অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুলোচনা চৱান

সুলোচনা মহাদেৱ কদম ( Sulochana Mahadev Kadam; ১৩ মাৰ্চ ১৯৩৩ – ১০ ডিচেম্বৰ ২০২২),এগৰাকী ভাৰতীয় গায়িকা। তেওঁ সুলোচনা চৱান নামেৰে জনাজাত কণ্ঠশিল্পী গৰাকী মাৰাঠী “লাৱণী”ৰ বাবে প্ৰখ্যাত।

হালনাগাদ: ৮ মাৰ্চ ২০২৫ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সুলোচনা মহাদেৱ কদম ( Sulochana Mahadev Kadam; ১৩ মাৰ্চ ১৯৩৩ – ১০ ডিচেম্বৰ ২০২২),এগৰাকী ভাৰতীয় গায়িকা। তেওঁ সুলোচনা চৱান নামেৰে জনাজাত কণ্ঠশিল্পী গৰাকী মাৰাঠী “লাৱণী”ৰ বাবে প্ৰখ্যাত।

অন্য বহু লাৱণীৰ ভিতৰত তেওঁৰ প্ৰসিদ্ধ লাৱণী কিছুমান হৈছে, "তুজ্য উছলা লাগাল কলহা", "পদৰৱৰ্তী জাৰতৰিচা" এই দুয়োটা মালহাৰী মাৰ্তাণ্ড (১৯৬৫) ছবিৰ; "সোলাৱা বাৰিশ ঢোক্যচা", "কাছা কায় পাটিল বৰা হায় কা?" দুয়োটা ছাৱাল মাঝা আইকা! (১৯৬৪) ছবিৰ। তেখেতে হিন্দী চলচ্চিত্ৰ আৰু এলবামৰ গীতসমূহো ৰেকৰ্ডিং কৰিছিল। তেওঁ হিন্দী ছবি আৰু এলবামৰ বাবে গীত ৰেকৰ্ডিং কৰিছিল। তেওঁৰ বিখ্যাত গীতসমূহৰ ভিতৰত আছে "চোৰী চোৰী আগ ছি দিল মেঁ লগে","উলফত জিছে কেহতে হ্যায়। জীনে কা সাহাৰা হ্যায়" আদি।

কৰ্মজীৱন

সুলোচনাই অতি কম বয়সতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।১ ছয়-সাত বছৰ বয়সত তেওঁ গৰৱাত কৃষ্ণৰ ৰূপত স্থানীয় নাটকত অংশ লৈছিল। পিছত গুজৰাটী থিয়েটাৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। উৰ্দু ভাষাৰ পাঠ লোৱাৰ লগতে হিন্দী-উৰ্দু নাটকতো তেওঁ কাম কৰিছিল। পাঞ্জাবী আৰু তামিল কিছুমান ছবিতো কাম কৰিছিল। মেকআপ আৰ্টিষ্ট শুভম দাণ্ডেকাৰে তেওঁক সংগীত পৰিচালক শ্যামবাবু পাঠকৰ সৈতে চিনাকি কৰাই দিছিল। মাকৰ সৈতে তেওঁ ভি শান্তৰামৰ ৰাজকমল ষ্টুডিঅ’লৈ গৈ গান গোৱাৰ পাঠ ল’বলৈ ধৰে। ১১ বছৰ বয়সত চৱানে পেছাদাৰীভাৱে গান গাবলৈ আৰম্ভ কৰে আৰু কৃষ্ণ সুদামা (১৯৪৭) ছবিখনত গীত গায়।২৩

১৯৬২ চনৰ ৰংগল্যা ৰাত্ৰি আশা ছবিখনৰ বাবে তেওঁ প্ৰথমটো লাৱণী গাইছিল, যাৰ সংগীত আছিল বসন্ত পাৱাৰৰ। গীত লিখিছিল জগদীশ খেবুদকাৰে। পিছলৈ চৱানে মাৰাঠী আৰু হিন্দী ছবিৰ জৰিয়তে বহুতো লাৱনী গোৱাৰ লগতে মঞ্চতো অভিনয় কৰে।৪

সন্মান

তথ্যসূত্ৰ

  1. ↑ Mate, Ganesh. (10 December 2022). लावणी सम्राज्ञी सुलोचना चव्हाण यांचे निधन; लावणीचा आवाज हरपला. Navarashtra
  2. ↑ (11 December 2022). ‘सांभाळ गं, सांभाळ दौलत लाखाची..’; ठसकेबाज आवाज अन् लावणीची नजाकत हरपली. Lokmat
  3. ↑ (24 December 2012). लावणीचे अस्तित्व हरवते आहे-सुलोचना चव्हाण. Lokmat
  4. ↑ (24 December 2012). लावणीचे अस्तित्व हरवते आहे-सुलोचना चव्हाण. Lokmat

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীসংগীত নাটক একাডেমী বঁটা বিজয়ীভাৰতীয় মঞ্চ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুলোচনা চৱান” প্ৰবন্ধৰ সংশোধন ৪৮৯২৪৪ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।