অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কীৰ্তি কুলহাৰী

কীৰ্তি কুলহাৰী (Kirti Kulhari) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ কীৰ্তিয়ে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ ২০০২ চনত মুক্তিপ্ৰাপ্ত উড়িয়া ভাষাৰ ছবি ধৰিণীৰ জৰিয়তে কীৰ্তিয়ে অভিনয়ৰ জগতত পদাৰ্পণ কৰে৷ ২০১০ চনত কীৰ্তিয়ে খিচিড়ী:দ্য মুভি নামৰ হিন্দী ছবিখনত অভিনয় কৰে৷ এইখনেই হৈছে তেখেতে…

হালনাগাদ: ২ জুন ২০২৪ ৩৯৯ শব্দ · ২ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

কীৰ্তি কুলহাৰী (Kirti Kulhari) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ কীৰ্তিয়ে সাধাৰণতে হিন্দী ভাষা ভাষাৰ ছবিত অভিনয় কৰে৷ ২০০২ চনত মুক্তিপ্ৰাপ্ত উড়িয়া ভাষাৰ ছবি ধৰিণীৰ জৰিয়তে কীৰ্তিয়ে অভিনয়ৰ জগতত পদাৰ্পণ কৰে৷ ২০১০ চনত কীৰ্তিয়ে খিচিড়ী:দ্য মুভি নামৰ হিন্দী ছবিখনত অভিনয় কৰে৷ এইখনেই হৈছে তেখেতে অভিনয় কৰা হিন্দী ভাষাৰ প্ৰথমখন ছবি৷ ২০১১ চনত কীৰ্তিক শেইটান ছবিত দেখা যায়৷ ১ পৰৱৰ্তী সময়ত কীৰ্তিয়ে বহুকেইখন সফল আৰু সমাদৃত ছবি; পিংক (২০১৬), উৰি:দ্য ছাৰ্জিকেল ষ্ট্ৰাইক (২০১৯) আৰু মিছন মংগল (২০১৯)ত অভিনয় কৰে৷ ২০১৯ চনত অভিনয় কৰা দুয়োখন ছবিয়েই সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবিৰ তালিকাভূক্ত হয়৷২

ব্যক্তিগত জীৱন

১৯৮৫ চনৰ ৩০ মে'ত কীৰ্তিৰ ৰাজস্থানৰ ঝুনঝুনুত জন্ম হয়৷ অৱশ্যে কীৰ্তি প্ৰতিপালিত হয় মুম্বাইতহে৷ ৩ ২০১৬ চনত কীৰ্তিয়ে শাহীল ছেহগালৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে৷৪৫

কীৰ্তিৰ পিতৃ খায়ালী ৰাম কুলহাৰী হৈছে এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় নৌসেনা বিষয়া আৰু মাতৃ শ্ৰৱাণী কুলহাৰী এগৰাকী গৃহিণী৷কীৰ্তিয়ে মুম্বাইৰ কেজি ছোমায়া কলেজৰ পৰা সাংবাদিকতা আৰু গণমাধ্যম বিভাগত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ কীৰ্তিৰ এগৰাকী ভ্ৰাতৃ আৰু দুগৰাকী ভগ্নী আছে৷৬

কৰ্মজীৱন

২০১০ চনত কীৰ্তিয়ে হিন্দী ভাষাৰ ছবি খিচিড়ী:দ্য মুভিত অভিনয় কৰে৷ ৭ ছবিখনত ২০১০ চনত অক্টোবৰত মুক্তি হৈছিল৷ ইয়াৰ পিছত তেখেতে শ্বেইটান নামৰ ছবিখনত অভিনয় কৰে৷৮ ছবিখন ২০১১ চনৰ জুনত মুক্তি হয়৷ বহুকেইটা বঁটা আৰু সন্মান জয় কৰা আৰু মনোনীত হোৱা এই ছবিখনৰ পৰিচালক আছিল বেজয় নামবিয়াৰ৷ ছবিখনত কাল্কী কেকলাঁ, শিৱ পণ্ডিত, গুলছন দেৱায়া, ৰাজীৱ খাণ্ডেলৱাল আদিৰ দৰে প্ৰতিভাৱান শিল্পীয়ে অভিনয় কৰিছে৷ ৯

২০১৬-বৰ্তমানলৈকে

২০১৬ চনত কীৰ্তিয়ে পিংক নামৰ ছবিখনত অভিনয় কৰে৷ দৰ্শক আৰু সমালোচকৰ পৰা প্ৰচুৰ প্ৰশংসা আদায় কৰা এই ছবিখনত কীৰ্তিয়ে অমিতাভ বচ্চন আৰু তাপ্‌সী পন্নু সৈতে অভিনয় কৰে৷ ছবিখন ব্যৱসায়িক দিশতো সফল হয়৷ ২০১৭ চনত কীৰ্তিক দেখা যায় ইন্দু সৰকাৰ নামৰ এখনি ৰাজনৈতিক থ্ৰিলাৰধৰ্মী ছবিত৷ মধুৰ ভাণ্ডেৰকাৰে পৰিচালনা কৰা ছবিখনত কীৰ্তিয়ে কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰে৷ ২০১৮ চনত কীৰ্তিয়ে ইৰফান খানৰ সৈতে ব্লেকমেইল নামৰ ছবিখনত অভিনয় কৰে৷

২০১৯ চনত কীৰ্তিক দেখা যায় আন এখন সফল ছবি উড়ি:দ্য ছাৰ্জিকেল ষ্ট্ৰাইকত৷ চিৰাত কৌৰ নামেৰে এগৰাকী ভাৰতীয় বায়ু সেনা বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰা কীৰ্তিৰ অভিনয়ে দৰ্শক আৰু সমালোচকৰ মন জয় কৰে৷ ছবিখন বক্স অফিচত অভাৱনীয় সাফল্য অৰ্জন কৰে৷ একেটা বৰ্ষতে কীৰ্তিয়ে এমাজন প্ৰাইম ভিডিঅ'ত সম্প্ৰচাৰিত হোৱা ৱেব ছিৰিজ ফ'ৰ ম'ৰ ছটছ প্লিজত এটা গুৰুত্বপূৰ্ণ ভূমিকাত অৱতীৰ্ণ হয়৷ আনহাতে নেটফ্লিক্সযোগে সম্প্ৰচাৰিত হোৱা বাৰ্ড অৱ ব্লাড নামৰ ছিৰিজটোতো কীৰ্তিক দেখা যায়৷ ২০১৯ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰা মিছন মংগল হৈছে কীৰ্তিয়ে অভিনয় কৰা আন এখন সফল আৰু সমাদৃত ছবি৷ ছবিখনৰ বিষয় হৈছে-ভাৰতৰ মংগল অভিযান৷

২০২০ চনৰ আগষ্ট মাহত, কীৰ্তিয়ে ৰিভু দাসগুপ্তাৰ দ্বাৰা পৰিচালিত ছবি দ্য গাৰ্ল অন দ্য ট্ৰেইনত এগৰাকী আৰক্ষী বিষয়াৰ ভূমিকাত অৱতীৰ্ণ হয়৷ ১০ ছবিখনত পৰিনীতি চোপ্ৰা, অদিতি ৰাও হায়দৰী, অভিনাশ তিৱাৰী আদিয়ে অভিনয় কৰিছে৷১১

বঁটা-বাহন

চলচ্চিত্ৰবঁটাশিতানফলাফলতথ্যসূত্ৰ
শ্বেইটানস্ক্ৰীণ বঁটা ২০১২শ্ৰেষ্ঠ সামগ্ৰিক কুশলী
পিংক৬২সংখ্যক ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ সহ-অভিনেত্ৰী১২
অষ্টম জাগৰণ ছবি মহোৎসৱবিচাৰকৰ বিশেষ বঁটা(তাপ্‌সী পন্নু আৰু এণ্ড্ৰিয়া টেৰিয়াঙৰ মাজত অমীমাংসিত)
স্ক্ৰীণ বঁটা, ২০১৭সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী
ইন্দু সৰকাৰস্ক্ৰীণ বঁটা, ২০১৮সমালোচকৰ শ্ৰেষ্ঠ অভিনেত্ৰী
মায়া৬৪সংখ্যক ফিল্মফেয়াৰ বঁটাচুটি ছবিৰ শ্ৰেষ্ঠ অভিনেত্ৰী১৩
ফ'ৰ ম'ৰ শ্বটছ্ প্লিজভাৰতীয় টেলিভিছন একাডেমী বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী- ৱেব চিৰিজ
ফ'ৰ ম'ৰ শ্বটছ্ প্লিজ-চিজন ২ফিল্মফেয়াৰ অটিটি বঁটা-২০২০শ্ৰেষ্ঠ অভিনেত্ৰী ড্ৰামা:চিৰিজ১৪

তথ্যসূত্ৰ

  1. ↑ (2 August 2012). Eyes are the most important. Hindustan Times
  2. ↑ (5 June 2017). Indu Sarkar first poster: Kirti Kulhari dons an intense look for the film on Emergency. Hindustan Times
  3. ↑ (12 July 2012). Coming Soon: Aapno Zombie. DNA
  4. ↑ Chakraborty, Sushmit. (1 April 2020). Kirti Kulhari opens up about personal life, talks about husband Saahil Sehgal. Republic World
  5. ↑ (26 August 2020). Kirti Kulhari Says Marriage To Saahil Sehgal Has Affected Her Career in 'the Best Possible Way'. News18
  6. ↑ Kirti Kulhari (Actress) Wiki, Height, Weight, Age, Boyfriend, Biography & More. STAR BIOG
  7. ↑ (5 October 2010). Khichdi was fun: Kirti Kulhari. The Times of India
  8. ↑ (9 June 2011). Shaitan is not my first film: Kirti Kulhari. The Times of India
  9. ↑ www.imdb.com/title/tt1836912/
  10. ↑ (6 August 2019). Kirti Kulhari to play British cop in Parineeti Chopra-starrer The Girl On The Train Hindi remake. ইণ্ডিয়া টুডে
  11. ↑ (30 January 2021). 'The Girl On The Train': Parineeti Chopra, Aditi Rao Hydari, Kirti Kulhari, Avinash Tiwary's character posters out. DNA India
  12. ↑ (10 January 2017). 62nd Jio Filmfare Awards 2017 Nominations
  13. ↑ (23 March 2019). Filmfare Awards 2019: List Of Winners. NDTV
  14. ↑ Nominees for the Flyx Filmfare OTT Awards. filmfare.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কীৰ্তি কুলহাৰী” প্ৰবন্ধৰ সংশোধন ৪২২০৮১ (২ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।