বীণা ৰায় (Bina Rai বা Beena Roy, ১৩ জুলাই ১৯৩১ – ৬ ডিচেম্বৰ ২০০৯) এগৰাকী, বিশেষকৈ ভাৰতীয় চলচ্চিত্ৰ জগতৰ ক’লা-বগা যুগৰ অভিনেত্ৰী। তেওঁক আনাৰকলী (১৯৫৩), ঘুঙ্ঘট (১৯৬০), তাজমহল (১৯৬০) আদি ক্লাচিক ছবিত কৰা অভিনয়ৰ বাবে বহুল ভাবে জনা যায়। ঘুঙ্ঘট ছবিয়ে তেওঁলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা কঢ়িয়াই আনিছিল।
প্ৰাৰম্ভিক জীৱন
বীণা ৰায়ৰ জন্মৰ নাম কৃষ্ণা চাৰিন। ব্ৰিটিছ ভাৰতৰ পঞ্জাব প্ৰদেশৰ লাহোৰত ১৯৩১ চনৰ ১৩ জুলাইত তেওঁৰ জন্ম হৈছিল। সাম্প্ৰদায়িক উন্মাদনাৰ ফলত তেওঁলোকৰ পৰিয়াল উত্তৰ প্ৰদেশলৈ গুছি আহিছিল। স্কুলীয়া পঢ়া-শুনা তেওঁ লাহোৰতে কৰিছিল আৰু কলেজীয়া শিক্ষা লক্ষ্ণৌত গ্ৰহণ কৰিছিল। অভিনয়ৰ জগতখনত পদাৰ্পন নকৰালৈকে বীণা কানপুৰত বাস কৰিছিল। মাক-দেউতাকক সৈমান কৰিবলৈ চিনেমাত যাব নিদিলে অনশন কৰিব বুলি ভয় দেখুৱাইছিল।
কৰ্মজীৱন
১৯৫০ চনত লক্ষ্ণৌৰ ইচাবেলা কলেজত পঢ়ি থাকোঁতে বীণা ৰায়ে এটা প্ৰতিভা সন্ধানী বিজ্ঞাপন দেখা পায়। তেওঁ তাত আবেদন কৰাত উদ্যোক্তসকলৰ পৰা এটা কল পায়। যদিও তেওঁ কলেজত নাটক আদিৰ সৈতে জড়িত আছিল, তথাপি চলচ্চিত্ৰত অভিনয় কৰাৰ কথা ভবা নাছিল। তথাপি তেওঁ প্ৰতিযোগিতাত অংশ লবলৈ বোম্বেলৈ গৈছিল আৰু ২৫,০০০ টকা পুৰস্কাৰ পাইছিল। লগতে কিশোৰ চাহুৰ ‘কালিঘটা’ (১৯৫১) ছবিত এটা মুখ্য ভূমিকাত অভিনয় কৰিবলৈ সুবিধা পাইছিল। এনেকৈ তেওঁৰ চলচ্চিত্ৰ জগতত অভিষেক হয়।১২৩
প্ৰেমনাথ-বীণা দুয়ো একেলগে কিছুসংখ্যক ছবিত অভিনয় কৰিছিল। দুয়ো একেলগে অভিনয় কৰা প্ৰথমখন ছবি ঔৰত (১৯৫৩)। এই ছবিখন কৰি থাকোঁতে দুয়োৰ প্ৰেম হয় আৰু বিয়া পাতে। প্ৰেমনাথৰ ভনীয়েক কৃষ্ণাক ৰাজ কাপুৰে বিয়া কৰাইছিল।৪ বিয়াৰ পিছত দুয়ো একেলগে পি.এন. ফিল্মচ নামেৰে প্ৰডাকচন ইউনিট এটা খোলে, য’ৰপৰা প্ৰথম ছবি নিৰ্মাণ হয় শগুফা (১৯৫৩)। তেওঁলোকে এই ছবিখনৰ বহু প্ৰত্যাশা কৰিছিল যদিও দৰ্শকে নাকচ কৰি দিয়ে। ইয়াৰ পিছত নিৰ্মাণ কৰে প্ৰিজ’নাৰ অফ গোলকুণ্ডা, সমুন্দৰ আৰু ৱতন। এইকেইখনেও ছবিগৃহত মুখ ঠেকেঁচা খালে। বীণা ৰায় আৰু প্ৰেমনাথ যুঁটীয়ে ৰূপালীপৰ্দাত শিহৰণৰ সৃষ্টি কৰিব নোৱাৰিলে।৫
মৃত্যু
২০০৯ৰ ৬ ডিচেম্বৰত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ তেওঁৰ মৃত্যু হয় আৰু দুজন পুত্ৰ প্ৰেম কিষাণ আৰু কৈলাস, লগতে নাতি-নাতিনী সিদ্ধাৰ্থ আৰু আকাঙ্ক্ষাক এৰি থৈ যায়। ফিল্ম আৰু টেলিভিচন প্ৰডাকচন ‘চিনেভিষ্টা’লৈ অহাৰ আগতে প্ৰেম কিষাণ চমু সময়ৰ কাৰণে অভিনয়ৰ ক্ষেত্ৰখনত জড়িত আছিল। বীণা ৰায়ৰ নাতিয়েক সিদ্ধাৰ্থ মালহোত্ৰা এজন ছবি পৰিচালক, যিয়ে উই আৰ ফেমিলী (২০১০) ছবিখনৰ যোগে চলচ্চিত্ৰ পৰিচালনাত আৰম্ভ কৰিছিল।৩৬
তথ্যসূত্ৰ
- ↑ Bina Rai biography
- ↑ Bina Rai: The good old days Screen
- ↑ (7 December 2009). Bina Rai, noted actress of B&W era, passes away. The Times of India
- ↑ Pradhan, Bharathi S. (13 December 2009). Bye bye, Bina. The Telegraph
- ↑ Spouses don't click as screen lovers The Tribune, 28 October 2001
- ↑ (6 December 2009). Noted actress Bina Rai passes away. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বীণা ৰায়” প্ৰবন্ধৰ সংশোধন ৪৭৭৭১৩ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।