অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেলেন (অভিনেত্ৰী)

হেলেন এন ৰিচাৰ্ডচন খান ( Helen Ann Richardson Khan, জন্ম: হেলেন এন ৰিচাৰ্ডচন, ২১ নৱেম্বৰ ১৯৩৮) এগৰাকী ভাৰতীয় বলীউডৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী, চমুকৈ যাক হেলেন নামেৰে জনা যায়। তেওঁ দুটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে আৰু ৭০০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৪০০ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

হেলেন এন ৰিচাৰ্ডচন খান ( Helen Ann Richardson Khan, জন্ম: হেলেন এন ৰিচাৰ্ডচন, ২১ নৱেম্বৰ ১৯৩৮) এগৰাকী ভাৰতীয় বলীউডৰ অভিনেত্ৰী আৰু নৃত্যশিল্পী, চমুকৈ যাক হেলেন নামেৰে জনা যায়। তেওঁ দুটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে আৰু ৭০০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।১ হেলেনক তেওঁৰ সময়ৰ সকলোতকৈ জনপ্ৰিয় নৃত্যশিল্পী বুলি কোৱা হয়।২ ২০০৯ত তেওঁক ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰীৰে সন্মানিত কৰা হয়।৩ তেওঁৰ জীৱন-কাহিনীৰে অনুপ্ৰাণিত হৈ চাৰিখনকৈ চলচ্চিত্ৰ নিৰ্মাণ আৰু এখন গ্ৰন্থ ৰচনা কৰা হৈছিল।৪ প্ৰবীন চলচ্চিত্ৰ নিৰ্মাতা তথা লেখক চালিম খান তেওঁৰ দ্বিতীয় স্বামী আছিল।৫

প্ৰাৰম্ভিক জীৱন

হেলেনৰ জন্ম ব্ৰিটিছ শাসিত ব্ৰহ্মদেশৰ ৰেঙ্গুনত এটা ইঙ্গ-ভাৰতীয় পৰিয়ালত, ১৯৩৮ৰ ২১ নৱেম্বৰত হৈছিল। তেওঁৰ দেউতাক আছিল ঈঙ্গ-ভাৰতীয় আৰু মাক ব্ৰহ্মদেশীয়।৬ দেউতাক আৰু মাকৰ নাম আছিল ক্ৰমে জৰ্জ ডেচমিয়েৰ আৰু মাৰ্লিন। ৰোজাৰ আৰু জেনিফাৰ তেওঁৰ ভায়েক আৰু ভনীয়েক আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ক দেউতাকৰ মৃত্যু হৈছিল। জাপান অধিকৃত ব্ৰহ্মদেশৰ পৰা পলাই তেওঁলোকে ১৯৪৩ চনত বোম্বেলৈ আহিছিল।৭ নাৰ্চৰ কাম কৰা মাকৰ দৰমহাৰে চাৰিজনীয়া পৰিয়ালটো চলাব নোৱাৰা হোৱাত তেওঁ স্কুল আধাতে এৰি দিয়ে। Queen of the Nautch girls শীৰ্ষক এখন তথ্যচিত্ৰত হেলেনে কয় যে ১৯৫৭ চনত ১৯ বছৰ বয়সত 'হাওৰা ব্ৰীজ' ছবিত তেওঁ প্ৰথম ডাঙৰ সুযোগ পাইছিল।৮

কৰ্মজীৱন

পাৰিবাৰিক বন্ধু তথা এজনী অভিনেত্ৰী কুকুৱে প্ৰথম হেলেনক বলীউডৰ সৈতে চিনাকি কৰাই দিছিল। কুকুৰ সহায়তে তেওঁ সাবিস্তান (১৯৫১) আৰু আৱাৰা (১৯৫১) ছবিত দলীয় নৃত্যশিল্পীৰ কাম পাইছিল। অতি সোনকালে তেওঁ আলিফ লাইলা (১৯৫৪) আৰু হুৰ-ই-আৰৱ ছবিৰ নৃত্যত এককভাবে ভাগ লবলৈ সুবিধা পালে। ময়ূৰপঙ্খীত (১৯৫৪) এজনী বাটৰ নাচনীৰ ভূমিকাত অৱতীৰ্ণ হৈছিল। শক্তি সামন্তৰ হাওৰা ব্ৰীজ ছবিৰ গীতা দত্তই কণ্ঠ দিয়া ‘মেৰা নাম চিন-চিন-চু’ গীতটোত অংশ লোৱাটো তেওঁৰ জীৱনৰ এক উল্লেখযোগ্য ঘটনা। ইয়াৰ পিছতে ১৯৬০ আৰু ১৯৭০ৰ দশকৰ ছবিৰ তেওঁ এক অবিচ্ছেদ্য অঙ্গ হৈ পৰিল। তেওঁ আনুষ্ঠানিকভাবে ১৯৮৩ত অৱসৰ লয় যদিও ইয়াৰ পিছতো ‘খামোচী’ (১৯৯৬), ‘মোহব্বতে’ (২০০০) আদি ছবিত অতিথি শিল্পীৰ ভূমিকা লোৱা দেখা গৈছে।

ব্যক্তিগত জীৱন

চালিম খানৰ সৈতে হেলেন, ২০১২
চালিম খানৰ সৈতে হেলেন, ২০১২ছবি: Bollywood Hungama · CC BY 3.0

হেলেনৰ প্ৰথম বিবাহ ১৯৫৭ চনত ‘দিল দৌলত দুনীয়া’ ছবিৰ পৰিচালক প্ৰেম নাৰায়ণ আৰোৰাৰ সৈতে হৈছিল। আৰোৰা বয়সত তেওঁতকৈ ২৭ বছৰে ডাঙৰ আছিল। ১৯৭৪ত দুয়োৰো বিবাহ-বিচ্ছেদ হয়।৯ ১৯৮১ত হেলেনে বলীউডৰ এজন শীৰ্ষস্থানীয় চিত্ৰনাট্যকাৰ চালিম খানক বিয়া কৰায়। খান ইতিমধ্যে বিবাহত আছিল আৰু পূৰ্বৰ পত্নীৰ ফালৰ পৰা চাৰিটা সন্তান আছিল। হেলেনৰ আটাইকেইজন সতিয়া সন্তানৰ সৈতে এক সু-সম্পৰ্ক আছে। হেলেনক প্ৰায়ে ৰাজহুৱা অনুষ্ঠানত খান আৰু তেওঁৰ প্ৰথমা পত্নীৰ সৈতে একেলগে দেখা যায়।১০

বঁটা আৰু সন্মান

উৎস

  • Jerry Pinto. (2006). Helen: The Life and Times of an H-Bomb. Penguin Books India. ISBN 978-0-14-303124-6

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Jerry Pinto. (1 March 2006). Helen: The Life and Times of an H-Bomb. Penguin Books India. ISBN 978-0-14-303124-6
  2. ↑ Mukherjee, Madhurita. (3 February 2003). Revamping Bollywood's sexy vamps. Times of India
  3. ↑ (2009-01-26). Helen, Ash, Akshay named for Padma Shri. Hindustan Times
  4. ↑ (17 April 2006). Helen. OutlookIndia
  5. ↑ Garoo, Rohit. (2016-10-04). Salim Khan Marriages: Two Marriages, Zero Regrets, One Happy Family. The Bridal Box
  6. ↑ (24 January 2008). I have no problems with the item no. santabanta.com
  7. ↑ (8 March 2012). Helen Upperstall profile. Upperstall.com
  8. ↑ (18 July 2011). Helen Richardson. liveindia.com
  9. ↑ m.imdb.com/name/nm0374974/trivia
  10. ↑ (25 July 2015). Salman Khan's heart-warming family story. Emirates 24/7
  11. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় নৃত্যশিল্পীফিল্মফেয়াৰ বঁটা বিজয়ীপদ্মশ্ৰী বঁটা বিজয়ীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেলেন (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৬৩৭৮৭৩ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।