চিত্ৰা মোদগল (Chitra Mudgal জন্ম: ১০ ডিচেম্বৰ ১৯৪৩) এগৰাকী ভাৰতীয় লেখিকা আৰু আধুনিক হিন্দী সাহিত্যৰ এগৰাকী আগশাৰীৰ সাহিত্যিক। তেওঁৰ উপন্যাস 'আৱান'ৰ বাবে ব্যাস সন্মান লাভ কৰিছিল আৰু এই সন্মান লাভ কৰা তে প্ৰথম ভাৰতীয় মহিলা।
২০১৯ চনত তেওঁক তেওঁৰ উপন্যাস 'পোষ্ট বক্স নং ২০৩, নালাচোপাৰা'ৰ বাবে হিন্দী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এই উপন্যাস খনৰ পটভূমি হৈছে মুম্বাইৰ উপকণ্ঠ অঞ্চল নালাচোপাৰাত বসবাস কৰা এগৰাকী ট্ৰান্সজেণ্ডাৰ আৰু তেওঁৰ হিজিৰা সমাজ।
ব্যক্তিগত জীৱন
১৯৪৩ চনৰ ১০ ডিচেম্বৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্ভুক্ত মাদ্ৰাজ প্ৰেচিডেন্সিৰ চেন্নাই চহৰত (বৰ্তমান চেন্নাই, তামিলনাডু) চিত্ৰা মোদগলৰ জন্ম হৈছিল।১ তেওঁ মুম্বাইত অৱস্থিত শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয়ৰ পৰা হিন্দী সাহিত্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ দেউতাকৰ ইচ্ছাৰ বিপৰীতে "চাৰিকা"ৰ প্ৰাক্তন সম্পাদক অৱধ নাৰায়ণ মোদগলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।২
সাহিত্য কৰ্ম
তেওঁৰ উপন্যাস 'আৱান'ত ট্ৰেড ইউনিয়ন আন্দোলনৰ জীৱন আৰু সেই সময়ৰ চিত্ৰায়ন কৰা হৈছে। দত্ত সামন্তৰ নেতৃত্বত প্ৰায় ৩,০০,০০০ শ্ৰমিকে মুম্বাই টেক্সটাইল মিলৰ এবছৰীয়া ধৰ্মঘট কৰিছিল আৰু ইয়াৰ অৱশেষত চহৰখনৰ ট্ৰেডমাৰ্ক উদ্যোগৰ পতন ঘটিছিল। এই ঘটনাকে পটভূমি হিচাপে লৈ তেওঁ উপন্যাসখন ৰচনা কৰিছিল। এই উপন্যাসখন সমালোচকসকলে সৰ্বসন্মতিক্ৰমে সাহিত্য কৰ্মৰ এক উৎকৃষ্ট কৃতি হিচাপে স্বীকাৰ কৰিছে। ইয়াক হিন্দী সাহিত্যত এক কালজয়ী উপন্যাস হিচাপে গণ্য কৰা হয়।
এজন প্ৰতিশ্ৰুতিবদ্ধ ট্ৰেড ইউনিয়ন নেতা শংকৰ গুহ নিয়োগীৰ হত্যাৰ পিছত তেওঁৰ উপন্যাস 'আৱান'ৰ কাহিনীৰ আৰম্ভ কৰা হৈছিল।৩ প্ৰকৃততে তেওঁৰ হত্যাৰ পিছত মুম্বাইৰ আন এজন জনপ্ৰিয় ইউনিয়নবাদী দত্ত সামন্তৰ হত্যা কাণ্ড সংঘটিত হয়। পৰৱৰ্তী সময়ত মধ্য প্ৰদেশৰ আন এজন শ্ৰমিক নেতা মইহাৰত নিহত হৈছিল।২
তেওঁ দত্ত সামন্তক নিজৰ পথপ্ৰদৰ্শক আৰু দাৰ্শনিক হিচাপে গ্ৰহণ কৰিছিল। সেয়ে তেওঁৰ হত্যায়ে তেওঁক "ভাঙি পেলাইছিল" আৰু তেওঁৰ উপন্যাস আৱানৰ আধাৰ হৈ পৰিছিল।২
তেওঁৰ অন্যতম উল্লেখযোগ্য উপন্যাস হৈছে 'পোষ্ট বক্স নং ২০৩ – নালা চোপাৰা'। এই উপন্যাসখনখনত ভাৰতীয় উপমহাদেশৰ ট্ৰান্সজেণ্ডাৰ সমূদায় হিজিৰাসকলৰ পটভূমিত ৰচনা কৰা হৈছে। উপন্যাসখনত এজন নপুংসক বিনয় ওৰফে বিন্নীয়ে নিয়মীয়াকৈ তেওঁৰ মাকলৈ ঠিকনাটো 'পোষ্ট বক্স নং ২০৩ – নালা চোপাৰা' উল্লেখ কৰি পত্ৰ প্ৰেৰণ কৰে। বাস্তৱ জীৱনৰ চৰিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত উপন্যাসখনে বিন্নীৰ অপমান, অস্থিৰতাৰ কাহিনীক আগুৱাই লৈ যায় আৰু তেওঁৰ চিঠিবোৰৰ মাজেৰে নিজৰ আকাংক্ষা প্ৰকাশ কৰে।
বঁটা আৰু সন্মান
চিত্ৰা মোদগলে হিন্দী সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। ২০০০ চনত তেওঁ উপন্যাস 'আৱান'ৰ বাবে ইন্দু শৰ্মা ইণ্টাৰনেচনেল কথা সন্মান লাভ কৰিছিল।১ ২০০৩ চনত তেওঁ একেখন উপন্যাসৰ বাবে বিৰলা ফাউণ্ডেচনৰ দ্বাৰা ব্যাস সন্মান কৰে আৰু এই সন্মান লাভ কৰা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হয়। ২০১৮ চনত তেওঁ তেওঁৰ উপন্যাস "পোষ্টবক্স নং ২০৩ - নালাচোপাৰা"ৰ বাবে হিন্দী ভাষা সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।৪
তথ্যসূত্ৰ
- ↑ Archived copy
- ↑ Swarup, Harihar. (5 December 2004). Chitra Mudgal: A rare writer in Hindi. The Tribune
- ↑ Admin. Download CV
- ↑ पोस्ट बॉक्स नं. 203-नाला सोपारा को लेकर लेखिका चित्रा मुद्गल ने खोले अहम राज. m.jagran.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰা মুদগল” প্ৰবন্ধৰ সংশোধন ৩৮০৮৩৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।