অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যমুনা বৰুৱা

যমুনা বৰুৱা (১০ অক্টোবৰ ১৯১৯ – ২৪ নৱেম্বৰ ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৩৬ চনত মুক্তি লাভ কৰা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘’দেৱদাস ‘’ উপন্যাসৰ আধাৰত নিৰ্মিত দেৱদাস চলচ্চিত্ৰৰ মুখ্য চৰিত্ৰ পাৰ্বতী বা পাৰ'ৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষ ভাবে জনাজাত।

হালনাগাদ: ১১ জানুৱাৰী ২০২৬ ৪৫০ শব্দ · ৩ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

যমুনা বৰুৱা (১০ অক্টোবৰ ১৯১৯ – ২৪ নৱেম্বৰ ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৩৬ চনত মুক্তি লাভ কৰা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘’দেৱদাস ‘’ উপন্যাসৰ আধাৰত নিৰ্মিত দেৱদাস চলচ্চিত্ৰৰ মুখ্য চৰিত্ৰ পাৰ্বতী বা পাৰ'ৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ বাবে বিশেষ ভাবে জনাজাত। ইয়াৰ উপৰিও তেওঁ অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ বিখ্যাত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা অসমৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল।

২০০৫ চনৰ ২৪ নৱেম্বৰ তাৰিখে কলিকতাত তেওঁ মৃত্যু বৰণ কৰে।

প্ৰাৰম্ভিক জীৱন

১৯১৯ চনৰ ১০ অক্টোবৰ তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ইউনাইটেড প্ৰভিন্সছ অফ আগ্ৰা এণ্ড অৱধৰ আগ্ৰাৰ কাষৰ গাঁও এখনত যমুনা গুপ্তাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম পুৰণ গুপ্তা। যমুনা ছয় গৰাকী ভনীয়েকৰ ভিতৰত চতুৰ্থ সন্তান। তেওঁৰ আটাইকেইগৰাকী ভনীয়েকৰ নাম ভাৰতীয় নদীৰ নাম যেনে, গংগা, ভাগীৰথী ইত্যাদি আদিৰ পৰা লোৱা হৈছিল। পিছলৈ যমুনায়ে কলিকতালৈ আহে। তেওঁ অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰৰ ৰাজপৰিয়ালৰ বিখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। তাৰপিছত তেওঁ প্ৰমথেশ বৰুৱাৰ প্ৰডাক্টচনৰ চলচ্চিত্ৰৰ যোগেদি অভিনয় জীৱনৰ পাতনি মেলে।১ Devdas২ ১৯৩৬ চনত মুক্তি লাভ কৰা শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘’দেৱদাস ‘’ উপন্যাসৰ আধাৰত নিৰ্মিত দেৱদাস চলচ্চিত্ৰৰ মুখ্য চৰিত্ৰ পাৰ্বতী বা পাৰ'ৰ চৰিত্ৰত তেওঁ অৱতীৰ্ণ হৈছিল। ইয়াৰ উপৰিও তেওঁ অসমীয়া, হিন্দী আৰু বাংলা ভাষাৰ কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছিল। তাৰে ভিতৰত উল্লেখযোগ্য হল আমিৰি, মুক্তি, অধিকাৰ আৰু শেষ উত্তৰ। ১৯৫০ চনত তেওঁৰ স্বামী প্ৰমথেশ বৰুৱাৰ মৃত্যুৰ পিছত যমুনা বৰুৱায়ে অভিনয় পৰা আঁতৰি আহিছিল।৩

অভিনয় জীৱন

যমুনা বৰুৱায়ে ১৯৩৪ চনত মুক্তি লাভ কৰা হিন্দী ছবি মহাব্বত কি কাচৌটিত সৰু ভূমিকা এটাত অভিনয়ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল। ছবিখন প্ৰমথেশ বৰুৱায়ে নিৰ্মাণ কৰা বাংলা ছবি ৰূপৰেখাৰ হিন্দী সংস্কৰণ আছিল।৪ তাৰপিছত তেওঁ বৰুৱাৰ ১৯৩৫ চনৰ বিখ্যাত ছবি দেৱদাসত মুখ্য চৰিত্ৰ পাৰ্বতীৰ ভূমিকাত অৱতীৰ্ণ হৈছিল।৫৬ তেওঁ কেইবাটাও ভাষাত বহুবাৰ নিৰ্মাণ হোৱা দেৱদাসৰ প্ৰথম পাৰ্বতী হিচাপে তেওঁ কৃতিত্ব অৰ্জন কৰিলে। তাৰপিছত তেওঁ বৰুৱাৰ গিৰীধৰ (১৯৩৬), মায়া (১৯৩৬), অধিকাৰ (১৯৩৯), উত্তৰায়ন (১৯৪১), শেষ উত্তৰ (১৯৪২), চান্দেৰ কলংক (১৯৪৪) আদি বাংলা ছবি আৰু তাৰপিছত এইবোৰৰ হিন্দী সংস্কৰণত তেওঁ অভিনয় কৰিছিল। তাৰপিছত তেওঁ বৰুৱাৰ হিন্দী ছবি আমিৰি, পেহচান আদিত অভিনয় কৰিছিল। প্ৰমথেশ বৰুৱাৰ বাহিৰে আনে নিৰ্মাণ কৰা তিনিখন বাংলা ছবিত তেওঁ অভিনয় কৰিছিল। তাৰে ভিতৰত প্ৰথম দুখন হল দেৱাৰ (১৯৪৩) আৰু নিলানগুৰিয়া (১৯৪৩)। তেওঁৰ শেষ ছবি হল ১৯৫৩ চনৰ মালঞ্চ।

স্বামীৰ মৃত্যু

১৯৫১ চনত মাত্ৰ ৪৮ বয়সতে প্ৰমথেশ বৰুৱাৰ মৃত্যু হয়। তেওঁৰ তিনি জন পুত্ৰ দেৱ কুমাৰ, ৰজত আৰু প্ৰসুন তেতিয়া প্ৰাপ্ত বয়স্ক হোৱা নাছিল আৰু গৌৰীপুৰ ৰাজ্যয়ে তেওঁলোকক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। তাৰপিছত তেওঁ সন্তানৰ প্ৰাপ্য আৰু স্বীকৃতিৰ বাবে প্ৰভাৱশালী গৌৰীপুৰ ৰাজ্যৰ বিৰুদ্ধে আইনী যুঁজঁ দিছিল। পিছলৈ তেওঁ গোচৰত জয়ী হয় আৰু ঘৰ, মাটি-সম্পত্তিৰ সৈতে ধনো লাভ কৰে। তাৰপিছত তেওঁ শেষৰ ছবি মালঞ্চ সম্পূৰ্ণ কৰে কৰে আৰু চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি আহে।

পিছলৈ তেওঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ পৰা ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম পাৰ্বতী হিচাপে সম্বৰ্ধনা লাভ কৰিছিল।৭

মৃত্যু

২০০৫ চনৰ ২৪ নৱেম্বৰ তাৰিখে দক্ষিণ কলিকতাৰ নিজা বাসভৱনত তেওঁৰ মৃত্যু হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Pallab Bhattacharya. (2015-08-21). A grand cinematic exchange. The Daily Star
  2. ↑ (2010-06-01). Looking back at Bollywood in Posters. Rediff.com
  3. ↑ IndiaGlitz - Original Paro of 'Devdas' passes away - Bollywood Movie News. Indiaglitz.com
  4. ↑ Roop Lekha (1934). chiloka.com
  5. ↑ Mankermi, Shivani. (2013-05-24). WEEKEND ENTERTAINMENT: Bollywood is waking up to the power of fictione. Dailymail.co.uk
  6. ↑ Namrata Joshi. Namrata Joshi on Shivendra Singh Dungarpur’s enviable collection of film memorabilia. দ্য হিন্দু
  7. ↑ (2015-06-25). Radiating with brilliance. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীধুবুৰী জিলাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যমুনা বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৬৯০৬৪ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।