অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অনুৰাধা ৰায়

অনুৰাধা ৰায় (Anuradha Roy) এগৰাকী ভাৰতীয় ঔপন্যাসিক, সাংবাদিক আৰু সম্পাদক। তেওঁ 'এন এটলাছ অৱ ইমপছিব'ল লঙিং' (২০০৮), 'দ্য ফল্ডেড আৰ্থ' (২০১১), 'শ্লিপিং অন জুপিটাৰ' (২০১৫) আৰু 'অল দ্য লাইভচ্‌ ৱুই নেভাৰ লিভড্‌' নামৰ চাৰিখন উপন্যাস লিখিছে।

হালনাগাদ: ১০ আগষ্ট ২০২৪ ৩৪২ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

অনুৰাধা ৰায় (Anuradha Roy) এগৰাকী ভাৰতীয় ঔপন্যাসিক, সাংবাদিক আৰু সম্পাদক। তেওঁ 'এন এটলাছ অৱ ইমপছিব'ল লঙিং' (২০০৮), 'দ্য ফল্ডেড আৰ্থ' (২০১১), 'শ্লিপিং অন জুপিটাৰ' (২০১৫) আৰু 'অল দ্য লাইভচ্‌ ৱুই নেভাৰ লিভড্‌' নামৰ চাৰিখন উপন্যাস লিখিছে।

সংক্ষিপ্ত জীৱনী

১৯৬৭ চনত, কলিকতাত ৰায়ৰ জন্ম হৈছিল। তেওঁৰ দেউতাক এজন ভূ-বিজ্ঞানী আছিল আৰু ৰায়ে তেওঁৰ শৈশৱৰ প্ৰাৰম্ভিক সময়খিনি দেউতাকৰ সৈতে ভাৰতৰ গাঁওসমূহত ক্ষেত্ৰ অধ্যয়ন কৰি কটাইছিল। অসুখৰ বাবে অৱসৰ লৈ দেউতাক যেতিয়া হায়দৰাবাদলৈ গ'ল, ৰায়ে তেতিয়া তেওঁৰ শৈশৱৰ বাকী সময়খিনি তাৰ ব্যক্তিগত স্কুলত অধ্যয়ন কৰি কটালে। প্ৰেচিডেন্সি কলেজত তেওঁ ইংৰাজী সাহিত্য অধ্যয়ন কৰিছিল, তাৰপিছত কলিকতা বিশ্ববিদ্যালয়ৰ সৈতে তেওঁ সংযুক্ত হয় আৰু কেব্ৰিজ বিশ্ববিদ্যালয়ৰ 'নিউ হল'ৰপৰা তেওঁ ইংৰাজীত দ্বিতীয়টো স্নাতক ডিগ্ৰী- 'দ্য ইংলিচ ট্ৰাইপজ' লাভ কৰে।১

ৰায় আৰু তেওঁৰ স্বামী, ৰুকুন আদৱানি ৰাণীখেতত থাকে।১২

কেৰিয়াৰ

লিখন

ৰায়ৰ প্ৰথমখন উপন্যাস 'এন এটলাছ অৱ ইমপছিব'ল লঙিং' ৰ প্ৰথম কেইটামান পেইজ লেখক আৰু প্ৰকাশক খ্ৰিষ্ট'ফাৰ মেকলিহ'জক দেখুৱাৰ পাছতে প্ৰকাশৰ ব্যৱস্থা হয় আৰু কিতাপখন ১৮টা ভাষালৈ অনূদিত হয়।১৩ ইয়াক 'ৱৰ্ল্ড লিটাৰেচাৰ টুডে'ৰ দ্বাৰা ভাৰতীয় আধুনিক সাহিত্যৰ ৬০খন অত্যাৱশ্যকীয় কিতাপৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।৪

তেওঁৰ দ্বিতীয়খন উপন্যাস, দ্য ফল্ডেড আৰ্থে 'ইকনমিষ্ট ক্ৰছৱৰ্ড প্ৰাইজ' লাভ কৰে আৰু বহুলভাৱে অনূদিত হয়।

'শ্লিপিং অন জুপিটাৰ', তেওঁৰ তৃতীয়খন উপন্যাস। কিতাপখনে দক্ষিণ এছীয় সাহিত্যৰ বাবে প্ৰদান কৰা 'ডি এচ চি প্ৰাইজ লাভ' কৰে আৰু বুকাৰ বঁটা বাবে নিৰ্বাচিত হয়।৫

তেওঁৰ চতুৰ্থখন উপন্যাস 'অল দ্য লাইভচ্‌ ৱুই নেভাৰ লিভডে্‌' ২০১৮ চনত কল্পকাহিনী শাখাত 'টাটা'ৰ বছৰটোৰ শ্ৰেষ্ঠ কিতাপ সম্মান লাভ কৰে আৰু ঐতিহাসিক কল্পকাহিনী বিভাগত 'ৱাল্টাৰ স্কট' বঁটাৰ মনোনয়ন লাভ কৰে।৬ ২০২০ চনত, 'ডাবলিন লিটাৰেৰী এৱাৰ্ড'ৰ বাবেও কিতাপখনে মনোনয়ন লাভ কৰিছিল।৭

তেওঁৰ ৰচনা আৰু সমালোচনাবোৰ ভাৰতৰ 'ইণ্ডিয়ান এক্সপ্ৰেছ', 'টেলিগ্ৰাফ', 'দ্য হিন্দু'; আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'অ'ৰিয়ন'; ব্ৰিটেইনৰ 'গাৰডিয়েন', 'দি ইক'ন'মিষ্ট' আদি বিভিন্ন কাকত আৰু আলোচনীত প্ৰকাশ হৈছে। শেহতীয়াকৈ 'জন ফ্ৰীমেন'ত তেওঁৰ লেখা প্ৰকাশ হৈছে।

প্ৰকাশন

ৰায়ে প্ৰথমতে নতুন দিল্লীৰ অ'ক্সফৰ্ড ইউনিভাৰচিটি প্ৰেছত অধিগ্ৰহণ সম্পাদক হিচাপে কাম কৰিছিল, কিন্তু 'অ ইউ পি'ৰ নিয়োগ নীতি সম্পৰ্কীয় বিবাদৰ পিছত চাকৰি এৰি দিছিল, যি ৰায় আৰু তেওঁৰ স্বামী ৰুকুন আদৱানিক প্ৰেছৰ একেটা বিভাগত কাম কৰাত বাধা দিবলৈ বিচাৰিছিল।১ ২০০২ চনত, আদৱানি আৰু ৰায়ে 'পাৰ্মেনেণ্ট ব্লেক' নামেৰে পাঠ্যক্ৰম ভিত্তিক সাহিত্যৰ এটি প্ৰকাশন কোম্পানি প্ৰতিষ্ঠা কৰে। ৰায় আছিল কোম্পানিটোৰ ডিজাইনাৰ।১৮ ৰায়ে আগতে কলিকতাৰ স্বাধীন প্ৰকাশন গোষ্ঠী 'স্ত্ৰী'ৰ সৈতে কাম কৰিছিল।৯

উপন্যাস

  • 'এন এটলাছ অৱ ইমপছিব'ল লঙিং' (২০০৮)
  • 'দ্য ফল্ডেড আৰ্থ' (২০১১)
  • 'শ্লিপিং অন জুপিটাৰ' (২০১৫)
  • 'অল দ্য লাইভচ্‌ ৱুই নেভাৰ লিভড্‌' (২০১৮)

বঁটা আৰু সম্মান

  • ২০১১ চনত, ইকন'মিষ্ট ক্ৰছৱৰ্ড বুক এৱাৰ্ড, ('দ্য ফল্ডেড আৰ্থ')১০১১
  • ২০১৬ চনত, ডি এচ ছি প্ৰাইজ ফ'ৰ ছাউথ এছিয়ান লিটাৰেচাৰ, ('শ্লিপিং অন জুপিটাৰ')১২
  • ২০১৯ চনত, টাটা বুক অৱ দি ইয়েৰ এৱাৰ্ড ফ'ৰ ফিকচন ২০১৮, ('অল দ্য লাইভচ্‌ ৱুই নেভাৰ লিভড্‌')

তথ্যসূত্ৰ

  1. ↑ Armitstead, Claire. (2018-07-16). Anuradha Roy: ‘Inequality in India has never been more catastrophic'. The Guardian
  2. ↑ Someshwar, Manreet Sodhi. Anuradha Roy: Past forward. Punch Magazine
  3. ↑ Jillian, Lara. (23 August 2011). 'An Atlas of Impossible Longing' Has Archeological Roots that Stretch into the Very Hills of Songarh. Pop Matters
  4. ↑ (2010). 60 Essential English-Language Works of Modern Indian Literature. World Literature Today
  5. ↑ (15 July 2015). Anuradha Roy's Sleeping on Jupiter makes it to Man Booker long list. DNA India
  6. ↑ (21 November 2018). HarperCollins, Anuradha Roy, Crabtree among Tata Literature Live award winners
  7. ↑ Doyle, Martin. International Dublin Literary Award: Anna Burns among eight women on shortlist. The Irish Times
  8. ↑ Permanent Black. Black.blogspot.com
  9. ↑ Interview - Anuradha Roy · Asia Literary Review. www.asialiteraryreview.com
  10. ↑ (19 October 2012). The Hindu's Aman Sethi bags award for A Free Man. The Hindu
  11. ↑ Shruti Dhapola. (19 October 2012). Anuradha Roy, Aman Sethi win at Economist-Crossword awards. Firstpost.com
  12. ↑ India, Press Trust of. (16 January 2015). Indian author Anuradha Roy wins USD 50,000 DSC Prize. Business Standard. Press Trust of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধা ৰায়” প্ৰবন্ধৰ সংশোধন ৪২৮৪৫৪ (১০ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।