অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শশী দেশপাণ্ডে

শশী দেশপাণ্ডে (Shashi Deshpande, জন্ম: ১৯৩৮) এগৰাকী ভাৰতীয় সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু ঔপন্যাসিক। তেওঁ সমকালীন ভাৰতীয় সাহিত্যৰ প্ৰখ্যাত ঔপন্যাসিকসকলৰ ভিতৰত এগৰাকী। দেশপাণ্ডে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক। ২০০৯ চনত তেওঁ ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ৩০২ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

শশী দেশপাণ্ডে (Shashi Deshpande, জন্ম: ১৯৩৮) এগৰাকী ভাৰতীয় সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু ঔপন্যাসিক। তেওঁ সমকালীন ভাৰতীয় সাহিত্যৰ প্ৰখ্যাত ঔপন্যাসিকসকলৰ ভিতৰত এগৰাকী।১ দেশপাণ্ডে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক। ২০০৯ চনত তেওঁ ভাৰত চৰকাৰৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা লাভ কৰে। পাশ্চাত্যৰ পঢ়ুৱৈসকলে তেওঁক অনিতা দেশাইৰ সৈতে একেশাৰীত ৰাখিছে।১ দেশপাণ্ডেৰ ৰাজনৈতিক ভাৱাদৰ্শ শক্তিশালী। তেওঁ এম এম কালবুৰ্গিৰ হত্যাৰ প্ৰতিবাদ স্বৰূপে সাহিত্য অকাডেমি বঁটা ওলোটাই দিছিল আৰু ভাৰতবৰ্ষত হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰো তেওঁ বিৰোধিতা কৰে।

সংক্ষিপ্ত জীৱনী

কৰ্ণাটকৰ দৰৱাৰত ১৯৩৮ চনৰ ১৯ আগষ্ট১ তাৰিখে শশী দেশপাণ্ডেৰ জন্ম হয়। কন্নড় অভিনেতা, নাট্যশিল্পী, সংস্কৃত পণ্ডিত তথা ঔপন্যাসিক আৰ ভি জাগিৰদাৰ১ আৰু তেওঁৰ পত্নী শাৰদা আদ্যৰ শশী দ্বিতীয় গৰাকী জী।২৩ জাগিৰদাৰে 'আদ্যা ৰংগচাৰ্য' আৰু 'শ্ৰীৰংগ' ছদ্মনামেৰে লিখা-মেলা কৰিছিল আৰু তেওঁৰ সাহিত্য সম্ভাৰ ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য ৰূপে সংৰক্ষিত হৈছে।১

শশী দেশপাণ্ডেই পঢ়া-শুনা কৰিছিল মুম্বাই আৰু বেংগালুৰুত। দেশপাণ্ডে আইন আৰু অৰ্থনীতিৰ স্নাতক আছিল। মুম্বাইৰ 'বিদ্যা ভৱন'ত তেওঁ সাংবাদিকতাৰ শিক্ষা গ্ৰহণ কৰিছিল আৰু ১৯৬৯-৭০ চনত প্ৰথম হৈ সাংবাদিকতাৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল।১ 'অনলুকাৰ' আলোচনীত তেওঁ কেইমাহমানৰ বাবে সংবাদিক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।৪

১৯৬২ চনত পেথ'ল'জিষ্ট ধীৰেন্দ্ৰ এইচ দেশপাণ্ডেৰ সৈতে তেওঁৰ বিবাহ হয়। বিবাহ সূত্ৰে শশী দুটি সন্তানৰ মাতৃ।১

১৯৭৮ চনত তেওঁৰ প্ৰথমখন চুটি গল্পৰ সংকলন আৰু ১৯৮০ চনত প্ৰথমখন উপন্যাস 'দ্য ডাৰ্ক হল্ডচ্‌ ন টেৰৰ' প্ৰকাশ পায়। ১৯৯০ চনত তেওঁ 'দ্য লং চাইলেন্স' উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে আৰু ২০০৯ চনত পদ্মশ্ৰী পায়।৫ ২০১৪ চনত তেওঁৰ উপন্যাস 'চেড' প্লে' 'হিন্দু লিটাৰেৰী প্ৰাইজ'ৰ বাবে তালিকা ভুক্ত হয়।৬

দেশপাণ্ডেই চাৰিখন শিশু গ্ৰন্থ, কিছু সংখ্যক গল্প আৰু নখন উপন্যাসৰ উপৰিও বহুতো প্ৰবন্ধ লিখিছে, যিবোৰ 'ৰাইটিং ফ্ৰম দ্য মাৰ্জিন এণ্ড আডাৰ এচেজ' সংকলনত সংকলিত হৈছে।

২০১৫ চনৰ ৯ অক্টোবৰত তেওঁ সাহিত্য অকাডেমিৰ সাধাৰণ পৰিষদৰ পদবীৰপৰা পদত্যাগ কৰে আৰু সাহিত্য অকাডেমি পদকটো ঘূৰাই দিয়ে। পদক ওভতাই দি তেওঁ এম এম কালবুৰ্গিৰ হত্যাকাণ্ড সম্পৰ্কত অকাডেমিৰ নিষ্ক্ৰিয়তা আৰু মৌনতাৰ প্ৰতিবাদ কৰে আৰু অন্য সাহিত্যিক সকলে কৰা বিৰোধত যোগদান কৰে।৭

২০১৮ চনৰ ৬ ডিচেম্বৰ তাৰিখে, নৱম গোৱা আৰ্ট আৰু সাহিত্য সন্মিলনৰ তেওঁৰ আদৰণি ভাষণত দেশপাণ্ডেই ভাৰতবাসীক হিন্দু ৰাষ্ট্ৰ এখন বিচৰাৰ পৰিণামৰ বিষয়ে ভাবিবলৈ আহ্বান জনায় আৰু লগতে ভাৰত-পাক বিভাজনৰ সময়ত হোৱা হিংসা আৰু নৰহত্যাৰ বিষয়ে স্মৰণ কৰে।৮

নিৰ্বাচিত গ্ৰন্থপঞ্জী

  • দ্য ডাৰ্ক হল্ডচ্‌ ন টেৰৰচ্‌, পেংগুইন বুকচ্‌, ইণ্ডিয়া (১৯৮০),
  • ইফ আই ডাই টুডে (১৯৮২)
  • কাম আপ অণ্ড বি ডেড (১৯৮৩)
  • ৰুটচ্‌ অণ্ড চেড'জ (১৯৮৩)
  • দ্য লং চাইলেন্স, পেংগুইন (১৯৮৯),
  • দ্য ইনষ্ট্ৰুচন এণ্ড আডাৰ ষ্টৰিজ (১৯৯৩)
  • আ মেটাৰ অৱ টাইম, দ্য ফেমিনিষ্ট প্ৰেছ (১৯৯৬),
  • দ্য বাইণ্ডিং ভাইন, দ্য ফেমিনিষ্ট প্ৰেছ (২০০২),
  • স্মল ৰেমিডিজ্‌, পেংগুইন ইণ্ডিয়া (২০০০),
  • মুভিং অন, পেংগুইন বুকচ্‌, ইণ্ডিয়া (২০০৪),
  • ইন দ্য কাণ্ট্ৰি অৱ ডিচিট, পেংগুইন/Viking (২০০৮),
  • চেড' প্লে, Aleph (২০১৩),
  • ষ্ট্ৰেঞ্জাৰচ্‌ টু আৱাৰচেল্ভচ্‌, হাৰ্পাৰকলিনচ্‌ (২০১৫),

শিশু গ্ৰন্থ সম্ভাৰ

  • আ চামাৰ এডভেন্সাৰ
  • দ্য হিডিন ট্ৰেজাৰ
  • দ্য অন্‌লি ৱিটনেচ
  • দ্য নাৰায়ণপুৰ ইঞ্চিডেণ্ট

স্মৃতি কথা

  • লিচন টু মি

সম্পাদিত ৰচনা

  • ৰাইটিং ফ্ৰম দ্য মাৰ্জিন এণ্ড আডাৰ এচেজ, পেংগুইন (২০০৩).

তথ্যসূত্ৰ

  1. ↑ Liselotte Glage. (19 August 2018). Shashi Deshpande. www.fembio.org
  2. ↑ Sharada Adya Rangacharya dead. Times of India
  3. ↑ T. M. J. Indra Mohan. (2004). Shashi Deshpande: A Critical Spectrum. Atlantic Publishers & Dist. পৃ. 191. ISBN 978-8126903092
  4. ↑ SAWNET: Bookshelf: Shashi Deshpande
  5. ↑ pib.nic.in/release/release.asp?relid=46983
  6. ↑ (5 October 2014). Here's the shortlist. The Hindu
  7. ↑ Raman, Anuradha. (9 October 2015). After Sashi Deshpande steps down, Akademi explains its silence. The Hindu
  8. ↑ (7 Dec 2018). Hope idea of Hindutva is rejected in upcoming polls: Author who returned Sahitya Award. The Goan Everyday

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিকইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শশী দেশপাণ্ডে” প্ৰবন্ধৰ সংশোধন ৬২৭৩৭৯ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।