সুস্মিতা মংসাতাবম এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা যিয়ে প্ৰধানকৈ মেইতেই ভাষা (মণিপুৰী) ছবিত অভিনয় কৰে।১২ তেওঁ নৰ্থ পইণ্ট হাইয়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰাই স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। থাবাটন চিনেমাত মুখ্য অভিনেত্ৰী হিচাপে তেওঁ সুপৰিচিত।৩
কেৰিয়াৰ
তেওঁ তেৰ বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল, যেতিয়া তেওঁ অষ্টম শ্ৰেণীত পঢ়ি আছিল। পৰিয়ালৰ ভিতৰত তেৱেঁই একমাত্ৰ ব্যক্তি যিয়ে গায়ন-বায়ন আৰু অভিনয়ক পেছা হিচাপে গ্ৰহণ কৰে। চিনেমালৈ অহাৰ আগতে তেওঁ সংগীতৰ কেৰিয়াৰ গঢ় দিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ কিছু বিখ্যাত গীত হ'ল Noklunu Minokto Atoppa Canada, Ningjaba Mana Nungshiba Mana, Leiraroidara Khallui Taibangsida, Ningthou Machasu Kallakte। পিছলৈ মাকৰ প্ৰবল সমৰ্থনত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ প্ৰথমখন ছবি হৈছে চাহি তাৰামাৰী। কিন্তু ২০১৩ চনত বিজগুপ্ত লাইশ্ৰমৰ হিট ছবি থাবাটনত থাবাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ বেছি পৰিচিত আৰু জনপ্ৰিয় হৈ পৰিছিল।৪৫ ইয়াৰ পিছত তেওঁ কেইবাখনো ছবি নিৰ্মাণ কৰিছে। তেওঁৰ জনপ্ৰিয় ছবিসমূহৰ ভিতৰত ''লামফু টম্বা, অমুক্তা অনি, চৌ চৌ মোমো না হাওবাৰা শ্বিংজু বৰা না অইনাম্বৰা, হাইদোকপা যাদে, থাবাটন ২, আংগাংবা মায়েক (পিজ্জা ২) উল্লেখযোগ্য।
সন্মান
সুস্মিতা মংসাতাবম বিভিন্ন চলচ্চিত্ৰ বঁটা আৰু উৎসৱত সন্মানিত হৈছিল।
| বঁটা | শ্ৰেণী | চলচ্চিত্ৰ | তথ্যসূত্ৰ |
|---|---|---|---|
| ৭তম সাহিত্য সেৱা সমিতি MANIFA 2018 | সৰ্বশ্ৰেষ্ঠ প্লেবেক গায়িকা থাবুম কয়া ইয়ামলাকলে গীতৰ বাবে | খুত্চা আনি | ৬ |
| ৮তম সাহিত্য সেৱা সমিতি MANIFA 2019 | সৰ্বশ্ৰেষ্ঠ সহায়ক অভিনেত্ৰী | আমুক্তাং গা হৈখো | ৭ |
তথ্যসূত্ৰ
- ↑ Sushmita Mangsatabam - Movies, Biography, News, Age & ... in.bookmyshow.com
- ↑ Sushmita Mangsatabam Interview and profile - E-rang. e-pao.org
- ↑ Sushmita Mangsatabam - Kanglei Movies. kangleimovies.com
- ↑ Dy CM raises NE Film City in State banner: 06th oct14 ~ E-Pao! Headlines. e-pao.net
- ↑ থবাতোন - ২, শুমহৎয়াই পুব ফিল্ম অম. hueiyenlanpao.com
- ↑ 7th SSS MANIFA Manipuri Film Awards Complete Winners' List. www.manipurpost.com
- ↑ SSS Manipuri Film Award: Meitan Araba takes away top prizes: 12th feb19 ~ E-Pao! Headlines. e-pao.net
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুস্মিতা মংসাতাবম” প্ৰবন্ধৰ সংশোধন ৬৩৩৬৮৮ (৩১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।