অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুধা মূৰ্তি

সুধা মূৰ্তি (জন্ম: ১৯ আগষ্ট ১৯৫০) এগৰাকী ভাৰতীয় অভিযান্ত্ৰিক শিক্ষক, সমাজকৰ্মী আৰু লেখিকা। তেওঁ বৰ্তমান ইনফ'চিছ ফাউণ্ডেচনৰ অধ্যক্ষ আৰু মূলতঃ কানাড়া আৰু ইংৰাজী ভাষাত লিখা-মেলা কৰে। তেওঁ গেটছ ফাউণ্ডেচনৰ জনস্বাস্থ্য প্ৰকল্পৰ সদস্য।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৬৯১ শব্দ · ৪ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সুধা মূৰ্তি (জন্ম: ১৯ আগষ্ট ১৯৫০) এগৰাকী ভাৰতীয় অভিযান্ত্ৰিক শিক্ষক, সমাজকৰ্মী আৰু লেখিকা। তেওঁ বৰ্তমান ইনফ'চিছ ফাউণ্ডেচনৰ অধ্যক্ষ আৰু মূলতঃ কানাড়া আৰু ইংৰাজী ভাষাত লিখা-মেলা কৰে। তেওঁ গেটছ ফাউণ্ডেচনৰ জনস্বাস্থ্য প্ৰকল্পৰ সদস্য।১২ তেওঁ কেইবাটাও অনাথ আশ্ৰম নিৰ্মাণ কৰাইছে আৰু গ্ৰামোন্নয়নত অৱদান আগবঢ়াইছে। তেওঁ কৰ্ণাটক চৰকাৰক প্ৰতিখন চৰকাৰী বিদ্যালয়ত কম্পিউটাৰ আৰু পুথি ভঁৰাল স্থাপন কৰিবলৈ সহায়তা প্ৰদান কৰিছিল। ইয়াৰ লগতে তেওঁ হাৰভাৰ্ড বিশ্ববিদ্যালয়ত 'মূৰ্তি ক্লাছিকেল লাইব্ৰেৰী'নামৰ পুথিভঁৰাল স্থাপন কৰিছে।৩৪৫ তেওঁ কৰ্ণাটকৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত কম্পিউটাৰ সংস্থাপন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক কম্পিউটাৰ শিক্ষায়ো প্ৰদান কৰিছিল। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৬ চনত সমাজ সেৱা শিতানত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে। ২০২৩ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰে।৬

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৫০ চনৰ ১৯ আগষ্ট তাৰিখে কৰ্ণাটকৰ জামাখান্দি অঞ্চলৰ চাভালাগিৰ দেশস্ত মাধৱা ব্ৰাহ্মণ পৰিয়ালত সুধা মূৰ্তিৰ জন্ম হৈছিল। তেওঁৰ পিতৃ শল্যচিকিৎসক ডাঃ আৰ.এইছ. কুলকাৰ্ণী আৰু মাতৃ বিমলা কুলকাৰ্ণী। তেওঁ পিতৃ -মাতৃ আৰু মাতৃৰ ফালৰ ককা আইতাকৰ লগত ডাঙৰ-দীঘল হৈছিল। পিছলৈ তেওঁ নিজৰ শৈশৱৰ অভিজ্ঞতাৰ পৰা হাউ আই টত মাই গ্ৰেণ্ডমাদাৰ টু ৰিদ, উৱাইছ এণ্ড আদাৰউৱাইছ এণ্ড আদাৰ ষ্টৰীজ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল।৭ তেওঁ বি.ভি.বি. অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (বৰ্তমান কেএলই প্ৰযুক্তি বিশ্ববিদ্যালয়) পৰা বৈদ্যুতিক অভিযান্ত্ৰিক শাখাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াত তেওঁ প্ৰথম বিভাগৰ প্ৰথম হোৱাৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পৰা সোণৰ পদক লাভ কৰিছিল। তাৰপিছত তেওঁ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ বিজ্ঞান বিভাগৰ পৰা অভিযান্ত্ৰিকবিদ্যাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ আকৌ প্ৰথম স্থান অধিকাৰ কৰাৰ বাবে ভাৰতীয় অভিযন্তা প্ৰতিষ্ঠানৰ পৰা সোণৰ পদক লাভ কৰে।৮

কৰ্মজীৱন

সুধা মূৰ্তি ভাৰতৰ আটাইতকৈ ডাঙৰ মটৰগাড়ী নিৰ্মাতা কোম্পানী টাটা ইঞ্জিনীয়াৰিং এণ্ড ল'ক'মটিভ কোম্পানীয়ে নিযুক্তি দিয়া প্ৰথম মহিলা অভিযন্তা। তেওঁ ইয়াত উন্নয়ন অভিযন্তা পদত নিযুক্তি লাভ কৰিছিল। প্ৰথমে তেওঁ পুনেত চাকৰিত যোগদান কৰিছিল যদিও পিছলৈ তেওঁ মুম্বাই আৰু জামছেদপুৰতো চাকৰি কৰিছিল। তেওঁ টাটাৰ অধ্যক্ষলৈ এই কোম্পানীত কেৱল পুৰুষক নিযুক্তি দিয়াৰ বাবে লিংগ বৈষম্যৰ অভিযোগ জনাই চিঠি লিখিছিল। ইছলৈ তেওঁৰ বাবে বিশেষ সাক্ষাৎকাৰ অনুষ্ঠিত কৰি তেওঁক নিযুক্তি দিয়া হৈছিল। পিছলৈ তেওঁ পুনেৰ ৱালচান্দ গ্ৰুপ অফ ইণ্ডাষ্ট্ৰীত চিষ্টেম এনালিষ্ট হিচাপে যোগদান কৰিছিল।

১৯৯৬ চনত তেওঁ ইনফ'চিছ ফাউণ্ডেচন আৰম্ভ কৰে আৰু বৰ্তমানলৈ তেওঁ ইয়াৰ ন্যাসৰক্ষী। এই ফাউণ্ডেচন বহুতো শিক্ষা আৰু স্বাস্থ্যৰ লগত জড়িত। এই ফাউণ্ডেচনৰ সহায়ত তেওঁ বানপানী প্ৰভাৱিত অঞ্চলত প্ৰায় ২,৩০০ টা ঘৰ নিৰ্মান কৰাইছে। তেওঁ প্ৰতিখন বিদ্যালয়ত এখনকৈ পুথিভঁৰালৰ সপোন দেখি এতিয়ালৈকে প্ৰায় ৭০,০০০ খন পুথিভঁৰাল স্থাপন কৰিছে। গ্ৰামাঞ্চলত অনাময় ব্যৱস্থাৰ উন্নয়নৰ বাবে তেওঁ ১৬,০০০ ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ কৰাইছে।

ইয়াৰ লগতে তেওঁ বেংগালুৰু বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক। তেওঁ খ্ৰীষ্ট বিশ্ববিদ্যালয়তো অধ্যপনা কৰিছিল।৯ তদুপৰি ট্ৰু কৰ্ণাটকৰ বিদ্যালয়সমূহত কম্পিউটাৰ শিক্ষাও প্ৰদান কৰিছিল। তেওঁৰ কেইবাখনো ইংৰাজী আৰু কানাড়া গ্ৰন্থ প্ৰকাশিত হৈছে। তাৰে ভিতৰত দুখন ভ্ৰমণ কাহিনী, দুখন প্ৰযুক্তি বিষয়ক, ছয়খন উপন্যাস আৰু তিনিখন শিক্ষামূলক গ্ৰন্থ। তেওঁৰ এখন কিতাপ হাউ আই টত মাই গ্ৰেণ্ডমাদাৰ চিবিএছই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। তেওঁৰ এখন উপন্যাস ডলাৰ চলেৰ আধাৰত জী টিভিয়ে 'ডলাৰ বহু' নামেৰে ধাৰাবাহিক নিৰ্মাণ কৰিছে।১০ তেওঁ মাৰাঠী ছবি পিতৃঋণ আৰু কানাড়া ছবি প্ৰাৰ্থনাত অভিনয়ো কৰিছে।

বঁটা আৰু সন্মান

এ পি জে আব্দুল কালামৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰা মুহূৰ্তত সুধা মূৰ্তি]]

সুধা মূৰ্তিয়ে বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা আৰু সন্মান লাভ কৰিছে। উল্লেখযোগ্য সমূহ হ'ল:

  • ১৯৯৫: শ্ৰেষ্ঠ শিক্ষক বঁটা, ৰটাৰী ক্লাৱ বেংগালুৰু
  • ২০০০: সাহিত্য আৰু সমাজসেৱাৰ 'কৰ্ণাটক ৰাজ্যোৎসৱ' ৰাজ্যিক বঁটা
  • ২০০১: 'উজস্বীনি বঁটা'
  • 'সহস্ৰাব্দ মহিলা শিৰোমণি বঁটা
  • ২০০৪: ৰাজা লক্ষ্মী বঁটা
  • ২০০৬: সাহিত্যৰ আৰ.কে নাৰায়ণ বঁটা
  • ২০০৬: ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী
  • ২০১১: সন্মানীয় এলএলডি ডিগ্ৰী১১
  • ২০১৯: ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,

কানপুৰৰ পৰা সন্মানীয় ডিএছচি ডিগ্ৰী১২

ব্যক্তিগত জীৱন

সুধা মূৰ্তিয়ে টেলক'ত তেওঁৰ সহযোগী অভিযন্তা এন.আৰ. নাৰায়ণমূৰ্তিৰ লগত পুনেত বিবাহপাশত আৱদ্ধ হয়।১৩ তেওঁলোকৰ দুগৰাকী সন্তান অক্ষতা আৰু ৰহণ মূৰ্তি। অক্ষতা তেওঁৰ ষ্টেণ্ডফৰ্ড বিশ্ববিদ্যালয়ৰ সহপাঠী ব্ৰিটিছ ভাৰতীয় ঋষি শুনাকৰ লগত বিবাহ কৰে।১৪

সাহিত্য কৰ্ম

সুধা মূৰ্তিয়ে ইংৰাজী ভাষাত ৰচনা কৰা শিশু-কিশোৰ উপযোগী গ্ৰন্থসমূহ হ’ল১৫-

  • How the Onion Got its Layers
  • How the Sea Became Salty
  • How the Earth Got its Beauty
  • How I Taught My Grandmother to Read and Other Stories
  • The Magic Drum and Other Favourite Stories
  • Grandma's Bag of Stories
  • Grandparents' Bag of Stories
  • The Bird with Golden Wings
  • The Magic of the Lost Temple
  • The Serpent's Revenge: Unusual Tales from the Mahabharata
  • The Man from the Egg: Unusual Tales about the Trinity
  • The Upside-Down King: Unusual Tales about Rama and Krishna
  • The Daughter from a Wishing Tree: Unusual Tales about Women

in Mythology

  • The Sage With Two Horns: Unusual Tales from Mythology
  • The Sudha Murty Children's Treasury
  • How the mango got its magic
  • The magic of the lost temple

তথ্যসূত্ৰ

  1. ↑ Ratan Tata, Rahul Dravid on Gates Foundation board . tata.com (15 July 2003). Retrieved on 8 December 2011
  2. ↑ Gates Foundation's AIDS initiative launched. The Hindu (6 December 2003). Retrieved on 8 December 2011
  3. ↑ Sudha Murthy: Humility personified. Business-standard.com (23 January 2011). Retrieved on 8 December 2011
  4. ↑ Vinita Chaturvedi (18 October 2011) I'm enjoying my acting stint: Sudha Murthy . Times of India
  5. ↑ Home | The Murthy Classical Library of India. Murtylibrary.com. Retrieved on 31 May 2013
  6. ↑ (26 January 2023). Sudha Murthy conferred with Padma Bhushan; Kiran Mazumdar-Shaw reacts. www.hindustantimes.com/
  7. ↑ About Mrs. Narayan Murthy. Nipun.charityfocus.org (10 February 1978). Retrieved on 8 December 2011
  8. ↑ Sudha Murthy | The Woman Behind | Narayan Murthy Wife . Living.oneindia.in (17 August 2011). Retrieved on 8 December 2011
  9. ↑ Presenting Harmony's silvers – sparkling lives, success stories, accounts of endurance, courage, grit and passion. harmonyindia.org
  10. ↑ Arshiya Kapadia (30 September 2001) The million-dollar name behind Dollar Bahu. Tribuneindia.com. Retrieved on 8 December 2011
  11. ↑ Santosh Hegde, Sudha Murthy to be conferred honorary doctorate. Deccanherald.com. 1 March 2010
  12. ↑ Indian Institute of Technology Kanpur 52nd Convocation. IIT Kanpur 52nd convocation
  13. ↑ JRD's words inspired me in philanthropy: Sudha Murthy . tata.com (23 October 2002). Retrieved on 8 December 2011
  14. ↑ Raggi Mudde (1 October 2007) The Philanthropist and Infoscion – Sudha Murty. Karnataka.com. Retrieved on 31 May 2013
  15. ↑ Murty, Sudha. (2022). How the mango got its magic. Penguin Random House. পৃ. Information page. ISBN 9780143447078

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতীয় অভিযন্তাভাৰতীয় অভিনেত্ৰীভাৰতীয় শিক্ষাবিদভাৰতীয় সাহিত্যিকপদ্মশ্ৰী বঁটা বিজয়ীবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুধা মূৰ্তি” প্ৰবন্ধৰ সংশোধন ৬৩২৫৬৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।