অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়া ভট্টাচাৰ্য

জয়া ভট্টাচাৰ্য (Jaya Bhattacharya, জন্ম: ১ জুলাই ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ দূৰদৰ্শন ধাৰাবাহিক বোৰত বিপক্ষ ভূমিকা পালন কৰাৰ বাবে জনা যায়। তেওঁ বোলছবিতো বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে। তেওঁ ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক 'কিউ কি চাছ ভি কভি বহু থি'ত কৰা অভিনয়ৰবাবে বিশেষভাৱে জনাজাত।

হালনাগাদ: ১৩ জুলাই ২০২৩ ৪১৮ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

জয়া ভট্টাচাৰ্য (Jaya Bhattacharya, জন্ম: ১ জুলাই ১৯৭৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ দূৰদৰ্শন ধাৰাবাহিক বোৰত বিপক্ষ ভূমিকা পালন কৰাৰ বাবে জনা যায়। তেওঁ বোলছবিতো বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিছে। তেওঁ ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক 'কিউ কি চাছ ভি কভি বহু থি'ত কৰা অভিনয়ৰবাবে বিশেষভাৱে জনাজাত। ইয়াৰ লগতে তেওঁ 'কচম চে', 'ঝাঁসী কি ৰাণী', 'গংগা', 'থপকি প্যাৰ কি', 'চিলচিলা বদলতে ৰিষ্টো কা' আদি জনপ্ৰিয় টিভি ধাৰাবাহিকত অভিনয় কৰিছে। ২০২০ চনৰ শ্ৰেষ্ঠ নাট্য শৃংখলাৰ আন্তৰ্জাতিক এমি বঁটা বিজয়ী 'দিল্লী ক্ৰাইম'তো তেওঁ অভিনয় কৰিছে।১

প্ৰাৰম্ভিক জীৱন

১৯৭৮ চনৰ ১ জুলাই তাৰিখে অসমৰ গুৱাহাটীত জয়া ভট্টাচাৰ্যৰ জন্ম হৈছিল।

কৰ্মজীৱন

তেওঁ 'দেৱদাস' আৰু 'লজ্জা' ছবিত অভিনয় কৰিছিল। ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক 'কিউ কি চাছ ভি কভি বহু থি'ত তেওঁ পায়েলৰ চৰিত্ৰত অৱতীৰ্ণ হৈছিল।২ ইয়াৰ লগতে তেওঁক 'বনু টেৰি দুলহন'তো দেখা গৈছিল। ২০০০ চনৰ 'ফিজা' বোলছবিত তেওঁক বিশেষ চৰিত্ৰত দেখা গৈছিল। তাৰপিছত তেওঁ 'জিজ্ঞাসা' চিনেমাখনত কাম কৰিছিল। ইয়াত তেওঁক এগৰাকী বিতৰ্কিত অভিনেত্ৰীগৰাকীৰ ওপৰত তথ্যচিত্ৰ নিৰ্মাণ কৰিব বিচৰা চলচ্চিত্ৰ নিৰ্মাতাৰ ৰূপত দেখা গৈছিল। ২০০৭ চনত তেওঁক জি টিভিৰ জনপ্ৰিয় ধাৰাবাহিক 'কচম ছে'ত দেখা গৈছিল। পিছলৈ তেওঁ জি টিভিৰে অন্য এখন জনপ্ৰিয় ঐতিহাসিক ধাৰাবাহিক 'ঝাঁসী কি ৰাণী'ত শক্কু বাইৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল। ২০১৫-১৭ চনত তেওঁ 'থপকি প্যাৰ কি'ত অভিনয় কৰিছিল আৰু ২০১৮ চনত 'বাধো বহু'ত এগৰাকী সমাজ সেৱিকা সুষমা বুৱাৰ ৰূপত দেখা গৈছিল।৩

২০১৯ চনত তেওঁক নেটফ্লিক্সৰ জনপ্ৰিয় ৱেব চিৰিজ 'দিল্লী ক্ৰাইম'তো অভিনয় কৰিছিল।

চলচ্চিত্ৰ তালিকা

  • 'চিৰ্ফ তুম': জয়ন্তী
  • 'ফিজা': বিশেষ চৰিত্ৰ
  • 'কিউ কি... মে জুঠ নেহী বলতা': কবিতা মাত্ৰে
  • 'দেৱদাস': মনোৰমা
  • 'লজ্জা': লতা
  • 'হ শকতা হে': স্নেহাল
  • 'জিজ্ঞাসা': নেহা শৰ্মা
  • 'এক বিবাহ এইছা ভি'
  • 'কল্পবৃক্ষ': গুৰপ্ৰীত
  • 'অন্তৰ্দ্বন্দ্ব': ভাভি

টেলিভিছন ধাৰাবাহিক

  • 'শাৰাব'
  • 'পল চিন' - অঞ্জলি
  • 'অম্বৰ ধাৰা' - কামিনী মেহৰা
  • 'বনু মে টেৰি দুলহন' - গায়ত্ৰী মেহৰা
  • 'কাহিনী হামাৰে মহাভাৰত কি' - কুন্তী
  • 'কেইছা য়ে প্যাৰ হে' - দামিনী বসু
  • 'কৰম আপনা আপনা' - শ্বাইলা
  • 'কচম ছে' - জিজ্ঞাসা বালি
  • 'কেশৰ' - ৰীমা
  • 'কাঁচ'
  • 'কোছিছ - এক আশা ' - সুনীতি
  • 'জয় হনুমান' - লক্ষ্মী
  • 'হাতিম' - জালিমা
  • 'কিউ কি চাছ ভি কভি বহু থি' - পায়েল পাৰিখ
  • 'ৰাজ কি এক বাত'
  • 'স্মৃতি'
  • 'জয় মা দুৰ্গা' - দেৱী কালিকা, দেৱী চামুণ্ডা
  • 'থৰি চি জমিন থৰা ছা আচমান' - পূজা
  • 'বিৰাছত'
  • 'ৱহ ৰেহনে ৱালী মেহল' কি' - সাবিত্ৰী
  • 'ঝাঁসী কি ৰাণী' - শক্কু বাই
  • 'এইছে কৰো না বিদা'
  • 'ৰামলীলা অজয় দেৱগন কে চাথ' -মন্দোদৰী
  • 'এক থি নায়ক' - ছবি মেহতা
  • 'উপনিষদ গংগা' - ৰত্নাৱলী, যাবালা
  • 'দেৱো কে দেৱ...মহাদেৱ' - দিতি
  • 'মধুৱালা - এক ইশ্বক এক জুনুন'
  • 'ভাৰত কা বীৰ পুত্ৰ - মহাৰণা প্ৰতাপ'
  • 'গংগা' - সুধা
  • 'থপকি প্যাৰ কি' - বসুন্ধৰা পাণ্ডে
  • 'চাব জী'৪৫
  • 'বাধো বহু' - সুষমা বুৱা
  • 'ছিলচিলা বদলতে ৰিষ্ট' কা' - ৰাধিকা মালহোত্ৰা
  • 'দিল্লী ক্ৰাইম'
  • 'পিঞ্জৰা খুবচুৰটি কা' - মঞ্জৰী সান্যাল

তথ্যসূত্ৰ

  1. ↑ 2020 International Emmy Awards nominations: Arjun Mathur, 'Four More Shots Please', 'Delhi Crime' make it to the list. www.dnaindia.com
  2. ↑ (2006-11-26). Jolly good Jaya!. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (2018-05-02). TV actress Jaya Bhattacharya to enter hit show 'Badho Bahu' · Free Press Journal. Free Press Journal
  4. ↑ (2016-06-19). सिद्धार्थ नागर की सार्थक चित्रम की 'साबजी' दूरदर्शन पर प्रसारण
  5. ↑ Saab Ji - Doordarshan National on Twitter

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়া ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৩৭১৫৩৭ (১৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।