মধুমিতা সৰকাৰ (ইংৰাজী: Madhumita Sarkar; জন্ম: ২৬ অক্টোবৰ ১৯৯৪) এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী। তেওঁ বোঝেনা সে বোঝেনা ধাৰাবাহিকত পাখি ঘোষ আৰু কুসুম দোলা ধাৰাবাহিকত১ ডক্তৰ ইমন মুখাৰ্জীৰ মুখ্য চৰিত্ৰত অভিনয় কৰি পৰিচিত হয়।
কেৰিয়াৰ
তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে৷ তেওঁ প্ৰধানকৈ টেলিভিছন ধাৰাবাহিক বোঝেনা সে ব'ঝেনাত "পাখি",২ কেয়াৰ কাৰি নাত "জুনি" আৰু কুসুম দোলাত "ইমন"ৰ চৰিত্ৰত অভিনয় কৰি পৰিচিত হয়। ইয়াৰ উপৰিও তেওঁ মডেলিঙো কৰিছে।
ব্যক্তিগত জীৱন
২০১৫ চনৰ জুলাই মাহত তেওঁ পৰিচালক, প্ৰযোজক, অভিনেতা সৌৰভ চক্ৰৱৰ্তীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩৪ ২০১৯ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।
পুৰস্কাৰ
- ষ্টাৰ জলসা পৰিবাৰ এৱাৰ্ড ২০১৫
- ষ্টাৰ জলসা পৰিবাৰ এৱাৰ্ড ২০১৬
তথ্যসূত্ৰ
- ↑ Center, Bollywood. (2020-10-29). Madhumita Sarkar Instagram Photos Age Height Info & Wiki. sFwFun
- ↑ Why is Pakhi of Bojhena Shey Bojhena called Dhopas Kumari? - Times of India. The Times of India
- ↑ Madhumita Sarkar Instagram Photos Age Height Info & Wiki. sfwfun
- ↑ Madhumita Sarkar (Bengali Actress) Height, Weight, Age, Boyfriend, Husband, Biography & More » StarsUnfolded. StarsUnfolded
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধুমিতা সৰকাৰ” প্ৰবন্ধৰ সংশোধন ৫৭৫০২৪ (৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।