পাৰৱীন বাবী (Parveen Babi, ৪ এপ্ৰিল ১৯৪৯-২০ জানুৱাৰি ২০০৫) আছিল এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল৷ কুৰি শতিকাৰ আশী আৰু নবৈৰ দশকত পাৰৱীন বাবী হিন্দী ছবিৰ এখন চিনাকি মুখ হিচাপে পৰিচিত হৈছিল৷১ সূদীৰ্ঘ কেৰিয়াৰত বাবীয়ে এগৰাকী গ্লেমাৰসম্পন্ন ফেশ্যন আইকন হিচাপে খ্যাতি লভিছিল আৰু সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীৰ তালিকাভুক্ত হৈছিল৷২
১৯৭৩ চনত মুক্তি লাভ কৰা চৰিত্ৰৰ যোগেদি বাবীয়ে নিজৰ অভিনয় জীৱনৰ পাতনি মেলে৷ তাৰ ঠিক পিছৰ বছৰটোতে অৰ্থাৎ ১৯৭৪ চনত বাবীয়ে মজবুৰ নামৰ ছবিখনত 'নীলা' চৰিত্ৰটোত অৱতীৰ্ণ হয় আৰু দৰ্শক তথা সমালোচক উভয়ৰে পৰা সমাদৰ লাভ কৰে৷ ১৯৭৫ চনত বাবীয়ে অভিনয় কৰে অপৰাধমূলক ড্ৰামা ছবি দীৱাৰত৷ এইখন ছবিয়েও বাবীৰ জনপ্ৰিয়তা বঢ়োৱাত সহায় কৰে৷ ইয়াৰ পিছত বাবীয়ে ১৯৭৭ চনৰ ছবি অমৰ আকবৰ এন্থনীত 'জেনি'ৰ চৰিত্ৰত, ১৯৭৯ চনৰ ছবি সুহাগ আৰু কালা পত্থৰত যথাক্ৰমে 'অনু' আৰু 'অনিতা' চৰিত্ৰত, ১৯৮০ চনৰ ছবি দ্য বাৰ্ণিং ট্ৰেইনত 'শীতল' চৰিত্ৰত, ১৯৮২ চনৰ ছবি নমক হালালত নীশা চৰিত্ৰত অভিনয় কৰে৷ ১৯৭৬ চনত বাবী হৈ পৰে বিখ্যাত টাইম (আলোচনী)ৰ বেটুপাত শুৱনি কৰা প্ৰথমগৰাকী বলিউড তাৰকা৷৩৪ নবৈৰ দশকৰ মাজভাগৰ পৰা বাবীৰ কেৰিয়াৰ থৰক-বৰক হ'বলৈ আৰম্ভ কৰে আৰু ১৯৯১ চনত বাবীয়ে ছবি জগতৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লয়৷
বাবীৰ জীৱনটোক মিডিয়াই খুব পৰিপাটিকৈ প্ৰকাশ কৰিছিল৷ বাবীয়ে কবীৰ বেদী, ডেনি ডেনজোংপা আৰু মহেশ ভাটৰ দৰে ব্যক্তিৰ লগত সম্পৰ্ক গঢ়ি তুলিছিল যদিও তেখেত আজীৱন অবিবাহিতা হৈ আছিল৷ জীৱনৰ শেষৰফালে তেখেতে পেৰানয়ড স্ক্ৰিজোফেনিয়াত আক্ৰান্ত হয়৷ ডায়েবেটিছত আক্ৰান্ত বাবীৰ মানসিক স্বাস্থ্যও ক্ৰমাগতভাৱে অৱনতি হ'বলৈ ধৰে৷ ২০০৫ চনৰ ২০ জানুৱাৰীত একাধিক অংগ বিকল হৈ বাবীয়ে মৃত্যুক সাবটি লয়৷৫৬
প্ৰাৰম্ভিক জীৱন
গুজৰাটৰ জুনাগড়ত, ১৯৪৯ চনৰ ৪ এপ্ৰিল তাৰিখে পাৰৱীন বাবীৰ জন্ম হয়৷ তেখেত আছিল পৰিয়ালৰ একমাত্ৰ সন্তান৷৭ পিতৃ-মাতৃৰ বিবাহোত্তৰ জীৱনে চৌধ্যটা বছৰ অতিক্ৰম কৰাৰ পাছত পাৰৱীন বাবীৰ জন্ম হয়৷ তেখেতৰ পিতৃ ৱালী মহম্মদ খান বাবী জুনাগড়ৰ নবাবৰ এগৰাকী ছিষ্টেম এডমিনিছট্ৰেটৰ৷ আনহাতে মাতৃ আছিল জমল বাখতে বাবী৷ ২০০১ চনত মাতৃৰ দেহাৱসান ঘটে৷৮৯ ১৯৫৯ চনত পিতৃক হেৰুওৱা সময়ত বাবীৰ বয়স আছিল মাত্ৰ পাঁচ বছৰ৷ আহমেদাবাদস্থিত মাউণ্ট কাৰ্মেল হাইস্কুলৰ পৰা বাবীয়ে প্ৰাৰম্ভিক শিক্ষা সমাপ্ত কৰে৷ ইয়াৰ পিছত বাবীয়ে আহমেদাবাদৰে ছেইণ্ট জেভিয়াৰ্ছ কলেজত নামভৰ্তি কৰে৷ এইখন শিক্ষানুষ্ঠানৰ পৰা বাবীয়ে ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷১০
১৯৭২ চনত বাবীয়ে মডেলিং কেৰিয়াৰ আৰম্ভ কৰে৷ তাৰ ঠিক এবছৰৰ ভিতৰতেই তেখেতলৈ অভিনয়ৰ সুযোগটো আহে৷ ১৯৭৩ চনত মুক্তিলাভ কৰা সেই ছবিখন আছিল চৰিত্ৰ৷ বাবীৰ বিপৰীতে অভিনয় কৰিছিল ক্ৰিকেটাৰ ছালীম ডুৰানীয়ে৷১১ ছবিখন ফ্লপ আছিল যদিও, বাবীয়ে নিজৰ প্ৰতিভাৰ জৰিয়তে পৰৱৰ্তী বহুকেইখন ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰে৷
আশী আৰু নবৈৰ দশকত পাৰৱীন বাবীয়ে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ মৰ্যাদা লাভ কৰে৷ তেখেতে হেমা মালিনী, ৰেখা, শাবানা আজমী, স্মিতা পাটিল, জীনত আমান, ৰীণা ৰয় আৰু ৰাখীৰ সমানেই পৰিচিতি লাভ কৰিছিল৷ বলিউদৰ খ্যাতিশীৰ্ষ অভিনেতা অমিতাভ বচ্চনৰ লগত বাবীয়ে আঠখন ছবিত অভিনয় কৰিছে৷১২
তথ্যসূত্ৰ
- ↑ "Parveen wanted to be left alone", দ্য টাইম্ছ অৱ ইণ্ডিয়া, 30 January 2005
- ↑ (23 November 2010). Manish Malhotra picks his five favourite super stylish heroines of the seventies. Telegraph India
- ↑ (June 11, 2014). Time magazine features starlet Parveen Babi on its cover, sets Bombay on fire. India Today
- ↑ (20 February 2020). Remembering Parveen Babi: The Tragic Life and Death of One of Bollywood's Most Beautiful Actress. Masala!
- ↑ "Parveen Babi dies, alone in death as in life", দ্য টাইম্ছ অৱ ইণ্ডিয়া, 22 January 2005.
- ↑ "Parveen wanted to be left alone", দ্য টাইম্ছ অৱ ইণ্ডিয়া, 30 January 2005
- ↑ (25 January 2005). Obituaries - Parveen Babi. The Independent
- ↑ "The Illustrious Babi Daynasty:: JunaGadh State". junagadhstate.org
- ↑ (31 January 2005). 'Adopted son' claims Parveen Babi's crores. Sify.com
- ↑ "St. Xavier's College – Ahmedabad – INDIA" . stxavierscollege.net
- ↑ "Bollywood star Parveen Babi dies" BBC News, 22 January 2005
- ↑ "Ashanti". brns.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰৱীন বাবী” প্ৰবন্ধৰ সংশোধন ৫০৮০৬১ (১২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।