মুখতিয়াৰ আলী ভাৰতৰ ৰাজস্থান ৰাজ্যৰ বিকানেৰৰ এজন লোকগায়ক ৷ তেওঁ মিৰাচীৰ অৰ্ধ যাযাবৰী সম্প্ৰদায়ৰ অন্তৰ্গত, যিসকলে চুফী সংগীতৰ মৌখিক পৰম্পৰাৰ বাবে পৰিচিত।১২ আলীৰ পৰিয়ালৰ বহু প্ৰজন্ম ধৰি চুফী সংগীতৰ লগত জড়িত।২ আলী কবীৰ আৰু মিৰাবাইৰ কবিতাৰ লগতে বুলেহ শ্বাহৰ দৰে চুফী কবিসকলৰ জনপ্ৰিয় কবিতাবোৰৰ গায়ক৷ তেওঁক কবীৰ প্ৰজেক্টে 'হাদ আনহাদ' চিনেমাখনৰ অংশ হিচাপে কভাৰ কৰিছিল, যাৰ পিছত তেওঁ বহুত জনপ্ৰিয়তা লাভ কৰিছিল। ২০০৭ চনৰ জুলাই মাহত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ অভিষেক ঘটে। মুখতিয়াৰ আলীয়েও তেতিয়াৰ পৰাই বহু চিনেমাৰ বাবে গান গাইছে। ফাইণ্ডিং ফেনী চিনেমাৰ বাবে গোৱা 'ফেনী ৰে' গীতটোৰ বাবে৩ ২০১৫ চনত শ্ৰেষ্ঠ সংগীত অভিষেকৰ জিমা বঁটা (GiMA Award for Best Music Debut) লাভ কৰে। তেওঁ মাথিয়াছ ডুপ্লেছিৰ সৈতে সহযোগিতা কৰি ছবিখনৰ বাবে সংগীত লিখিছিল।৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুখতিয়াৰ আলী” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৬৩ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।