বিদূষী শশীকলা দানী (ವಿದೂಷಿ ಶಶಿಕಲಾ ದಾನಿ, Vidushi Shashikala Dani) হৈছে ভাৰতীয় হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ এগৰাকী জলতৰংগ বাদক। অল ইণ্ডিয়া ৰেডিঅ'-য়ে এ-গ্ৰেড সন্মান প্ৰদান কৰা ভাৰতৰ খুব কমসংখ্যক জলতৰংগ বাদকসকলৰ ভিতৰত শশীকলা দানী হৈছে অন্যতম।১২ তেখেতে জলতৰংগৰ বাহিৰেও হাৰমণিয়াম, তবলা, বেহেলা, দিলৰুবা, চিতাৰ পৰিৱেশন কৰিব জানে। হিন্দুস্তানী ধ্ৰুপদী সংগীতৰ অধীনস্থ 'গমকা' প্ৰকাৰৰ অন্তৰ্গত তেখেত এগৰাকী অল ইণ্ডিয়া ৰেডিঅ'-স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী।৩
সংক্ষিপ্ত জীৱনী
শশীকলাই কলা শাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু হোবাল্লীত বাস কৰিবলৈ লয়। তেখেতে ইয়াতেই শ্ৰী অৰুণ দানীৰ সৈতে বৈবাহিক জীৱন আৰম্ভ কৰে। অৰুণ দানী হৈছে সাংবাদিক টি.এছ.আৰ.বঁটাপ্ৰাপ্ত প্ৰয়াত শ্ৰী সুৰেন্দ্ৰ দানীৰ পুত্ৰ।৪তেওঁলোকৰ এটি পুত্ৰ সন্তান আছে। পুত্ৰ সুগনান দানী এগৰাকী সংগীতশিল্পী। ষ্টেট বেংক অৱ মায়ছোৰত তেত্ৰিশ বছৰ সেৱা আগবঢ়াই শশীকলা দানীয়ে এতিয়া জলতৰংগ শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছে।৫৬৭ তেখেতে সমান্তৰালভাৱে এই বাদ্যবিধৰ সংৰক্ষণ, বিকাশ আৰু প্ৰসাৰৰ বাবেও কাম কৰি আছে।৮
সাংগীতিক জীৱন
জলতৰংগ বাদ্যটিৰ দ্বাৰা অভিভূত হোৱা শশীকলা দানীয়ে এইবিধ বাদ্যৰ জৰিয়তেই ভাৰতীয় ধ্ৰুপদী সংগীতৰ জগতখনত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লয়।৯
জলতৰংগৰ লগত তেখেতে বহুকেইটা সম্পৰীক্ষা কৰে। শশীকলাই "গায়কী" আৰু "তন্ত্ৰাকাৰী অংগ"ৰ লগত ঘনিষ্ঠ হৈ পৰে।১০ ইয়াৰ প্ৰভাৱ তেখেতৰ বাদনশৈলীত প্ৰকাশিত হয়। তেখেত ভাৰতীয় ধ্ৰপদী সংগীতৰ গোৱালিয়ৰ ঘাৰানাত প্ৰশিক্ষিত। পৰৱৰ্তী সময়ত তেখেতে বহুকেইটা শৈলীৰ বিকাশ সাধন কৰিছে। তেখেতৰ বিশিষ্টতা হৈছে -"লয়কাৰী। "১১
বৰ্তমান সময়ত তেখেতে নতুন প্ৰজন্মক এইবিধ বাদ্যৰ লগত পৰিচয় কৰাই দিবৰ বাবে কিছুমান প্ৰয়াস হাতত লৈছে। তেখেতৰ সাংগীতিক প্ৰতিষ্ঠানখনৰ হৈছে স্বৰা নন্দা সংগীত বিদ্যালয়।
তেখেতে ভাৰতৰ বিভিন্ন ঠাইত আৰু বহুতো কলানুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰিছে। ২০১৭ চনত তেখেতে হাম্পী উৎসৱত তেখেতে অনুষ্ঠান পৰিৱেশন কৰে।১২ ২০১৭ চনত ৰাজস্থানৰ মাউণ্ট আবুত অনুষ্ঠিত হোৱা ব্ৰহ্মাকুমাৰীৰ সংগীতানুষ্ঠানত তেখেতে অনুষ্ঠান পৰিৱেশন কৰে। ২০১৬ চনত সোলাপুৰত আয়োজিত হোৱা সংগীত মহোৎসৱত শশীকলা দানীয়ে অনুষ্ঠান পৰিৱেশন কৰে।১৩১৪ ধাৰৱাড়ত আয়োজিত হোৱা ধাৰৱাড় উৎসৱত তেখেতে ২০০৬ আৰু ২০১৪ চনত দুবাৰকৈ অনুষ্ঠান পৰিৱেশন কৰাৰ আমন্ত্ৰণ লাভ কৰে।১৫ ২০১৪ চনত হুবলীত আয়োজিত হোৱা তৃতীয় কন্নড় সাহিত্য সন্মিলনীতো তেখেতে নিজৰ কলা প্ৰদৰ্শন কৰে। ২০১৩ চনত হুব্বাল্লীত আয়োজিত হোৱা ষ্টেট বেংক অৱ মায়ছোৰৰ এক অনুষ্ঠানত, ২০১৩ চনত বিজয়াপুৰত আয়োজিত ৭৯তম সৰ্বভাৰতীয় কন্নড় সাহিত্য সন্মিলনীত শশীকলা দানীয়ে অনুষ্ঠান পৰিৱেশন কৰে। ২০১২ চনত বাংগালোৰত আয়োজিত হোৱা 'Rare Instrumental Concert' নামৰ এক অনুষ্ঠানলৈ তেখেত নিমন্ত্ৰিত হয়।১৬
বঁটা আৰু স্বীকৃতি

- প্ৰসাৰ ভাৰতী, অল ইণ্ডিয়া ৰেডিঅ'ৰ তৰফৰ পৰা গমক সংগীতত "বি গ্ৰেড" স্বীকৃতি- ২০১৮ চনত।
- বীৰা ৰাণী কিট্টোৰ চেন্নাম্মা বঁটা-২০১৬ চনত।২১

- প্ৰসাৰ ভাৰতীৰ তৰফৰ পৰা জলতৰংগত "বি-হাই গ্ৰেড" সন্মান, ২০০২ চনত।
- "গায়ন গংগা" জীৱনজোৰা সাধনা বঁটা, ডা০ গংগুবাই হাংগালৰ পৰা, ২০০৯ চনত।২২

অনুষ্ঠানসমূহ
- হুবাল্লীৰ এছ.জে.এম.ভি.এছ. মহিলা কলেজত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ অনুষ্ঠান
- হুবাল্লীৰ বেংকাৰছ কলনী, ২০২০ চনত
- গাদাগ জিলাত ৰামকৃষ্ণ-বিবেকানন্দ আশ্ৰমৰ নৱৰাত্ৰি উৎসৱত, ২০১৯ চনত।
- ৪০তম সংগীত সম্মেলনা, ৰায়সুৰ জিলাত-২০১৯ চনত।২৩
- শিৱৰাত্ৰী উৎসৱ, সিদ্ধৰুধ মথ, ২০১৯ চনত
- 'সংগীত নৃত্যোসৱ', কৰ্ণাটক সংগীত নৃত্য একাডেমী, ২০১৯ চনত।
- কন্নড় সাহিত্য সম্মেলনা, ধাৰৱাড়, ২০১৯ চনত।
- সৰ্বভাৰতীয় সংগীত মহোৎসৱ, বিনায়ক তোৰভীৰ দ্বাৰা, ২০১৯ চনত।
- ৰাষ্ট্ৰীয় সংগীত মহোৎসৱ, কাৰকালা, ২০১৮ চনত
- কাদম্বোৎসত, ২০১৮ চনত।২৪
তথ্যসূত্ৰ
- ↑ ಪಿಂಗಾಣಿ ಬಟ್ಟಲುಗಳ ಆಟ - ಪ್ರಜಾವಾಣಿ. epaper.prajavani.net
- ↑ shashikala-dani-the-only-air-and-dd-recognised-classical-jaltarang-female-instrumentalist
- ↑ Prajavani E-Paper. epaper.prajavani.net
- ↑ (2006-12-20). Surendra Dani bags prestigious TSR award. www.oneindia.com
- ↑ Dalal, Roshen. (2017-08-23). India at 70: snapshots since Independence. Penguin Random House India Private Limited. ISBN 978-93-86815-37-8
- ↑ Reviews, Virtuous. Notable Jaltarang Artists. Virtuous Reviews
- ↑ (2017-12-27). Jalatarang ·. Hindu Scriptures · Vedic lifestyle, Scriptures, Vedas, Upanishads, Itihaas, Smrutis, Sanskrit.
- ↑ (2017-02-20). Meet the Artists Preserving Jalatarangam, the Ancient Art of Creating Music From Water Waves. The Better India
- ↑ (2017-07-28). Jaltarang in Film Music. Sunbyanyname
- ↑ Indian Music Glossary. culturalindia.net
- ↑ Jal Tarang: How Well Does It Irrigate The Classical Music Scenario?
- ↑ Jaltarang performance at Hampi Utsava - ಸಂಯುಕ್ತ ಕರ್ನಾಟಕ ಹುಬ್ಬಳ್ಳಿ
- ↑ Sangeet Mahotsav. epaperdivyamarathi.bhaskar.com
- ↑ 'Sangeet Mahotsav' organised at Bhandarakavate, Solapur. www.esanchar.co.in
- ↑ (2014-12-27). ಹುಬ್ಬಳ್ಳಿ - ಧಾರವಾಡ ಉತ್ಸವದಲ್ಲಿ ಇಂದಿನ ವಿಶೇಷ -Vijaykarnatka. Vijaykarnatka
- ↑ ನಗರದಲ್ಲಿ ಇಂದು, ನಾಳೆ (ಜ.28 ಶನಿವಾರ ಜ.29ಭಾನುವಾರ) - ಪ್ರಜಾವಾಣಿ. ಪ್ರಜಾವಾಣಿ
- ↑ ಕರ್ನಾಟಕ ಕಲಾಶ್ರೀ ಪ್ರಶಸ್ತಿ ಪ್ರಕಟ. ವಿಜಯವಾಣಿ - ದಿನಪತ್ರಿಕೆ
- ↑ 18 ಮಂದಿಗೆ ಕರ್ನಾಟಕ ಕಲಾಶ್ರೀ ಪ್ರಶಸ್ತಿ. ವಿಜಯ ಕರ್ನಾಟಕ - ದಿನಪತ್ರಿಕೆ
- ↑ 18 ಸಾಧಕರಿಗೆ ಸಂಗೀತ ನೃತ್ಯ ಅಕಾಡೆಮಿ ಪ್ರಶಸ್ತಿ. ಸಂಯುಕ್ತ ಕರ್ನಾಟಕ - ದಿನಪತ್ರಿಕೆ
- ↑ ಸಂಗೀತ ನೃತ್ಯ ಅಕಾಡೆಮಿ ಪ್ರಶಸ್ತಿ ಪ್ರಕಟ. ಕನ್ನಡಪ್ರಭ - ದಿನಪತ್ರಿಕೆ
- ↑ JALTARANG RECITAL PROGRAM By: Shashikala Dani Nov 30 · Institute Menezes Braganza Hall, Panaji, Goa - Picuki.com. www.picuki.com
- ↑ (3 March 2009). Gangubai to honour musicians. Times of India
- ↑ (2019-07-31). ಪಂಚಾಕ್ಷರಿ ಗವಾಯಿಗಳ ಪುಣ್ಯ ಸ್ಮರಣೆ: ಅಹೋರಾತ್ರಿ ಸಂಗೀತ. Prajavani
- ↑ (2018-01-29). ಬನವಾಸಿ ಉತ್ಸವ ರಸದೌತಣ. Vijaya Karnataka
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শশীকলা দানী” প্ৰবন্ধৰ সংশোধন ৬২৫৭২০ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।