সৰ্বেশ্বৰ ভোই (ইংৰাজী: Sarveshwar Bhoi; জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৮২) হ'ল এজন সম্বলপুৰী লোকগায়ক।১ ২ তেওঁ ২০১৪ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী সম্বলপুৰী চলচ্চিত্ৰ আদিম বিচাৰত লিক্ৰি ঝিক্ৰি আৰু লাল ঝৰ ঝৰ গীত গাইছিল।৩
চমু জীৱনী
১৯৮২ চনত কালাহাণ্ডী জিলাৰ নৰলাৰ খাৰপুৰ গাঁৱত তেওঁ জন্মগ্ৰহণ কৰিছিল। পিতৃৰ নাম পুৰুষোত্তম ভোই আৰু মাকৰ নাম পান ভোই। তেওঁ নৰলা পঞ্চায়ত সমিতি হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি ভৱানীপট্নাৰ চৰকাৰী স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷
২০০২ চনত স্নাতক ডিগ্ৰী লাভ কৰি থাকোঁতে মহাবিদ্য সাংস্কৃতিক প্ৰতিষ্ঠানত গায়ন-বায়ন প্ৰতিযোগিতাত জয়লাভ কৰে। ২০০৬ চনত তেওঁ প্ৰথমে গুৰু কৰুণাকৰ দাসৰ পৰা আৰু পিছলৈ গুৰু সন্তোষ কুমাৰ দাসৰ পৰা ওডিছি সংগীত শিকিছিল।৪
সৰ্বেশ্বৰৰ পত্নী বিষ্ণুপ্ৰিয়া গহীৰ এগৰাকী লোকশিল্পী। তেওঁৰ পুত্ৰৰ নাম ভোলেশ্বৰ ভোই।
পুৰস্কাৰ
সম্বলপুৰী লোকনৃত্য আৰু গায়ন-বায়নলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৭ চনত সংগীত নাটক অকাডেমীয়ে ৰছিদ বিছমিল্লা আলী খান যুৱপুৰাস্কৰ সন্মানেৰে সন্মানিত কৰিছিল।৫৬
- কেন্দ্ৰীয় সংগীত আৰু নাটক একাডেমী জুনিয়ৰ বৃত্তি
- কেন্দ্ৰীয় সংগীত আৰু নাটক একাডেমী ফেল'শ্বিপ
- কলিংগা আইকনিক বঁটা ২০১৮
- কোশল তাৰকা বঁটা।৭
- ২০১৭ চনত আলী খান যুৱ বঁটা (লোকনৃত্য আৰু গীত বিভাগৰ বিজয়ী)।৮
তথ্যসূত্ৰ
- ↑ Pioneer, The. CM hails K’handi as State’s green basket. The Pioneer
- ↑ bureau, Odisha Diary. (2018-09-28). Odisha Chief Minister Naveen Patnaik Inaugurates three Day Kalahandi Dialogue in Bhawanipatna. OdishaDiary
- ↑ Likri Jhikri (Full Song) - Sarbeswar - Download or Listen Free
- ↑ I was born to sing, dance: Sarbeswar - Orissa Post. DailyHunt
- ↑ Akademi prize for Sujata. www.telegraphindia.com
- ↑ sangeetnatak.gov.in/uploads/2018-19/PressReleaseUBYP2017-English.pdf
- ↑ (12 November 2018). SambadEpaper. https://sambadepaper.com/
- ↑ (2018-06-20). Sujata Mohapatra selected for Sangeet Natak Akademi award
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্বেশ্বৰ ভোই” প্ৰবন্ধৰ সংশোধন ৫৬৬৬৮৪ (৩০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।