অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছাৰা জোচেফ

ছাৰা জোচেফ (জন্ম ১৯৪৬) এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু মালয়ালম ভাষাৰ চুটিগল্প লেখিকা। আলহায়ুদে পেনমককাল উপন্যাসৰ বাবে কেন্দ্ৰ সাহিত্য অকাডেমী বঁটা আৰু বায়ালাৰ বঁটা লাভ কৰে। কেৰালাৰ নাৰীবাদী আন্দোলনৰ নেত্ৰী আৰু কৰ্মী সংগঠন মানুষীৰ প্ৰতিষ্ঠাপক।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩৩৬ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ছাৰা জোচেফ (জন্ম ১৯৪৬) এগৰাকী ভাৰতীয় ঔপন্যাসিক আৰু মালয়ালম ভাষা ভাষাৰ চুটিগল্প লেখিকা। আলহায়ুদে পেনমককাল উপন্যাসৰ বাবে কেন্দ্ৰ সাহিত্য অকাডেমি বঁটা আৰু বায়ালাৰ বঁটা লাভ কৰে। কেৰালাৰ নাৰীবাদী আন্দোলনৰ নেত্ৰী আৰু কৰ্মী সংগঠন মানুষীৰ প্ৰতিষ্ঠাপক। ২০১৪ চনত আম আদমি পাৰ্টীত যোগদান কৰি ২০১৪ চনৰ সংসদ নিৰ্বাচনত ত্ৰিছুৰ লোকসভা সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল।

জীৱনী

ছাৰা জোচেফে ১৯৪৬ চনত কুৰিয়াচিৰাত, থ্ৰিছুৰ চহৰত, লুইছ আৰু কচুমাৰিয়মৰ ঘৰত এক ৰক্ষণশীল খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰে।১২ নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা অৱস্থাত ১৫ বছৰ বয়সতে তেওঁৰ বিবাহ সম্পন্ন হয়।৩ পাছলৈ তেওঁ শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰি বিদ্যালয় শিক্ষক হিচাপে পেছাগত জীৱন আৰম্ভ কৰে।২ পিছলৈ তেওঁ ব্যক্তিগত প্ৰাৰ্থী হিচাপে মালয়ালম ভাষা বিষয়ত স্নাতক (বি.এ.) আৰু স্নাতকোত্তৰ (এম.এ.) ডিগ্ৰী লাভ কৰে আৰু কেৰালাৰ মহাবিদ্যালয় সেৱাত যোগদান কৰে।২ তেওঁ পট্টাম্বিৰ সংস্কৃত ভাষা কলেজত মালয়ালমৰ অধ্যাপিকা হিচাপে কৰ্মৰত আছিল।২ চৰকাৰী সেৱাৰপৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ থ্ৰিছুৰ জিলাৰ মুলামক্কুন্নাথুকাভুত বসবাস কৰে। তেওঁৰ কন্যা সংগীতা শ্ৰীনিবাসনো এগৰাকী লেখিকা।৪

ছাৰা জোচেফ এগৰাকী সুপৰিচিত সমাজকৰ্মী আৰু নাৰীবাদী আন্দোলনৰ নেত্ৰী হিচাপেও পৰিচিত।৩৫ ১৯৮০ দশকত তেওঁ পট্টাম্বিৰ সংস্কৃত কলেজত “মানুষী” নামৰ নাৰী সংগঠন প্ৰতিষ্ঠা কৰে, য’ত তেওঁ মালয়ালম আৰু সাহিত্য পাঠদান কৰিছিল।৩ নিজৰ সংগঠনৰ জৰিয়তে তেওঁ বহুবছৰ ধৰি নাৰীৰ বিৰুদ্ধে সংঘটিত বিভিন্ন অপৰাধ—ধৰ্ষণ, পণপ্ৰথাজনিত মৃত্যু, মানৱ পাচাৰ আৰু যৌন দাসত্ব—ইত্যাদিৰ বিৰুদ্ধে আন্দোলন চলাইছিল।৩

২০১৪ চনৰ জানুৱাৰী মাহত তেওঁ আম আদমি পাৰ্টীত যোগদান কৰে,৫৬ আৰু ২০১৪ চনৰ লোকসভা নিৰ্বাচনত থ্ৰিছুৰ লোকসভা সমষ্টিৰপৰা প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে,৭ কিন্তু ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ চি. এন. জয়দেৱনৰ হাতত পৰাজিত হয়।

সাহিত্যিক জীৱন

তেওঁৰ সাহিত্যিক জীৱন আৰম্ভ হয় উচ্চ বিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ছোৱাত। তেওঁৰ বহু কবিতা মালয়ালম সাপ্তাহিক কাকত-আলোচনীত প্ৰকাশ পাইছিল। কবি সন্মিলনত নিজ কবিতা আবৃত্তি কৰাতো তেওঁ যথেষ্ট দক্ষ আছিল, যাক ভাইলোপ্পিল্লি শ্ৰিধৰ মেনন আৰু এডাশ্সেৰি গোবিন্দন নাইৰৰ দৰে কবিয়ে প্ৰশংসা কৰিছিল।৮

তেওঁ এখন উপন্যাস ত্ৰয়ী প্ৰকাশ কৰিছে, যাৰ ভিতৰত আছে আলহায়ুদে পেনমক্কল, মট্টাথি আৰু অথাপ্পু।৯১ অথাপ্পু ইংৰাজীলৈ ভালছন থাম্পুৱে ওথাপ্পু: দ্য চেণ্ট অৱ দ্য আদাৰ চাইড শীৰ্ষক নামে অনুবাদ কৰিছে।১০১১ তেওঁৰ উপন্যাস আলহায়ুদে পেনমক্কলৰ বাবে তেওঁ কেৰালা সাহিত্য অকাডেমী বঁটা, কেন্দ্ৰ সাহিত্য অকাডেমী বঁটা আৰু বায়ালাৰ বঁটা লাভ কৰে।৩১২ এই গ্ৰন্থখনে চেৰুকাড বঁটাও লাভ কৰে।১৩

তেওঁ ৰামায়ণ কথাকলৰ বাবে পৰিচিত, যি ৰামায়ণৰ এক পুনৰ্কথন।১৪ এই গ্ৰন্থখনৰ ইংৰাজী অনুবাদ অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰপৰা প্ৰকাশ পাইছে।১৫১৬১৭

২০১১ চনত তেওঁ পাপাথাৰা নামৰ চুটিগল্প সংকলনৰ বাবে মুট্টাথু ভাৰ্কেই বঁটা লাভ কৰে।৩১৮ তেওঁৰ চুটিগল্পসমূহৰ ইংৰাজী অনুবাদ সংকলন মাস্কিউলিন অৱ ‘ভাৰ্জিন’ ২০১২ চনত প্ৰকাশ পায়।১৯

তেওঁ ২০১১ চনত ঊৰু কাভল উপন্যাসৰ বাবে প্ৰথম অ’ ভি বিজয়ন সাহিত্য পুৰস্কাৰ লাভ কৰে। ২০১২ চনত তেওঁ পদ্মপ্ৰভা সাহিত্য বঁটা লাভ কৰে।২০

১০ অক্টোবৰ ২০১৫ তাৰিখে তেওঁ লেখকসকলৰ প্ৰতিবাদত অংশ লৈ ২০০৩ চনত লাভ কৰা সাহিত্য অকাডেমী বঁটা ঘূৰাই দিয়ে। তেওঁ কয় যে বৰ্তমান চৰকাৰৰ অধীনত ভয় আৰু স্বাধীনতাৰ অভাৱ বৃদ্ধি পাইছে আৰু লেখক হত্যাৰ ঘটনাত সাহিত্য অকাডেমীৰ নীৰৱতাক সমালোচনা কৰে।২১

নিৰ্বাচিত গ্ৰন্থসমূহ

চুটিগল্প

  • ৰক্তচন্দ্ৰন (দ্য ব্লাড-মুন)৯
  • দুখাভেল্লি (দ্য গুড ফ্ৰাইডে)৯
  • মনস্সিলে থী মাত্ৰম (১৯৭৩)
  • কাডিন্তে সংগীতম (১৯৭৫, চুটিগল্প সংকলন)
  • পাথালাপ্পাডিকাল (ষ্টেপ্‌ছ টু দ্য নেথাৰৱৰ্ল্ড)৯
  • পাপাথাৰা (দ্য গ্ৰাউণ্ড অৱ সিন)৯
  • প্ৰকাশিনিয়ুদে মাক্কল (প্ৰকাশিনীৰ সন্তানসকল)৯
  • দাম্পত্যম (ইন মাৰেজ)৯
  • ওডুভিলাথে সূৰ্যকান্তি
  • নীলাভু নিৰয়ুন্নু
  • পুথুৰামায়ণম
  • কাডিথু কাণ্ডায়ো কান্থা
  • নানমাথিনমকালুদে বৃক্ষম (চুটিগল্প সংকলন) (দ্য ট্ৰি অৱ নলেজ)১
  • ৰিটেলিং দ্য ৰামায়ণা: ভইচেছ ফ্ৰম কেৰালা, অনুবাদ: ভাসন্থী শংকৰনাৰায়ণন, অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ, ২০০৫
  • দ্য মাস্কিউলিন অৱ দ্য ভাৰ্জিন, অনুবাদ: জে. দেবিকা, অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ, ২০১৩
  • মালয়ালথিন্তে সুবৰ্ণকথাকাল – সাৰা জোছেফ (সাৰা জোছেফৰ ২৪টা নিৰ্বাচিত গল্পৰ সংকলন, গ্ৰীণ বুক্‌ছদ্বাৰা প্ৰকাশিত)

উপন্যাস

  • থাইকুলম
  • আলহায়ুদে পেনমক্কল (দ্য ডটাৰ্ছ অৱ আলাহা)৯১
  • মাট্টাথি (দ্য উওমেন-এনেমি)৯
  • ওথাপ্পু
  • ওথাপ্পু: দ্য সেণ্ট অৱ দ্য আদাৰ চাইড, অনুবাদ: ভালছন থাম্পু, অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ, ২০০৯৯
  • আথি২২
  • ঊৰু কাভল৯
  • আলোহৰি আনন্দম
  • বুধিনী
  • অটি (এ গিফ্ট অৱ গ্ৰীণ)৯২৩২৪

তথ্যসূত্ৰ

  1. ↑ Babu Paul, D. (19 July 2009). Cross Examination. Indian Express
  2. ↑ സാര ജോസഫിന് പുരസ്കാരം. Mathrubhumi
  3. ↑ Santhosh, K. (23 July 2012). Wider readership for Sarah Joseph's acclaimed stories. The Hindu
  4. ↑ (15 February 2019). എഴുത്തുകാര്‍ ആക്രമിക്കപ്പെടുന്നു; നാം ജീവിക്കുന്നത് ഭീതി ഒരു അനുഭവമായി നിലനില്‍ക്കുന്ന കാലത്ത്: സാറാ ജോസഫ്. azhimukham.com
  5. ↑ Binduraj, R. (30 January 2014). Sara Joseph: Voice of the voiceless. The Hindu
  6. ↑ Special Correspondent. (January 13, 2014). Sara Joseph joins AAP. দ্য হিন্দু
  7. ↑ Parsai, Gargi. (March 1, 2014). AAP fields author Sara Joseph against Chacko. দ্য হিন্দু
  8. ↑ Panjikaran, Mariamma. Sarah Joseph – A writer of women, for women. Government of Kerala
  9. ↑ Satchidanandan, K. (April 3, 2015). Finding her voice. Frontline
  10. ↑ (6 September 2009). Wages of freedom. The Hindu
  11. ↑ Veiled passions: 'Othappu' by Sarah Joseph and 'Amen' by Sister Jesme. himalmag.com
  12. ↑ (10 October 2004). Sarah Joseph bags Vayalar Award. The Hindu
  13. ↑ malayalam.oneindia.com/culture/2000/20001021sara
  14. ↑ Nagpaul, Dipti. (November 10, 2015). Our many Ramayanas: Feminist writer Sarah Joseph and her son Vinaykumar KJ retell the epic. The Indian Express
  15. ↑ (21 August 2005). Retelling the Ramayana. The Hindu
  16. ↑ Smith, Bonnie G. (2008). The Oxford Encyclopedia of Women in World History: Kaffka. Oxford University Press. পৃ. 570. ISBN 9780195148909
  17. ↑ (14 March 2006). Bridging cultures. The Hindu
  18. ↑ (28 April 2011). Sarah Joseph wins Muttathu Varkey Award. Malayala Manorama
  19. ↑ Santhosh, K. (July 23, 2012). Wider readership for Sarah Joseph's acclaimed stories. The Hindu
  20. ↑ (20 November 2012). Padmaprabha award for Sara Joseph. Kerala Women
  21. ↑ Koshy, Sneha Mary. (October 10, 2015). Another Writer Returns Award, Says, 'Not The Free India I Lived In'. NDTV
  22. ↑ K. Santhosh. (4 July 2011). Water of love seeps through. The Hindu
  23. ↑ Raju, Abupama. (3 December 2011). More than propaganda. The Hindu
  24. ↑ (October 13, 2011). Gift in Green: poem of land, beauty and pain. News18. CNN-IBN

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তিভাৰতীয় সাহিত্যিকলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰা জোচেফ” প্ৰবন্ধৰ সংশোধন ৬৩৯৭০৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।