অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মধু মনছুৰী হাছমুখ

মধু মনছুৰী হাছমুখ (জন্ম ৪ ছেপ্টেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় গায়ক, গীতিকাৰ আৰু কৰ্মী। পৃথক ৰাজ্য ঝাৰখণ্ডৰ আন্দোলনৰ বাবে তেওঁ কেইবাটাও নাগপুৰী গীত লিখি গাইছিল। ২০১১ চনত ঝাৰখণ্ড চৰকাৰে তেওঁক ঝাৰখণ্ড ৰত্ন বঁটা প্ৰদান কৰে। ২০২০ চনত তেওঁ কলা শাখাত পদ্মশ্ৰী বঁটা লাভ কৰে।

হালনাগাদ: ২৮ অক্টোবৰ ২০২৫ ১৮১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মধু মনছুৰী হাছমুখ (জন্ম ৪ ছেপ্টেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় গায়ক, গীতিকাৰ আৰু কৰ্মী। পৃথক ৰাজ্য ঝাৰখণ্ডৰ আন্দোলনৰ বাবে তেওঁ কেইবাটাও নাগপুৰী গীত লিখি গাইছিল। ১ ২ ২০১১ চনত ঝাৰখণ্ড চৰকাৰে তেওঁক ঝাৰখণ্ড ৰত্ন বঁটা প্ৰদান কৰে। ৩ ২০২০ চনত তেওঁ কলা শাখাত পদ্মশ্ৰী বঁটা লাভ কৰে। ৪

ব্যক্তিগত জীৱন

১৯৪৮ চনৰ ৪ ছেপ্টেম্বৰত ৰাঁচী জিলাৰ চিমিলিয়াত জন্মগ্ৰহণ কৰিছিল মধু মনছুৰী হাছমুখে৷ তেওঁৰ পিতৃৰ নাম আছিল আব্দুল ৰহমান মনছুৰী।৫ মধু মনছুৰীৰ মতে তেওঁৰ পূৰ্বপুৰুষ আছিল অৰাওন যিসকলে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তেওঁৰ বিয়া হৈছিল ছামিয়া ওৰাওৰ সৈতে।৩

কেৰিয়াৰ

হাছমুখ মেকনত অপাৰেটৰ আছিল৷ তেওঁ দেউতাকৰ পৰা পৰম্পৰাগত গীত শিকিছিল। শৈশৱৰ পৰাই তেওঁ গান গাবলৈ আৰম্ভ কৰিছিল। ১৯৬০ চনত বাৰ বছৰ বয়সত মঞ্চত প্ৰথম গীত গাইছিল। ১৯৬০ চনত তেওঁ শিষ্ট মঞ্চ প্ৰতিষ্ঠা কৰে আৰু তেওঁৰ প্ৰথম নাগপুৰী গীতৰ গ্ৰন্থ প্ৰকাশ পায়। ১৯৭২ চনত তেওঁ "নগপুৰ কৰ কোৰা" গীত ৰচনা কৰে। ১৯৯২ চনত ৰাম দয়াল মুণ্ডা আৰু মুকুন্দ নায়কৰ সৈতে টাইৱান ভ্ৰমণ কৰে।৫ তেওঁ পৃথক ঝাৰখণ্ড ৰাজ্যৰ বাবে আন্দোলনৰ বাবে কেইবাটাও নাগপুৰী গীত লিখিছিল আৰু গাইছিল।৩

বঁটা আৰু সন্মান

ঝাৰখণ্ড চৰকাৰে তেওঁক ঝাৰখণ্ড বিভুতি বঁটা প্ৰদান কৰে।৫ ২০১১ চনত ঝাৰখণ্ড চৰকাৰে তেওঁক ঝাৰখণ্ড ৰত্ন বঁটা প্ৰদান কৰে।৩ ২০২০ চনত তেওঁ কলাক্ষেত্ৰত পদ্মশ্ৰী বঁটা লাভ কৰে।৪

তথ্যসূত্ৰ

  1. ↑ Music video on displacement. telegraphindia
  2. ↑ मधु मंसूरी ने गाये झारखंड आंदोलन के सर्वाधिक गीत. livehindustan
  3. ↑ झारखंड: माई-माटी की लड़ाई में टूट चुके हैं मधु मंसूरी. bbc
  4. ↑ Padma Shri for Jharkhand’s Shashadhar Acharya and Madhu Mansuri Hasmukh. avenuemail
  5. ↑ (27 April 2019). नामचीन नागपुरी गायक-गीतकार मधु मंसूरी के गीत झारखंड आंदोलन में फूंकते थे जान. panchayatnama

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীলোকগীতগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধু মনছুৰী হাছমুখ” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৮৮ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।