জ্যোতিকা সাৰাৱানন (Jyothika Saravanan); জন্ম ১৮ অক্টোবৰ ১৯৭৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল ভাষা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে ৷১ ইয়াৰোপৰি তেখেতে তেলুগু ভাষা, মালয়ালম ভাষা, কন্নড় ভাষা, হিন্দী ভাষা ছবিত অভিনয় কৰিছে৷ জ্যোতিকাই এতিয়ালৈকে তিনিটা ফিল্মফেয়াৰ-দাক্ষিণাত্য, তিনিটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা, চাৰিটা দিনকৰণ বঁটা, আন্তৰ্জাতিক তামিল চলচ্চিত্ৰ বঁটাৰ লগতে একাধিক বঁটা-সন্মান, মনোনয়ন আৰু স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ তেখেত কালাইমামনি বঁটাৰো এগৰাকী প্ৰাপক৷ ২ দ্য টাইমছ অৱ ইণ্ডিয়াৰ মতে তেখেত দক্ষিণ ভাৰতৰ শ্ৰেষ্ঠ অভিনেত্ৰীসকলৰ অন্যতম৷ ৩৪
১৯৯৭ চনত মুক্তিপ্ৰাপ্ত হিন্দী ভাষাৰ চলচ্চিত্ৰ দোলী ছাজা কে ৰখনাৰ জৰিয়তে জ্যোতিকাই বলিউডত অভিষেক ঘটায় ৷ ছবিখনৰ পৰিচালক আছিল প্ৰিয়দৰ্শন ৷ আনহাতে ১৯৯৯ চনত মুক্তি লাভ কৰা ভাল্লি হৈছে তেখেতে অভিনয় কৰা প্ৰথমখন তামিল ভাষাৰ ছবি৷ ২০০৩ চনত জ্যোতিকাই প্ৰথমখন তেলেগু ভাষাৰ ছবি টাগোৰত অভিনয় কৰে ৷ তেখেতৰ বিপৰীত চৰিত্ৰত অভিনয় কৰিছিল চিৰঞ্জীৱিয়ে ৷ ভাল্লিৰ বাবে ১৯৯৯ চনত জ্যোতিকাই শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীৰ শিতানত প্ৰথমটো ফিল্মফেয়াৰ-দাক্ষিণাত্য বঁটা লাভ কৰে ৷ ৫ ২০০০ চনত জ্যোতিকাক কুশী নামৰ চলচ্চিত্ৰত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে শ্ৰেষ্ঠ তামিল অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰে সন্মানীত কৰা হয় ৷ তেখেতৰ আন কেইখনমান সফল আৰু সমাদৃত ছবিৰ নাম হৈছে পেৰাঝগান (২০০৪), চন্দ্ৰমুখী (২০০৫), মোঝী (২০০৭)৷ এইকেইখন ছবিয়ে তামিল ছবিৰ উদ্যোগত তেখেতৰ জনপ্ৰিয়তা বঢ়াই তোলে ৷
২০০৬ চনৰ ১১ ছেপ্টেম্বৰত জ্যোতিকাই তামিল ছবিৰ জনপ্ৰিয় অভিনেতা সুৰিয়াৰ লগত দাম্পত্য জীৱন আৰম্ভ কৰে আৰু ছবি উদ্যোগ সাময়িকভাৱে ত্যাগ কৰে ৷ সেইছোৱা সময়ত তেখেত কেৰিয়াৰৰ উচ্চস্থানত আছিল৷ ৬ সুৰিয়াৰ লগত জ্যোতিকাই সাতখন ছবিত অভিনয় কৰিছে ৷ ২০১৫ চনত জ্যোতিকাই ৩৬ ভায়াধিনিলে নামৰ ছবিখনৰ যোগেদি প্ৰত্যাৱৰ্তন কৰে, যিখন ছবিৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰ সমালোচকৰ বঁটা-শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে৷ ৭.৮৯ ইয়াৰ পিছত জ্যোতিকাই কেইবাখনো নাৰীকেন্দ্ৰিক ছবি মাগালিৰ মাট্টুম (২০১৭), নাচিয়াৰ (২০১৮), কাট্ৰিন মোঝি (২০১৮), ৰাটচাচি (২০১৯), পোনমগল ভান্ধাল (২০২০) আদি ৷ ১০১১
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন

জ্যোতিকাৰ পিতৃ এগৰাকী পাঞ্জাবী আৰু মাতৃ এগৰাকী মহাৰাষ্ট্ৰীয়ান৷ ১২১৩ তেখেতৰ পিতৃ চন্দেৰ ছাদানাহ এগৰাকী ছবি প্ৰযোজক আৰু মাতৃ হৈছে সীমা ছাদানাহ৷ অভিনেত্ৰী নাগমা তেখেতৰ অৰ্ধ-ভগ্নী৷
মুম্বাইৰ লাৰ্ণাছ একাডেমিৰ পৰা জ্যোতিকাই পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰে ৷ পৰৱৰ্তী সময়ত মুম্বাইতে থকা নিথিবাই কলেজৰ পৰা মনোবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে ৷
২০০৬ চনৰ ১১ ছেপ্টেম্বৰত জ্যোতিকাৰ অভিনেতা সুৰিয়াৰ সৈতে বৈবাহিক জীৱন আৰম্ভ হয় ৷ ১৪ দম্পতীটোৰ দুটি সন্তান আছে ৷ কন্যা সন্তা দিয়া (জন্ম-১০ আগষ্ট, ২০০৭)১৫ আৰু পুত্ৰ সন্তান দেৱ (জন্ম ৭ জুন ২০১০) ১৬
সমাজসেৱা
স্বামী সুৰিয়াৰ আগাৰাম সংস্থাৰ সৈতে সংযুক্ত হৈ জ্যোতিকাই ২০২০ চনৰ আগষ্ট মাহত থাঞ্জাভুৰ চৰকাৰী চিকিৎসালয়লৈ ২৫ লাখ টকাৰ বৰঙণি আগবঢ়ায়৷ ১৭ ইয়াৰ লগতে জ্যোতিকাই চিকিৎসা-সম্বন্ধীয় সঁজুলি আৰু বিচনাও যোগান ধৰে ৷ চিকিৎসালয়খনৰ অৱস্থা শোচনীয় বুলি মন্তব্য দিয়াৰ পাছত জ্যোতিকা সমালোচিত হৈছিল৷ ১৮
তথ্যসূত্ৰ
- ↑ (10 February 2006). Jyothika receives critical acclaim. Screen
- ↑ Kalaimamani Awards for 123 persons announced The Hindu, 15 February 2006
- ↑ Jyothika – Nayanthara to Samantha: Top heroines of Tamil cinema – The Times of India. The Times of India
- ↑ Dundoo, Sangeetha Devi. (7 March 2018). Superstars Inc: When women rule the roost in Indian cinema. The Hindu
- ↑ Best Debutants down the years... filmfare.com
- ↑ (9 September 2009). Jyothika Missed National Awards | News – General. Top 10 Cinema
- ↑ (8 June 2016). 63rd Filmfare Awards (Tamil): And The Nominees Are... Filmibeat
- ↑ (8 September 2009). Jo misses National Award by a whisker!. Sify.com
- ↑ Sangeetha Seshagiri (14 August 2014) Jyothika's Comeback: 'Mozhi' Actress to Star in 'How Old Are You' Remake. ibtimes.co.in
- ↑ Back to. (14 September 2017). Jyothika on why she chose to return with Magalir Mattum: 'For two years, no scripts excited me'- Entertainment News, Firstpost. Firstpost.com
- ↑ (8 September 2017). Jyothika will join the star cast of Mani Ratnam's film. The Indian Express
- ↑ (29 March 2016). "Suriya Never Stopped Me From Working Post Marriage," Says Jyotika. JFW
- ↑ (2 September 2010). A realistic touch. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (11 September 2006). Highlights of Suriya-Jyothika wedding. Behindwoods.com
- ↑ Settu Shankar. (20 August 2007). Bright light falls on Surya-Jyothika. One India
- ↑ Surya-Jyothika Son's name is Dev. chennai365.com (21 July 2010)
- ↑ Arockiaraj, D. Vincent. (8 August 2020). Jyothika: Actor Suriya's Agaram Foundation donates 25 lakh to Thanjavur hospital · Chennai News - Times of India. The Times of India
- ↑ (8 August 2020). Jyotika donates Rs 25 lakh and medical equipment to Tanjore government hospital. Hindustan Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতিকা” প্ৰবন্ধৰ সংশোধন ৫০৩৩৩০ (১১ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।