অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কালিন্দী চৰণ পাণিগ্ৰাহী

কালিন্দী চৰণ পাণিগ্ৰাহী (ইংৰাজী: Kalindi Charan Panigrahi; ২ জুলাই ১৯০১ – ১৫ মে' ১৯৯১) এজন বিশিষ্ট ওড়িয়া কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু প্ৰবন্ধকাৰ। ‘সবুজ যুগ’ সাহিত্য-আন্দোলনৰ অন্যতম মুখ্য ধাৰাৰ সাহিত্যিক হিচাপে তেওঁ ওড়িয়া সাহিত্যত আধুনিক মনোভাব সাৰ্থকভাৱে প্ৰতিষ্ঠা কৰিছিল।

হালনাগাদ: ২ ডিচেম্বৰ ২০২৫ ৪৪৫ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

কালিন্দী চৰণ পাণিগ্ৰাহী (ইংৰাজী ভাষা: Kalindi Charan Panigrahi; ২ জুলাই ১৯০১ – ১৫ মে' ১৯৯১) এজন বিশিষ্ট ওড়িয়া ভাষা কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু প্ৰবন্ধকাৰ। ‘সবুজ যুগ’ সাহিত্য-আন্দোলনৰ অন্যতম মুখ্য ধাৰাৰ সাহিত্যিক হিচাপে তেওঁ ওড়িয়া সাহিত্যত আধুনিক মনোভাব সাৰ্থকভাৱে প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ প্ৰসিদ্ধ উপন্যাস ‘‘মাটিৰ মণিষ’’ ওড়িয়া সাহিত্যৰ আধুনিক যুগৰ অন্যতম উৎকৃষ্ট কৃতি বুলি পৰিগণিত হয়। সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ভাৰত চৰকাৰৰ পদ্মভূষণ আৰু সাহিত্য অকাডেমি বঁটা লাভ কৰিছে।

প্ৰাথমিক জীৱন

১৯০১ চনৰ ২ জুলাইত পুৰী জিলাৰ বিশ্বনাথপুৰত কালিন্দী চৰণ পাণিগ্ৰাহীৰ জন্ম হৈছিল৷ পিতৃ স্বপ্নেশ্বৰ পাণিগ্ৰাহী আৰু মাতৃ সৰস্বতী পাণিগ্ৰাহী। তেওঁৰ পিতৃ আছিল এজন অধিবক্তা আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ পঢ়া-শুনা কৰিছিল পুৰি জিলা স্কুলত৷ হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ কটকৰ ৰেভেনশ্ব কলেজত অধ্যয়ন কৰিছিল। এই সময়ছোৱাতে তেওঁ সাহিত্যিক জীৱন আৰম্ভ কৰিছিল।১২

সাহিত্যিক জীৱন

ৰেভেনশ্ব কলেজত পঢ়ি থকাৰ সময়ত তেওঁ "ননচেন্স ক্লাব" নামৰ এটা ক্লাবৰ প্ৰতিষ্ঠাপক আছিল। ক্লাবৰ সাহিত্যিক বন্ধুসকলৰ সৈতে তেওঁ “অবকাশ” নামৰ এখন হাতে লিখা আলোচনী প্ৰকাশ কৰে যিখন আলোচনীৰ নাম পিছলৈ “শক্তি সাধনা”লৈ সলনি কৰা হয়। তেওঁৰ কণিষ্ঠ ভাতৃ তথা ওড়িশাৰ মাৰ্ক্সবাদী ধাৰাটোৰ প্ৰতিষ্ঠাপক ভগৱতী চৰণ পাণিগ্ৰাহীয়ে ১৯২০ চনত "সবুজ সমিতি" নামৰ এটা গোট গঠন কৰে। তেওঁৰ দুগৰাকী সাহিত্যিক বন্ধু অন্নদাশঙ্কৰ ৰায় আৰু বৈকুণ্ঠ পট্টনায়কো সদস্য আছিল। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰোমান্টিক চিন্তাৰ দ্বাৰা তেওঁলোক প্ৰভাৱিত হৈছিল।৩ প্ৰমথ চৌধুৰীয়ে প্ৰকাশ কৰা বাংলা আলোচনী সবুজপত্ৰৰ পৰা অনুপ্ৰাণিত হৈ 'সবুজ' শব্দটো লাভ কৰিছিল। এই আন্দোলনৰ জীৱনকালত তেওঁ 'সবুজ কবিতা'ৰ বাবে সাতটা কবিতা ৰচনা কৰে। তেওঁৰ সেই সময়ৰ আন গুৰুত্বপূৰ্ণ গ্ৰন্থসমূহ হ’ল ‘ছুৰিটিএ লোডা’, ‘মো কবিতা’, ‘ক্ষণিক সত্য’।৪ ১৯৩০ চনৰ সময়ছোৱাত ওড়িয়া সাহিত্যত প্ৰগতিশীল মাৰ্ক্সবাদী আন্দোলন পূৰ্ণগতিত চলিছিল। পিছলৈ সাবুজ আন্দোলনে ওড়িয়াৰ প্ৰাগতি যুগ নামেৰে জনাজাত প্ৰগতিশীল আন্দোলনক ঠাই লয়। পিছলৈ কালিন্দী চৰণ পাণিগ্ৰাহীয়ে মোহনদাস কৰমচান্দ গান্ধী চিন্তাৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁৰ বিখ্যাত উপন্যাস “মাটিৰ মণিষ” ৰচনা কৰিছিল।

কিছুদিনৰ বাবে তেওঁ ইংৰাজী জাৰ্নেল, ভাঞ্জা প্ৰদীপ আৰু ময়ূৰভঞ্জ ক্ৰনিকলৰ সম্পাদক আছিল।

পৰিয়াল

১৯৩১ চনত তেওঁৰ জ্যেষ্ঠ কন্যা নন্দিনী শতপথীৰ জন্ম হয়, পিছলৈ যি ওড়িশাৰ মুখ্যমন্ত্ৰী হয়।৫

তেওঁৰ কনিষ্ঠ ভাতৃ ভগৱতী চৰণ পাণিগ্ৰাহী তেওঁৰ প্ৰপুত্ৰ সুপৰ্ণ শতপথী এজন বিখ্যাত স্তম্ভলেখক, এজন ৰাজনৈতিক নেতা আৰু এজন বঁটাপ্ৰাপ্ত সমাজ কৰ্মী যি এছ এন এছ এম টিৰ বৰ্তমানৰ অধ্যক্ষৰ লগতে ভাৰত চৰকাৰৰ পি এম এছ এ-ওড়িশাৰ চিডেভেণ্ট অধ্যক্ষ।

পুৰস্কাৰ আৰু সন্মান

১৯৭১ চনত তেওঁক সাহিত্য একাডেমীৰ ফেল’শ্বিপেৰে সন্মানিত কৰা হয়।৬ সেই বছৰতে ভাৰত চৰকাৰে তেওঁক পদ্ম ভূষণেৰে সম্বৰ্ধনা জনায়।৭ ১৯৭৬ চনত সম্বলপুৰ বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডি.লিট বঁটা প্ৰদান কৰে।

সাহিত্যকৃতি

কবিতা

  • যাদুঘৰ
  • পুৰী মন্দিৰ
  • মহাদীপ
  • আগামী
  • ক্ষণিক সত্য
  • মো কবিতা
  • ছুৰিটিএ লোডা
  • গান্ধাৰীৰ আশীৰ্বাদ
  • কিএ শল়া সইতান্
  • মো বাণী

উপন্যাস

  • মাটিৰ মণিষ (১৯৩১)
  • মুক্তাগড়ৰ ক্ষুধা (১৯৩২)
  • অমৰাচিতা (১৯৩৩)
  • লুহাৰ মণিষ (১৯৪৭)
  • আজিৰ মণিষ (১৯৫৭)

চুটিগল্প

  • মাংসৰ বিল়াপ
  • পঙ্গু
  • উপহাৰ
  • সাপুআ
  • সাগৰিকা
  • ৰুদ্ৰাক্ষ
  • দ্বাদশী
  • ৰাশিফল়
  • শেষ ৰশ্মী
  • মো কথা সৰিনাহিঁ..
  • মোট ৪৯টি গল্প

নাটক

  • পদ্মিনী
  • প্ৰিয়দৰ্শী
  • সৌম্যা

জীৱনী

  • ভক্তকবি মধুসূদন
  • কৰ্মবীৰ গৌৰীশঙ্কৰ

প্ৰবন্ধ

  • সাহিত্য সমাচাৰ
  • সাহিত্যিক
  • নেতৃত্ব ও নেতৃত্ব

আত্মজীবনী

  • যাহা অঙ্গে নিভেইছি

চলচ্চিত্ৰ

মৃণাল সেনৰ পৰিচালনাত নিৰ্মিত ওড়িয়া ছবি মাটিৰ মণিষ (১৯৬৬) তেওঁৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত।

আৰু চাওক

তথ্যসূত্ৰ

  1. ↑ Nayak, Subash. (August–September 2013). Kalandi Charan Panigrahi: A Story Teller of Eminence(1901-1991). Orissa Review. পৃ. 94–96
  2. ↑ Pāṇīgrāhī, K. (1976). Glimpses on Art and Literature, Orissa. Cuttack Students Store. পৃ. 101
  3. ↑ (2012). Kalindi Charana Panigrahi. orissadiary.com
  4. ↑ Paul, Padmaj. (2016-10-25). Aesthetic experience in Oriya poetry 1880 to 1947 a philosophical study of the major trends. Utkal University
  5. ↑ (2011). Smt. Nandini Satpathy Memorial Trust Odisha India. snsmt.org
  6. ↑ Sahitya Academy website – fellowship list
  7. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

ওড়িয়া কবিভাৰতীয় সাহিত্যিকঔপন্যাসিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালিন্দী চৰণ পাণিগ্ৰাহী” প্ৰবন্ধৰ সংশোধন ৫৬০৩২৮ (২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।