ভাৰতীয় সাহিত্যিক
২৪২ প্ৰবন্ধ
-
প্ৰতিভা ৰায়
প্ৰতিভা ৰায় (Pratibha Ray; ପ୍ରତିଭା ରାୟ) এগৰাকী ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ। ২০১১ বৰ্ষত তেওঁক ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয়। প্ৰতিভা ৰায়ৰ জন্ম হয় ১৯৪৩ চনৰ ২১ জানুৱাৰীত উৰিষ্যাৰ অবিভক্ত কটক জিলাত(বৰ্তমানৰ জগতসিঙপুৰ জিলা)।
-
বাণভট্ট
বাণভট্ট (সংস্কৃত: बाणभट्ट) সপ্তম শতিকাৰ এগৰাকী সংস্কৃত গদ্য সাহিত্যিক আৰু কবি আছিল। তেওঁ সম্ৰাট হৰ্ষবৰ্দ্ধনৰ কন্যাকুব্জ ৰাজসভাৰ ‘আস্থা কবি’ আছিল। বাণভট্টৰ প্ৰধান কৃতি হ’ল সম্ৰাট হৰ্ষবৰ্দ্ধনৰ জীৱনী হৰ্ষচৰিত আৰু বিশ্বসাহিত্যৰ প্ৰাচীনতম উপন্যাসসমূহৰ অন্যতম কাদম্বৰী।
-
ভোজ
ভোজ মৃত্যুৰ আগলৈকে, ১০১০ চনৰ পৰা ১০৫৫ চনলৈ মালৱা পৰমৰা ৰজা আছিল। তেওঁ ধৰা (বৰ্তমান ধৰ)ৰ পৰা শাসন কৰিছিল, আৰু নিজৰ ৰাজ্য বৃদ্ধিৰ প্ৰয়াসত প্ৰায় সকলো ওচৰ-চুবুৰীয়াৰ সৈতে যুদ্ধ কৰিছিল, বিভিন্ন মাত্ৰাত সফলতা লাভ কৰিছিল।
-
সুধা মূৰ্তি
সুধা মূৰ্তি (জন্ম: ১৯ আগষ্ট ১৯৫০) এগৰাকী ভাৰতীয় অভিযান্ত্ৰিক শিক্ষক, সমাজকৰ্মী আৰু লেখিকা। তেওঁ বৰ্তমান ইনফ'চিছ ফাউণ্ডেচনৰ অধ্যক্ষ আৰু মূলতঃ কানাড়া আৰু ইংৰাজী ভাষাত লিখা-মেলা কৰে। তেওঁ গেটছ ফাউণ্ডেচনৰ জনস্বাস্থ্য প্ৰকল্পৰ সদস্য।
-
ৰাস্কিন বণ্ড
ৰাস্কিন বণ্ড (Ruskin Bond; জন্ম ১৯ মে' ১৯৩৪) এজন ইংৰাজ মূলৰ ভাৰতীয় লেখক। ১৯৯২ চনত তেওঁ নিজৰ চুটিগল্পৰ সংকলন আৱাৰ ট্ৰিজ ষ্টিল গ্ৰ' ইন ডেহৰাৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। শিশু সাহিত্যৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে ১৯৯৯ চনত তেওঁ পদ্মশ্ৰী উপাধিৰে আৰু ২০১৪ চনত পদ্মভূষণ উপাধিৰে বিভূষিত হয়।
-
অক্কিতম অচ্যুতম নম্বুথিৰী
অক্কিতম অচ্যুতম নম্বুথিৰী (Akkitham Achuthan Namboothiri; জন্ম: ১৮ মাৰ্চ, ১৯২৬ – ১৫ অক্টোবৰ, ২০২০), এজন ভাৰতীয় কবি আৰু গদ্যকাৰ, যি মালয়ালম ভাষাত লিখা-মেলা কৰে। অক্কিতম তেওঁ লিখা সৰল আৰু আকৰ্ষক শৈলীৰ, প্ৰেম আৰু সহানুভূতি বিষয়ক লেখাবোৰৰ বাবে জনাজাত।
-
অনিতা দেশাই
অনিতা দেশাই, বা অনিতা মজুমদাৰ (জন্ম ২৪ জুন, ১৯৩৭) এগৰাকী ভাৰতীয় ঔপন্যাসিকা আৰু মাচাচুচেট্ছ ইন্ষ্টিটিউট অৱ টেক্ন'ল'জীৰ হিউমেনিটী বিষয়ৰ এমাৰিটা জন ই বুৰ্চাৰ্ড অধ্যাপিকা। লেখিকা হিচাপে তেখেত তিনিবাৰ বুকাৰ বঁটাৰ বাবে মনোনীত হৈছে।
-
অমিষ ত্ৰিপাঠী
অমিষ ত্ৰিপাঠী (Amish Tripathi) এজন ভাৰতীয় লিখক। তেওঁক মূলতঃ দ্য ইমৰ্টেলছ অফ মেলুহা, দ্য ছিক্ৰেট অফ দ্য নাগাজ আৰু দ্য অ'থ অফ দ্য বায়ুপুত্ৰজ উপন্যাসকেইখনৰ বাবে জনা যায়।
-
কপিলা বাৎসায়ন
কপিলা বাৎসায়ন জন্ম ১৯২৮ চনৰ ২৫ ডিচেম্বৰত। পিতাক ৰামলাল মালিক আৰু মাক সত্যৱতী মালিক। কলা সাহিত্যৰ সংগ্ৰামী সাধক কপিলা বাৎসায়ন একেৰাহে নৃত্য শিল্পী, অধ্যাপিকা আৰু সাহিত্যিক। ১৯৮২ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।
-
কামেশ্বৰ ব্ৰহ্ম
ড॰ কামেশ্বৰ ব্ৰহ্ম (জন্ম: ১ ছেপ্টেম্বৰ ১৯৪০) এগৰাকী ভাৰতীয় সাহিত্যিক তথা শিক্ষাবিদ। তেওঁ ২০০৮ চনৰ পৰা ২০১৭ চনলৈ বড়ো সাহিত্য সভাৰ সভাপতি আছিল। তেওঁ অসমৰ গোঁসাইগাঁও মহাবিদ্যালয়ৰ প্ৰাপ্তন অধ্যক্ষ আছিল। ১৯৪০ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে অসমৰ কোকৰাঝাৰ জিলাৰ ভুমুকা গাঁৱত তেওঁৰ জন্ম হৈছিল।
-
কে আৰ মীৰা
কে আৰ মীৰা (K. R. Meera; জন্ম: ১৯ ফেব্ৰুৱাৰী, ১৯৭০) হ'ল এগৰাকী ভাৰতীয় লেখক আৰু সাংবাদিক। তেওঁ মালয়ালম ভাষাত লিখা-মেলা কৰে। কেৰালাৰ কোল্লম জিলাৰ সস্তমকোট্টাত তেওঁৰ জন্ম হয়। 'মালায়লা মনোৰমা'ত তেওঁ সাংবাদিক হিচাপে কাম কৰিছিল, কিন্তু লেখা-মেলাত অধিক মনোনিৱেশ কৰিবৰ বাবে তেওঁ চাকৰিৰ পৰা পদত্যাগ কৰে।
-
কেদাৰনাথ সিং
কেদাৰনাথ সিং (Kedarnath Singh; জন্ম: ৭ জুলাই, ১৯৩৪ - মৃত্যু: ১৯ মাৰ্চ, ২০১৮) এজন ভাৰতীয় কবি। তেওঁ হিন্দী ভাষাত লিখে। তেওঁ এজন প্ৰসিদ্ধ সমালোচক আৰু প্ৰাৱন্ধিকো। ২০১৩ চনত তেওঁ জ্ঞানপীঠ বঁটা আৰু তেওঁৰ কাব্য সংকলন 'অকাল ম্যে সাৰস' (ক্ৰেইনচ্ ইন ড্ৰৱ্ট)ৰ বাবে হিন্দীত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
টিস্কা চোপ্ৰা
টিস্কা চোপ্ৰা (Tisca Chopra; জন্ম: ১ নৱেম্বৰ ১৯৭৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, লেখিকা আৰু চলচ্চিত্ৰ প্ৰযোজক। চোপ্ৰাই ৪৫খনতকৈও অধিক বৈশিষ্ট্যপূৰ্ণ হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে।
-
দেৱদত্ত পাটনায়ক
দেৱদত্ত পাটনায়ক (Devdutt Pattanaik; জন্ম: ১১ ডিচেম্বৰ, ১৯৭০) এজন ভাৰতীয় চিকিৎসক, বাণিজ্যিক পৰামৰ্শদাতা, কিংবদন্তিবিদ আৰু লেখক। তেওঁ প্ৰধানকৈ কিংবদন্তিমূলক আৰু ব্যৱস্থাপনাৰ বিষয়ে লিখে।
-
নয়নতৰা চেহগল
নয়নতৰা চেহগল (Nayantara Sahgal; জন্ম: ১০ মে' ১৯২৭) হ'ল এগৰাকী ভাৰতীয় লেখক, যি ইংৰাজী ভাষাত লেখা-মেলা কৰে। তেওঁ নেহৰু-গান্ধী পৰিয়ালৰ সদস্য। জৱাহৰলাল নেহৰুৰ ভগ্নী বিজয়লক্ষ্মী পণ্ডিতৰ তিনি গৰাকী জীয়ৰীৰ তেওঁ দ্বিতীয় গৰাকী।
-
বালামণি আম্মা
নালাপাত বালামণি আম্মা (Nalapat Balamani Amma; জন্ম: ১৯ জুলাই ১৯০৯ – মৃত্যু: ২৯ ছেপ্টেম্বৰ ২০০৪) মালয়ালম ভাষাৰ এগৰাকী ভাৰতীয় কবি। তেওঁ মহাদেৱী বৰ্মাৰ সমসাময়িক আৰু বিংশ শতিকাৰ বিখ্যাত আৰু বিশিষ্ট মালয়ালম কবিসকলৰ মাজৰ এগৰাকী আছিল।
-
মামাং দাই
মামাং দাই অৰুণাচল প্ৰদেশৰ ইটানগৰৰ নিবাসী এগৰাকী ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক। তেওঁ তেওঁৰ উপন্যাস দ্যা ব্লেক হিল-ৰ বাবে ২০১৭ চনত ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
শকুন্তলা দেৱী
শকুন্তলা দেৱী (Shakuntala Devi; ৪ নৱেম্বৰ ১৯২৯ - ২১ এপ্ৰিল ২০১৩) এগৰাকী ভাৰতীয় লেখিকা তথা মানৱ গণকযন্ত্ৰ। তেওঁ ‘মানৱ কম্পিউটাৰ’ নামে পৰিচিত। তেওঁৰ অসাধাৰণ গণন ক্ষমতাৰ বাবে তেওঁক ১৯৮২ চনত ‘গীনিছ বুক অব ৱৰ্ল্ড ৰেকৰ্ডচ্’ত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ এগৰাকী লেখিকা হিচাপে কেইবাখনো কিতাপ লিখিছে।
-
ৰঘুনাথ মুৰ্মু
পণ্ডিত ৰঘুনাথ মুৰ্মু (ᱨᱚᱜᱷᱩᱱᱟᱛᱷ ᱢᱩᱨᱢᱩ, ৫ মে' ১৯০৫ – ১ ফেব্ৰুৱাৰী ১৯৮২) এজন ভাষাতত্ত্ববিদ, লেখক, নাট্যকাৰ লগতে চাঁওতালি ভাষাত ব্যবহৃত অল চিকি লিপিৰ উদ্ভাৱক আছিল।
-
অনুৰূপা দেৱী
অনুৰূপা দেৱী (Anurupa Debi; ৯ ছেপ্তেম্বৰ ১৮৮২-১৯ এপ্ৰিল ১৮৫৮) এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী আছিল। দেৱী বঙালী সাহিত্যৰ প্ৰাৰম্ভিক পৰ্যায়ৰ মহিলা লেখকসকলৰ অন্যতম, যি গৰাকী ব্যক্তিয়ে যথেষ্ট প্ৰাধান্য আৰু জনপ্ৰিয়তা লাভ কৰিছিল।
-
আলি চৰ্দাৰ জাফ্ৰি
আলি চৰ্দাৰ জাফ্ৰি (Ali Sardar Jafri; জন্ম:২৯ নৱেম্বৰ, ১৯১৩ – ১ আগষ্ট, ২০০০) এগৰাকী উৰ্দু ভাষাৰ ভাৰতীয় লেখক। লগতে তেওঁ এগৰাকী কবি, সমালোচক আৰু চলচ্চিত্ৰীয় গীতিকাৰ ৰূপেও পৰিচিত।
-
ইস্মত চুগতাই
ইস্মত চুগতাই (Ismat Chughtai; ২১ আগষ্ট ১৯১৫ – ২৪ অক্টোবৰ ১৯৯১) এগৰাকী ভাৰতীয় উৰ্দু ঔপন্যাসিক, চুটিগল্প লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা আছিল। ১৯৩০-ৰ পৰা তেওঁ যৌনতা আৰু নাৰীত্ব, মধ্য শ্ৰেণীৰ সৌজন্য, আৰু জাতিগত শ্ৰেণী সংঘাতকে আদি কৰি বিভিন্ন সংবেদনশীল বিষয়ৰ ওপৰত প্ৰায়ে মাৰ্ক্সীয় আদৰ্শৰ দ্বাৰা প্ৰভাবিত…
-
উমাশংকৰ যোশী
উমাশংকৰ যোশী (Umashankar Jethalal Joshi; জন্ম:২১ জুলাই’ ১৯১১ - মৃত্যু: ১৯ ডিচেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় কবি, পণ্ডিত আৰু লেখক। গুজৰাটী সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক জনা যায়। তেওঁ গুজৰাটী ভাষাতে অধিকাংশ কাম কৰিছে।
-
এম. কে. বিনোদিনী দেৱী
মহাৰাজ কুমাৰী বিনোদিনী দেৱী চমুকৈ এম. কে. বিনোদিনী দেৱী (M. K. Binodini Devi, ৬ ফেব্ৰুৱাৰী ১৯২২ - ১৭ জানুৱাৰী ২০১১) এগৰাকী ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ। তেওঁ মণিপুৰ ৰাজপৰিয়ালৰ সদস্য আছিল। তেওঁৰ গ্ৰন্থ সমূহত কেৱল বিনোদিনী দেৱী নাম ব্যৱহাৰ কৰে।
-
কমলা ভাচিন
কমলা ভাচিন (Kamla Bhasin; জন্ম: ২৪ এপ্ৰিল, ১৯৪৬ - ২৫ ছেপ্টেম্বৰ ২০২১) হ'ল এগৰাকী ভাৰতীয় প্ৰগতিশীল নাৰীবাদী কৰ্মী, কবি, লেখক আৰু সমাজ বিজ্ঞানী। ১৯৭০ চনৰপৰা ভাচিনে লিংগ, শিক্ষা, মানৱ উন্নয়ন আৰু সংবাদ মাধ্যমক কামৰ ক্ষেত্ৰ হিচাপে বাচি লৈ কাম কৰি আহিছে। তেওঁ ভাৰতৰ নতুন দিল্লী নিবাসী আছিল।
-
কৃষ্ণা সোব্তি
কৃষ্ণা সোব্তি (Krishna Sobti; ১৮ ফেব্ৰুৱাৰী, ১৯২৫ – ২৫ জানুৱাৰী, ২০১৯) হ'ল এগৰাকী ভাৰতীয় হিন্দী ভাষাৰ সাহিত্যিক তথা প্ৰবন্ধকাৰ। সোব্তিক তেওঁৰ ১৯৬৬ চনৰ উপন্যাস 'মিত্ৰৌ মৰজানি'ৰ বাবে জনা যায়, য'ত বিবাহিত মহিলাৰ যৌনতাক সাহসিকতাৰে চিত্ৰন কৰা হৈছে।
-
চৰণ নাৰ্জাৰী
চৰণ নাৰ্জাৰী অসমৰ এগৰাকী ৰাজনৈতিক নেতা, অধ্যাপক আৰু লেখক আছিল৷ তেখেতেে ১৯৭২ আৰু ১৯৮৫ত অসম বিধানসভালৈ বিধায়ক ৰূপে নিৰ্বাচিত হৈ আহিছিল৷ ১৯৭৭ৰ লোকসভা নিৰ্বাচনত তেখেতে কোকৰাঝাৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল৷ অসমক ভৈয়াম জনজাতিসকলক, বিশেষকৈ বড়োসকলক প্ৰতিনিধিত্ব কৰা প্ৰথম ৰাজনৈতিক দল ভৈয়াম জনজাতি…
-
জয়কান্তন
ড. জয়কান্তন (Jayakanthan; জন্ম: ২৪ এপ্ৰিল, ১৯৩৪ – ৮ এপ্ৰিল, ২০১৫), জনপ্ৰিয় নাম: জেকে, হ'ল এগৰাকী ভাৰতীয় লেখক, সাংবাদিক, সু-বক্তা, চলচ্চিত্ৰ নিৰ্মাতা, সমালোচক আৰু সক্ৰিয় সমাজ-কৰ্মী।
-
টেমচুলা আও
টেমচুলা আও (Temsüla Ao) এগৰাকী কবি, গল্পকাৰ, লোকসংস্কৃতিৰ গৱেষক আৰু সাহিত্যিক। ২০১৩ চনত তেওঁ চুটিগল্প সংকলন Laburnum for My Head ৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁৰ লেখাসমূহ ইতিমধ্যে জাৰ্মান, ফৰাচী, অসমীয়া, বঙালী আৰু হিন্দী ভাষালৈ অনূদিত হৈছে।
-
তপন কুমাৰ প্ৰধান
তপন কুমাৰ প্ৰধান (জন্ম ১৯৭২) উৰিষ্যাৰ এজন ভাৰতীয় কবি, লেখক আৰু অনুবাদক। তেওঁ তেওঁৰ কবিতা সংকলন "কালাহাণ্ডি"ৰ বাবে সৰ্বাধিক জনাজাত যাক ২০০৭ চনত সাহিত্য অকাডেমীৰ সোণালী জয়ন্তী অনুবাদ বঁটাত কবিতাৰ বাবে দ্বিতীয় স্থান প্ৰদান কৰা হৈছিল।