সাক্ষী আগৰৱাল (জন্ম ২০ জুলাই ১৯৮৫)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ তামিল ভাষা ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
অভিনয় জীৱন আৰম্ভ কৰাৰ আগতে সাক্ষী আগৰৱালে এজন বিপণন পৰামৰ্শদাতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত খণ্ডকালীন মডেলিংৰ সৈতে জড়িত হৈ তেওঁ অভিনয় জগতলৈ আগবাঢ়ে। দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত তেওঁ বিভিন্ন মুখ্য আৰু সহায়ক চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হয়।২
সাক্ষী আগৰৱাল তামিল ভাষাৰ জনপ্ৰিয় বাস্তৱধৰ্মী টেলিভিছন অনুষ্ঠান বিগ বচ তামিল ৩-ৰ এগৰাকী প্ৰতিযোগী হিচাপেও অংশগ্ৰহণ কৰিছিল।
কৰ্মজীৱন
উত্তৰাখণ্ডৰ নৈনিতালত জন্ম গ্ৰহণ কৰা সাক্ষী আগৰৱালে চেন্নাইৰ গুড শেফাৰ্ড কনভেণ্টত পঢ়া-শুনা কৰে। তাৰ পিছত তেওঁ চেণ্ট জোচেফ্ছ কলেজ অৱ ইঞ্জিনিয়াৰিঙত তথ্য প্ৰযুক্তিত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে আৰু পাছলৈ জেভিয়াৰ ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপৰপৰা এমবিএ ডিগ্ৰী লাভ কৰে। শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ বিপণন পৰামৰ্শদাতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে আৰু ২০১০ চনত টাটা কনচাল্টেন্সী ছাৰ্ভিছেছ আৰু পাছলৈ ইনফ’ছিছত কাম কৰে।৩
এজন বন্ধুৰ বাবে আয়োজন কৰা এটা দাতব্য ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰাৰ পাছত এজন মডেলিং নিয়োগকৰ্তাই তেওঁক বিজ্ঞাপন পৰিচালকসকলৰ সৈতে পৰিচয় কৰাই দিয়ে। তাৰ পিছত সাক্ষীয়ে ছুটীৰ দিনসমূহত বাণিজ্যিক মডেলিং কাম আৰম্ভ কৰে আৰু মুদ্ৰিত মাধ্যম, দূৰদৰ্শন আৰু ফেশ্বন শ্ব’ত মডেল হিচাপে দেখা দিয়ে। তেওঁ সুৰিয়াৰ সৈতে মালাবাৰ গোল্ডৰ এটা বিজ্ঞাপনতো অভিনয় কৰে। অৱশেষত ২০১৩ চনৰ জানুৱাৰী মাহত ইনফ’ছিছৰ চাকৰি ত্যাগ কৰি সম্পূৰ্ণভাৱে অভিনয়কেই নিজৰ পেচা হিচাপে গ্ৰহণ কৰে।৪৫
চলচ্চিত্ৰ জগতৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ তেওঁ ‘Jillinu Oru Kalavaram’ নামৰ এটা ভিডিঅ’ এলবামত অভিনয় কৰে, শিয়ামক ডাভাৰৰপৰা নৃত্য শিকে আৰু Ratan Thakore Theatre Groupৰ সৈতে অভিনয়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। তাৰ পাছত তেওঁ তামিল আৰু কন্নড় চলচ্চিত্ৰ উদ্যোগত সুযোগ বিচাৰে আৰু ২০১৩ চনৰ আৰম্ভণিতে প্ৰথম চলচ্চিত্ৰ চুক্তিসমূহ লাভ কৰে।৬৭
তেওঁ প্ৰথমবাৰৰ বাবে পৰিচালক তেজস্বীৰ কন্নড় চলচ্চিত্ৰ Heddariত অভিনয় কৰে, যাৰ শ্বুটিং ২০১৩ চনৰ আগষ্ট মাহত সম্পূৰ্ণ হয়।৮ যদিও তেওঁৰ প্ৰথম মুক্তিপ্ৰাপ্ত কাম আছিল তামিল টেলি-চলচ্চিত্ৰ No Parking, তথাপি তেওঁ প্ৰথমবাৰৰ বাবে ৰঙীন পৰ্দাত দেখা যায় আতলীৰ Raja Raniত।৯
ব্যক্তিগত জীৱন
২০২৫ চনৰ জানুৱাৰী মাহত সাক্ষী আগৰৱালে তেওঁৰ দীৰ্ঘদিনৰ প্ৰেমিক নবনীত মিশ্ৰৰ সৈতে গোৱাত পৰম্পৰাগত হিন্দু বিবাহ অনুষ্ঠানত বিবাহ সম্পন্ন কৰে।১০
চলচ্চিত্ৰপঞ্জী
অভিনেত্ৰী হিচাপে
- অন্যথা উল্লেখ নকৰিলে সকলোবোৰ তামিল ভাষাৰ চলচ্চিত্ৰ।
| বছৰ | চলচ্চিত্ৰ | চৰিত্ৰ | টোকা | সংগ্ৰহ |
|---|---|---|---|---|
| ২০১৩ | ৰাজা ৰাণী | কেপুচিনো অৰ্ডাৰ কৰা ছোৱালী | স্বীকৃতিবিহীন | |
| ২০১৪ | ছফ্টৱেৰ গাণ্ডা | নেন্সি | কানাড়া চলচ্চিত্ৰ | |
| ২০১৫ | য়ুগান | পূজা | ||
| তিৰুট্টু VCD | সাক্ষী | |||
| আধ্যন | অনামিকা | |||
| ২০১৬ | কা কা কা পো | কবিতা পুণ্যকোটি | ||
| ২০১৮ | ওৰায়িৰম কিনাক্কালল | প্ৰীতি | মালয়ালম চলচ্চিত্ৰ | |
| কালা | কালাৰ বোৱাৰী | ১১ | ||
| ২০১৯ | বিশ্বাসম | নিৰঞ্জনাৰ সহকৰ্মী | ১২ | |
| ২০২১ | কুট্টি ষ্টৰী | মায়া | এনথ'লজী চলচ্চিত্ৰ; অংশ: Logam | ১৩ |
| টেডি | ডাঃ প্ৰিয়া | অতিথি শিল্পী | ||
| চিন্ডাৰেলা | ৰম্যা | ১৪ | ||
| অৰণমনাই ৩ | হেমা | ১৫ | ||
| ৪ ছৰী | যমুনা | এনথ'লজী চলচ্চিত্ৰ; অংশ: 2k Kannagi | ১৬ | |
| ২০২৩ | নন কাডাভুল ইল্লাই | লীনা | ১৭ | |
| বাঘীৰা | ৰেশমা | ১৮ | ||
| 2024 | অধৰ্ম কাধাইগল | প্ৰিয়া | ১৯ | |
| 2025 | বেষ্টি | শাহীনা | মালয়ালম চলচ্চিত্ৰ | ২০ |
| ৰিং ৰিং | পূজা | ২১ | ||
| ফায়াৰ | প্ৰিয়া | |||
| দ্য কেচ ডায়েৰী | ডাঃ ভানু প্ৰিয়া | মালয়ালম চলচ্চিত্ৰ | ২২ | |
| চাৰা | চাৰা | ২৩ | ||
| TBA | TBA | নিৰ্মাণোত্তৰ পৰ্যায় | ২৪ | |
| TBA | TBA | নিৰ্মাণোত্তৰ পৰ্যায় | ২৫ |
মিউজিক ভিডিঅ'
| বছৰ | গান | সহ-শিল্পী | সংগীত পৰিচালক | টোকা |
|---|---|---|---|---|
| ২০২১ | য়ো বেবী | শ্ৰীধৰ | সন্তোষ নাৰায়ণন | নৱবৰ্ষৰ বিশেষ গান |
ডাবিং শিল্পী হিচাপে
| বছৰ | চলচ্চিত্ৰ | অভিনেত্ৰী |
|---|---|---|
| ২০১৯ | অ্যাকশ্বন | আকাঙ্ক্ষা পুৰী২৬ |
টেলিভিছন
| + | বছৰ | অনুষ্ঠানৰ নাম | চৰিত্ৰ | চেনেল | টোকা |
| ২০১৮ | চোপ্পান্না সুন্দৰী | বিচাৰক | ছান টিভি | ||
| ২০১৯ | বিগ বছ ৩ | প্ৰতিযোগী | ষ্টাৰ বিজয় | ৪৯ তম দিনত বিদায় লৈছিল | |
| ২০২২ | কান্নানা কান্নে | সাক্ষী | ছান টিভি | বিশেষ খণ্ডত অতিথি শিল্পী | |
| ২০২৪–বৰ্তমান | নাংগা ৰেডী নিংগা ৰেডী আহ | বিচাৰক | ছান টিভি | মাজে মাজে বিচাৰক হিচাপে |
তথ্যসূত্ৰ
- ↑ (২২ জুলাই ২০২৪). Here's how actress Sakshi Agarwal celebrated her 33rd birthday. Times of India
- ↑ "Kaala girl Sakshi Agarwal makes Mollywood debut with Biju Menon", The Indian Express (১৯ ডিচেম্বৰ ২০১৭)।
- ↑ Placements 2010 . XIME
- ↑ Sivakumar, Anushka. (3 June 2014). In love with the uncertainties. Deccan Herald
- ↑ (13 November 2013). From IT to Sandalwood. Deccan Chronicle
- ↑ (17 December 2012). Happy hues for Sakshi Agarwal. Daily News and Analysis
- ↑ (19 December 2013). Newbie Sakshi Agarwal cries casting couch?. The Times of India
- ↑ (25 August 2013). Techies & doctors invade silver screen in Karnataka. The Times of India
- ↑ (15 May 2014). Model on the role. The New Indian Express
- ↑ (৩ জানুৱাৰী ২০২৫). Sakshi Agarwal gets married to her childhood love Navneet in Goa. Times of India
- ↑ (1 October 2020). Sakshi Agarwal who played Rajinikanth's daughter-in-law in Kaala shares photos with him. India Today
- ↑ Sakshi Agarwal: First time Experience ?. indiaherald.com
- ↑ Vijay Sethupathi, Amala Paul part of upcoming Tamil anthology 'Kutti Love Story'. The News Minute
- ↑ Subramanian, Anupama. (20 October 2019). Cinderella steers clears of horror cliches. Deccan Chronicle
- ↑ Aranmanai 3 censored with U/A certificate. The Times of India
- ↑ 4 Story Tamil Movie Trailer Starring Sakshi Agarwal Released. News Bricks
- ↑ Sakshi Agarwal starts dubbing for SAC's Naan Kadavul Illai. The Times of India
- ↑ (24 February 2021). Watch: Trailer of Prabhu Deva starrer 'Bagheera' is loaded with suspense. The News Minute
- ↑ (9 August 2024). 'Enathuyire Neeyadi' from Adharma Kadhaigal out. Cinema Express
- ↑ ആരാണ് ബെസ്റ്റി? ഉത്തരവുമായി 'ബെസ്റ്റി' എത്തുന്നു; റിലീസ് ജനുৱരി 24ന്. Manorama News
- ↑ (2024-11-30). Director Shakthivel's next titled Ring Ring. Cinema Express
- ↑ ആക്ഷൻ ത്രില്ലർ ചിത്രം ‘ദി കേസ് ഡയറി’ ട്രെയ്ലർ പുറത്ത്. 24 News
- ↑ “Saaraa” Movie Review. Chennai Vision
- ↑ (24 June 2022). VFX Work of 'Guest: Chapter 2' Handled By Team From Hong Kong. Outlook India
- ↑ (31 January 2021). The Night: Cricketer R Ashwin Unveils the First Poster of Vidhu and Sakshi Agarwal Starrer Film. Sports Grind Entertainment
- ↑ Sakshi Agarwal has dubbed for Action. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাক্ষী আগৰৱাল” প্ৰবন্ধৰ সংশোধন ৬০৬৭২৮ (১৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।