অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আয়েশা টাকিয়া

আয়েশা টাকিয়া (Ayesha Takia; জন্ম ১০ এপ্ৰিল ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বলিউডত অভিনয় কৰে। ১৫ বছৰ বয়সত 'কমপ্লান'ৰ বিজ্ঞাপন আৰু তাৰ পাছত ফাল্গুনী পাঠকৰ গীতকে ধৰি কেইটামান মিউজিক ভিডিঅ'ত অভিনয় কৰাৰ পাছত টাৰজান: দ্য ৱণ্ডাৰ কাৰ বোলছবিৰে তেওঁ বলিউডত আত্মপ্ৰকাশ কৰে।

হালনাগাদ: ২৫ জুলাই ২০২৬ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আয়েশা টাকিয়া (Ayesha Takia; জন্ম ১০ এপ্ৰিল ১৯৮৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ বলিউডত অভিনয় কৰে। ১৫ বছৰ বয়সত 'কমপ্লান'ৰ বিজ্ঞাপন১ আৰু তাৰ পাছত ফাল্গুনী পাঠকৰ গীতকে২ ধৰি কেইটামান মিউজিক ভিডিঅ'ত অভিনয় কৰাৰ পাছত টাৰজান: দ্য ৱণ্ডাৰ কাৰ বোলছবিৰে তেওঁ বলিউডত আত্মপ্ৰকাশ কৰে। এইখন বোলছবিৰ বাবে তেওঁ ২০০৪ চনত ফিল্মফেয়াৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ সন্মান লাভ কৰে।৩ তেওঁৰ আন উল্লেখযোগ্য বোলছবিসমূহ হ'ল দ'ৰ (২০০৬), চলাম-এ-ইস্ক (২০০৭) আৰু ৱাণ্টেড (২০০৯)। ৱাণ্টেড হৈছে তেওঁৰ কেৰিয়াৰৰ আটাইতকৈ বেছি বাণিজ্যিকভাৱে সফল বোলছবি।৪

প্ৰাৰম্ভিক জীৱন

গুজৰাটী নৃগোষ্ঠীৰ আয়েশা টাকিয়াৰ জন্ম হয় ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত, তেওঁৰ পিতৃ হিন্দু আৰু মাতৃ মুসলিম আছিল।৫ তেওঁ এগৰাকী কেথলিক, চেম্বুৰৰ চেণ্ট এণ্ঠনী বালিকা উচ্চ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী আছিল।৬ ২০০৯ চনৰ ১ মাৰ্চত সমাজবাদী পাৰ্টিৰ নেতা আবু আজমীৰ পুত্ৰ ফাৰহান আজমীৰ সৈতে তেওঁৰ বিয়া হয়।৭ স্বামী ফাৰহান আজমীৰ সৈতে তেওঁ এটি সন্তানৰ মাতৃ।৮৯

চলচ্চিত্ৰ পুৰস্কাৰ

বৰ্ষচলচ্চিত্ৰচৰিত্ৰপুৰস্কাৰ
২০০৪টাৰজান: দ্য ৱণ্ডাৰ কাৰ | প্ৰিয়া ৰাকেশ কাপুৰ | ফিল্মফেয়াৰ শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰী শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ IIFA বঁটা ষ্টাৰ্চ চবচে ফেৱৰিট নয়ী হিৰ'ইন মনোনয়ন — প্ৰতিশ্ৰুতিসম্পন্ন নৱাগত অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা মনোনয়ন— শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ জী চিনে বঁটা |- | ২০০৪ |দিল মাংগে ম'ৰ | চগুণ | মনোনয়ন— প্ৰতিশ্ৰুতিসম্পন্ন নৱাগত অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা মনোনয়ন- শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ জী চিনে বঁটা |- | ২০০৫ | চুপাৰ | চিৰি ৱল্লি | মনোনয়ন— শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা - তেলুগু |- | ২০০৬ | ড’ৰ''মীৰাশ্ৰেষ্ঠ অভিনেত্ৰীৰ স্ক্ৰীণ বঁটা (সমালোচকৰ বঁটা) জী চিনে বঁটা - সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী শ্ৰেষ্ঠ অভিনেত্ৰী - বেংগল ফিল্ম জৰ্ণেলিষ্টচ এচ'চিয়েচন ষ্টাৰদাষ্ট শ্ৰেষ্ঠ সহ অভিনেত্ৰী

তথ্যসূত্ৰ

  1. ↑ Top 10 advertisements of all time. Times of India
  2. ↑ Ayesha Takia & Petty beauty in Falguni Pathak`s music album. Sulekha
  3. ↑ Ayesha Takia, Bollywood Actress. India Net Zone
  4. ↑ Box Office India 2009
  5. ↑ Darshan, Khullar. (25 February 2014). Pakistan: Our Difficult Neighbour and India's Islamic Dimensions. Vij Books India Pvt Ltd, 30 September 2014. পৃ. 106. ISBN 9789382652823
  6. ↑ Guhal, Kunal. (28 January 2017). Small talk with Ayesha Takia - Green Dame. The Times of India
  7. ↑ When Ayesha Takia was called insane for marrying Farhan Azmi at 23. India Today. Ist
  8. ↑ Ayesha Takia delivers a baby boy named Michael Azmi. Hindustan Times
  9. ↑ Press, Alive Caravan, Delhi. Ayesha Takia's son is the cutest thing you'll see today. The Caravan

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আয়েশা টাকিয়া” প্ৰবন্ধৰ সংশোধন ৬১৯৩৬৩ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।