অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰদ্ধা দাস

শ্ৰদ্ধা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে প্ৰধানকৈ তেলেগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০০৮ চনত তেলেগু চলচ্চিত্ৰ সিদ্ধু ফ্ৰ'ম ছিকাকুলামৰ জৰিয়তে অভিনয় জীৱনৰ অভিষেক ঘটে। ইয়াৰ পিছৰ পৰাই তেওঁ ছটা ভিন্ন ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত কাম কৰিছে।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৬ ১৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

শ্ৰদ্ধা দাস এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে প্ৰধানকৈ তেলুগু ভাষা আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০০৮ চনত তেলেগু চলচ্চিত্ৰ সিদ্ধু ফ্ৰ'ম ছিকাকুলামৰ জৰিয়তে অভিনয় জীৱনৰ অভিষেক ঘটে। ইয়াৰ পিছৰ পৰাই তেওঁ ছটা ভিন্ন ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত কাম কৰিছে।

প্ৰাথমিক জীৱন

শ্ৰদ্ধা দাসৰ জন্ম ৪ মাৰ্চ ১৯৮৭১ অথবা ১৯৯১২ চনত মুম্বাই, মহাৰাষ্ট্ৰত বাঙালী পৰিয়ালত হৈছিল।৩ তেওঁৰ পিতৃ সুনীল দাস এগৰাকী ব্যৱসায়ী, যি পুৰুলিয়াৰ বাসিন্দা, আৰু মাতৃ সপ্না দাস এগৰাকী চিকিৎসক।৪ শ্ৰদ্ধা দাস এগৰাকী বৌদ্ধ ধৰ্মালম্বী ব্যক্তি।৫

তেওঁ মুম্বাইতে ডাঙৰ-দীঘল হয় আৰু তাতেই শিক্ষা সম্পূৰ্ণ কৰে। তেওঁ SIES কলেজ অৱ আৰ্টছ, ছায়েন্স এণ্ড কমাৰ্চৰ পৰা সাংবাদিকতা বিষয়ত গণ সংবাদ মাধ্যমত স্নাতক ডিগ্ৰী লাভ কৰে।৩৬

স্নাতক অধ্যয়নৰ সময়ত তেওঁ থিয়েটাৰত কাম কৰিছিল আৰু নেচনেল স্কুল অৱ ড্ৰামাৰ শিল্পী যেনে পীয়ুষ মিশ্ৰ, চিত্তৰঞ্জন গিৰি আৰু ছালিম শ্বাহৰ দ্বাৰা পৰিচালিত কৰ্মশালাত অংশগ্ৰহণ কৰিছিল। তেওঁ গ্লেড্ৰেগছ একাডেমীত প্ৰশিক্ষণ লোৱাৰ আগতে মেকড’ৱেলছ, এৰিষ্ট’ক্ৰেট আদি বহু বিজ্ঞাপনতো অভিনয় কৰিছিল।৪

কেৰিয়াৰ

২০০৮ চনত তেলুগু ভাষা চলচ্চিত্ৰ সিদ্ধু ফ্ৰ'ম ছিকাকুলাম'ৰ যোগেদি শ্ৰদ্ধা দাসৰ চলচ্চিত্ৰ জীৱনৰ আৰম্ভণি হয়। তাৰ্গেটৰ পিছতে তেওঁ ছয় মাহৰ ভিতৰত চাৰিখন তেলেগু ছবিত চুক্তিবদ্ধ হয়—১৮, ২০ লাভ ষ্ট'ৰী, ডায়েৰী, অভিনেতা আৰু সুকুমাৰ পৰিচালিত আৰ্যা ২'' আছিল তেওঁৰ প্ৰথম বৃহৎ বাজেটৰ প্ৰকল্প।

২০১০ চনত তেওঁ হিন্দী চলচ্চিত্ৰ লাহোৰৰ জৰিয়তে বলিউডত অভিষেক কৰে। এই ছবিখনত তেওঁ এগৰাকী পাকিস্তানী মনোৰোগ চিকিৎসকৰ চৰিত্ৰত অভিনয় কৰে আৰু সমালোচকৰ প্ৰশংসা লাভ কৰে। ছবিখনে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে।৭

ইয়াৰ পিছত তেওঁ ডাৰ্লিং, মাৰো চৰিত্ৰ আৰু নাগাৱল্লী আদি চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰে। বিভিন্ন সফল চলচ্চিত্ৰৰ ছিকুৱেলত অভিনয় কৰাৰ বাবে তেওঁ “ছিকুৱেল কুইন” বুলি জনাজাত হয়।৩

তেওঁৰ দ্বিতীয়খন হিন্দী ভাষা চলচ্চিত্ৰ দিল তো বাচ্চা হ্যায় জী ২০১১ চনত মুক্তি লাভ কৰে। ইয়াৰ পিছত তেওঁ কন্নড় ভাষা আৰু মালয়ালম ভাষা চলচ্চিত্ৰতো অভিষেক কৰে। ২০১৪ চনত তেওঁ বঙালী ভাষা চলচ্চিত্ৰ দ্য ৰয়েল বেংগল টাইগাৰৰ জৰিয়তে বাংলা চলচ্চিত্ৰত প্ৰৱেশ কৰে।৮

তথ্যসূত্ৰ

  1. ↑ (3 March 2020). Happy Birthday Shraddha Das: 4 interesting facts about the Arya 2 actress you probably didn't know. The Times of India
  2. ↑ (1 September 2023). Actress Shraddha Das all set to sizzle in her upcoming Bollywood film. Bollywood Hungama
  3. ↑ Madhuparna Das. (19 August 2010). This film will make my life. The Telegraph (India)
  4. ↑ (২৩ এপ্ৰিল ২০০৯). Shraddha Das interview. Idlebrain
  5. ↑ (15 March 2016). I Have Taken Up Buddhism - Shraddha Das
  6. ↑ Shradda Das in Kannada. IndiaGlitz
  7. ↑ Big B, 3 Idiots win National Film Awards. Rediff
  8. ↑ Shraddha makes Bengali film debut. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰদ্ধা দাস” প্ৰবন্ধৰ সংশোধন ৫৮১৫৩১ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।