ৰত্না পাঠক শ্বাহ (Ratna Pathak Shah) (জন্ম-১৮ মাৰ্চ ১৯৫৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালিকা৷ তেখেতে থিয়েটাৰ, দূৰদৰ্শন আৰু কথাছবিৰ লগত জড়িত৷ হিন্দী আৰু ইংৰাজী ভাষাৰ ভালেমান থিয়েটাৰগোষ্ঠীৰ লগত তেখেতে কাম কৰিছে৷ ১৯৮০ৰ দশকত দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক ইধৰ উধৰৰ যোগেদি ৰত্না পাঠক শ্বাহে বৃহত্তৰ দৰ্শক সমাজৰ পৰিচিতি লাভ কৰে৷ ১
২০০৪-২০০৬ চনৰ সময়ছোৱাত ৰত্না পাঠক শ্বাহে হাস্যৰসপূৰ্ণ টিভি ধাৰাবাহিক ছাৰাভাই ভাৰ্ছেছ ছাৰাভাইত অভিনয় কৰি বিপুল সমাদৰ লাভ কৰে৷ তেখেতে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য কথাছবি হৈছে জানে টু...য়া জানে না (২০০৮), গোলমাল ৩ (২০১০), কাপুৰ এণ্ড ছনছ (২০১৬), আৰু ব্লেক কমেডি ছবি লিপষ্টিক আণ্ডাৰ মাই বূৰ্খা (২০১৭)৷ এইকেইখন ছবিৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ শিতানত মনোনয়ন লাভ কৰিছিল৷ ২০১২ চনত ৰত্না পাঠকে ৰোমাণ্টিক কমেডি ছবি এক মেই অঔৰ এক টু, খুবছুৰত (২০১৪)ত অভিনয় কৰিছিল৷ তেখেতৰ স্বামী হৈছে বলিউডৰ বৰ্ষীয়ান অভিনেতা নাছিৰুদ্দিন শ্বাহ৷ দম্পতীটোৰ দুজন পুত্ৰ সন্তান আছে৷
তথ্যসূত্ৰ
- ↑ Deol, Taran. (1 December 2019). Idhar Udhar, the Hindi sitcom we desperately need today. ThePrint
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰত্না পাঠক শ্বাহ” প্ৰবন্ধৰ সংশোধন ৩১৮৮৫০ (১১ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।