্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামসমূহৰ ভিতৰত ঠাই দিয়া হয়। ইয়াত অনুমানতকৈ দলিত অনুভৱক (অভিজ্ঞতা) কেনেদৰে প্ৰাধান্য দিয়া উচিত সেই বিষয়ে আলোচিত হৈছে।

সংক্ষিপ্ত জীৱনী

১৯৫৬ চনৰ ১ জুনত, মহাৰাষ্ট্ৰৰ চোলাপুৰ জিলাৰ হেন্নুৰ গাঁৱত চৰণকুমাৰ লিম্বালেৰ জন্ম হৈছিল। তেওঁ কোলহাপুৰৰ শিৱাজী বিশ্ববিদ্যালয়ৰপৰা মাৰাঠী ভাষাত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছত, তেওঁ ‘মাৰাঠী দলিত সাহিত্য আৰু আমেৰিকান কৃষ্ণ সাহিত্য (American black literature) – এটা তুলনামূলক অধ্যয়ন’ বিষয়ত পি এইচ ডি কৰিছিল।

ড° চৰণকুমাৰ লিম্বালে নাচিকৰ যশৱন্তৰাও চাৱন, মহাৰাষ্ট্ৰ মুক্ত বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগত সহকাৰী সম্পাদক হিচাপে কামত সোমাইছিল, পিছত এই বিশ্ববিদ্যালয়ৰে অধ্যাপক আৰু সঞ্চালক হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰে।২

স্বীকৃতি

গ্ৰন্থপঞ্জী

  • অক্কৰ্মাশী (ইংৰাজী অনুবাদ: দ্য আউটকাষ্ট), ১৯৮৪; এইখন হৈছে তেওঁৰ ২৫ বছৰ বয়সত প্ৰকাশ হোৱা আত্মজীৱনী। সমালোচকৰ দ্বাৰা প্ৰশংসিত এই গ্ৰন্থখনে দলিত সাহিত্যত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে।৪
  • উদ্ৰেক
  • উপল্যা
  • অ’
  • গাইকুসাবাহেৰিল কথা
  • ঝুণ্ড
  • দংগল
  • দলিত আত্মকথা - এক আকলন
  • দলিত ব্ৰাহ্মণ
  • দলিত পট্‌থৰ
  • দলিত প্ৰেমকবিতা
  • দলিত সাহিত্য আনি সৌন্দৰ্য
  • দলিত সাহিত্যাচে সৌন্দাৰ্যশাস্ত্ৰ
  • পুনঃ অক্কৰ্মাশী
  • প্ৰজ্ঞাসূৰ্য্য; ড° বাবাচাহেব আম্বেদকাৰৰ জীৱনী
  • বহুজন

তথ্যসূত্ৰ

  1. ↑ Limbale, Sharankumar. (2003). The Outcaste. OUP. ISBN 0195665481
  2. ↑ (31 March 2021). Novelist Sharankumar Limbale selected for Saraswati Samman '20. Hindustan Times
  3. ↑ (31 March 2021). Novelist Sharankumar Limbale selected for Saraswati Samman '20. Hindustan Times
  4. ↑ Sahasrabuddhe, Vinay. (1 July 2021). Against 'award wapsi': What Marathi Dalit writer Sharankumar Limbale's acceptance of a prestigious literary prize says. Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকসৰস্বতী সন্মান বিজয়ীমহাৰাষ্ট্ৰৰ ব্যক্তিভাৰতীয় কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰণকুমাৰ লিম্বালে” প্ৰবন্ধৰ সংশোধন ৩৯৯০৮৩ (২৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।