কবিতা কেইন (Kavita Kané, জন্ম: ৫ আগষ্ট, ১৯৬৬) এগৰাকী ভাৰতীয় লেখক। পৌৰাণিক কল্পকাহিনী লেখক ৰূপে তেওঁ পৰিচিত।১ তেওঁৰ সকলো কিতাপ ভাৰতীয় পুৰাকথাৰ ওপৰত আধাৰিত। 'দ্য কৰ্ণ'চ ৱাইফ: দি আউটকাষ্ট কুইন' হ'ল তেওঁৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপ।২ তেওঁ পুনৰ কথনৰ এগৰাকী নতুন যুগৰ লেখক।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
মুম্বাইত জন্ম হৈ কবিতা পাটনা, দিল্লী আৰু পুনেৰ দৰে মহানগৰবোৰত ডাঙৰ-দীঘল হৈছিল। তেওঁ পুনাৰ ফাৰ্গাচন কলেজৰ মহিলা শিক্ষাৰ্থী আৰু পুনা বিশ্ববিদ্যালয়ৰপৰা কবিতাই ইংৰাজী সাহিত্য আৰু গণমাধ্যম, এই দুয়োটা বিষয়তে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। যদিও আৰম্ভণিতে তেওঁ প্ৰশাসনিক সেৱাত কাম কৰিব খুজিছিল, তেওঁ সাংবাদিকতাৰেহে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে; কাৰণ তেওঁ লিখিব খুজিছিল আৰু ইয়াৰ বাবে সাংবাদিকতা আছিল একমাত্ৰ বাস্তৱিক আৰু সংবেদনশীল কৰ্ম বিকল্প। বিশ বছৰ তেওঁ 'মেগনা পাব্লিকেচন', 'ডেইলি নিউজ এণ্ড এনালাইছিচ' আৰু 'দ্য টাইমছ অৱ ইণ্ডিয়া' আদিৰ দৰে বিভিন্নটা মিডিয়া হাউচত কাম কৰে। তেওঁৰ প্ৰথমখন উপন্যাস 'কৰ্ণ'চ ৱাইফ'ৰ সফলতাৰ পাছত তেওঁ পূৰ্ণকালীন লেখক হৈ উঠে।৪
'দ্য কৰ্ণ'চ ৱাইফ: দি আউটকাষ্ট কুইন'
'দ্য কৰ্ণ'চ ৱাইফ: দি আউটকাষ্ট কুইন' কিতাপখনত তেওঁ কৰ্ণৰ পত্নীক এক সাধাৰণ চৰিত্ৰ ৰূপে অংকন কৰিছে আৰু তেওঁৰ মুখেদি কৰ্ণৰ জীৱন বৃত্তান্ত বৰ্ণনা কৰিছে। 'দ্য হিন্দু' কাকতৰ এটি সাক্ষাৎকাৰত কবিতাই কয় যে, প্ৰথমে তেওঁ কৰ্ণৰ মাকৰ মুখেৰে এই কাহিনী বৰ্ণনা কৰিম বুলি ভাবিলেও পিছত জীৱন সংগীৰ মুখেদি কাহিনীটো বৰ্ণিত হ'লে বেছি ভাল হ'ব বুলি ভাৱে; কাৰণ পত্নীয়ে লগত থাকি প্ৰকৃত মানুহজনক দেখিছিল। পত্নীৰ চকুত কৰ্ণ কেৱল পতি নাছিল। তেওঁ আছিল এজন ৰাজনীতিজ্ঞ, এজন নায়ক, এগৰাকী যোদ্ধা, এগৰাকী নিন্দিত, বিৰোধপূৰ্ণ, জৰ্জৰিত মানুহ; দোষ-গুণেৰে পূৰ্ণ এটা দুখলগা মানৱ চৰিত্ৰ। তেওঁ কৰ্ণক প্ৰথম পুৰুষ ৰূপে লৈ উপন্যাসখন লিখাৰ পৰিকল্পনাও কৰিছিল। কিন্তু নিৰপেক্ষ নহ'ব বুলি ভাৱি এই পৰিকল্পনা পৰিহাৰ কৰে।৫
নিজৰ প্ৰথমখন উপন্যাস কবিতাই সীতাৰ ভণীয়েক আৰু লক্ষ্মণৰ পত্নী উৰ্মিলাক লৈ লিখিম বুলি ভাৱিছিল। কিন্তু সাহসৰ অভাৱৰ বাবে তেওঁ এই চিন্তা সিমানতে এৰে। কবিতা কেইনৰ মতে, পৌৰাণিক কাহিনীৰ পটভূমিত উপন্যাস লিখিবলৈ যথেষ্ট অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন।৫
ব্যক্তিগত জীৱন
তেওঁ সম্পূৰ্ণ শৈশৱ পাটনা, দিল্লী আৰু পুনাত তেওঁৰ মাক-দেউতাক আৰু বাই-ভনীৰ সৈতে পাৰ কৰিছিল। তেওঁ কৈছে যে, কেৱল তেওঁলোক পৰস্পৰেই নহয়, কিতাপো আছিল তেওঁলোকৰ পৰম মিত্ৰ। কবিতাৰ মতে তেওঁৰ দেউতাকৰ ব্যক্তিগত সংগ্ৰহত দহ হাজাৰতকৈও অধিক কিতাপ আছিল আৰু এইবোৰ নপঢ়াজনক আচহুৱা বা বিচিত্ৰ বুলি গণ্য কৰা হৈছিল। চিনেমা আৰু থিয়েটাৰৰ এগৰাকী একচেতীয়া প্ৰশংসক হিচাপে কবিতাৰ অনুৰাগ পঢ়া আৰু পৰিয়ালতে সীমিত আছিল।৬ প্ৰকাশ কেইন নামৰ এগৰাকী নৌসেনাৰ সৈতে বিয়া হৈ কবিতা তেওঁলোকৰ জীয়ৰী কিমায়া আৰু অমিয়া আৰু দুটা পোহনীয়া কুকুৰেৰে সৈতে পুনাত থাকে।
গ্ৰন্থপঞ্জী
- দ্য কৰ্ণ'চ ৱাইফ: দি আউটকাষ্ট কুইন
- সীতাজ চিষ্টাৰ
- মেনকাজ চইচ
- লংকাচ প্ৰিঞ্চেচ
- দ্য ফিচাৰ কুইনচ্ ডাইনেষ্টি
- অহল্যাজ এৱেকনিং
তথ্যসূত্ৰ
- ↑ Biswas, Ranjita. (2 April 2016). A relook at women in Indian mythology. Deccan Herald
- ↑ Rawat, Surabhi. (13 December 2016). "Mythology is not just our culture; it is a part of our daily existence". Times of India
- ↑ Palat, Lakshana. (5 January 2017). Lanka’s Princess: A book that attempts to humanise the demonic Surpanakha. Hindustan Times
- ↑ Deshpande, Rituparna Roy. (10 March 2014). A Day in the Life of.. Author Kavita Kané. iDiva
- ↑ R Krithika. (March 05, 2020). Through another pair of eyes: A chat with author Kavita Kane. The Hindu
- ↑ Bureau, Tehelka. (24 January 2015). ‘Each character in the epics is worth a book’. Tehelka
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিতা কেইন” প্ৰবন্ধৰ সংশোধন ৩৮০৩৫৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।