শ্ৰেণু পাৰিখ ম্হাত্ৰে (ইংৰাজী ভাষা: Shrenu Parikh Mhatre; জন্ম: ১১ নৱেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী। পাৰিখে ষ্টাৰ প্লাছৰ ৰোমাণ্টিক ড্ৰামা ধাৰাবাহিক ইছ প্যাৰ কো ক্যা নাম দুঁ? এক বাৰ ফিৰ (২০১৩–২০১৫)-ত আস্থা অগ্নিহোত্ৰী আৰু ড্ৰামা ধাৰাবাহিক ইশ্কবাজ (২০১৭–২০১৮)-ত গৌৰী ত্ৰিবেদী সিং অবেৰয়ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল।
পাৰিখে ২০১৭ চনত প্ৰথমখন চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু ২০১৮ চনত তেওঁৰ দ্বিতীয়খন চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ ধাৰাবাহিকত অভিনয় অব্যাহত ৰাখি এক ভ্ৰম... সৰ্বগুণ সম্পন্ন (২০১৯)-ত প্ৰতাৰক আৰু প্ৰতিশোধপৰায়ণ জানৱী মিত্তল, ঘৰ এক মন্দিৰ – কৃপা অগ্ৰসেন মহাৰাজ কী (২০২১–২০২২)-ত এগৰাকী বিশ্বাসী গেণ্ডা আগৰৱাল আৰু মৈত্ৰী (২০২৩) ধাৰাবাহিকত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
পাৰিখৰ জন্ম ১৯৮৯ চনৰ ১১ নৱেম্বৰত১২ গুজৰাটৰ বদোদৰাত হৈছিল।৩ শুভম পাৰিখ নামৰ তেওঁৰ এজন কনিষ্ঠ ভাতৃ আছে।৪৫ পাৰিখে নৱৰচনা বিদ্যানী বিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু বদোদৰাৰ বাবেৰিয়া ইনষ্টিটিউট অৱ ফাৰ্মাচীৰপৰা ফাৰ্মাচী বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৬৭ অভিনয় জীৱন আৰম্ভ কৰাৰ পূৰ্বে ২০০৮ চনত তেওঁ মিছ বদোদৰা খিতাপ জয় কৰিছিল।২
ব্যক্তিগত জীৱন
২০২৩ চনৰ ডিচেম্বৰ মাহত পাৰিখে বদোদৰাত পৰম্পৰাগত হিন্দু বিবাহ পদ্ধতিৰে তেওঁৰ ধাৰাবাহিক ঘৰ এক মন্দিৰ – কৃপা অগ্ৰসেন মহাৰাজ কীৰ সহ-অভিনেতা অক্ষয় ম্হাত্ৰেৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ৮
সংবাদ মাধ্যমত

পাৰিখক ২০১৭ আৰু ২০১৮ চনত আহমেদাবাদ টাইমছৰ 'মষ্ট ডিজায়াৰেবুল উইমেন' (সৰ্বাধিক আকাংক্ষিত মহিলা) হিচাপে মনোনীত কৰা হৈছিল।৯১০ টাইমছৰ 'মষ্ট ডিজায়াৰেবুল উইমেন অন টিভি'ৰ তালিকাত তেওঁ ২০১৮ চনত ১৭তম আৰু ২০১৯ চনত ২০তম স্থান লাভ কৰিছিল।১১১২ অভিনেত্ৰীগৰাকীয়ে চন্তূৰ চাবোনৰ বিজ্ঞাপনত অভিনয় কৰাৰ লগতে বিদ্যা বালানৰ সৈতেও এটা বিজ্ঞাপন কৰিছে।১৩ তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক ইশ্কবাজৰ সকলো সহ-অভিনেতা যেনে— তেওঁৰ পৰ্দাৰ স্বামী কুণাল জয়সিং, কুণালৰ বাস্তৱ জীৱনৰ পত্নী ভাৰতী কুমাৰ জয়সিং, মৃণাল দেশৰাজ, লীনেশ মাট্টু আৰু নকুল মেহতাৰ সৈতে সু-সম্পৰ্ক ৰখাৰ বাবে জনাজাত। তেওঁ সুৰভি চান্দনা, মানসী শ্ৰীবাস্তৱ আৰু নেহা লক্ষ্মী আয়াৰ যোশীৰ বিবাহ অনুষ্ঠানতো যোগদান কৰিছিল আৰু প্ৰায়েই তেওঁলোকৰ সৈতে সময় কটোৱা দেখা যায়।
তথ্যসূত্ৰ
- ↑ Here's how Ishqbaaz actress Shrenu Parikh celebrated her birthday; see video. India Today
- ↑ Happy Birthday Shrenu Parikh: Some lesser-known facts of the Ishqbaaz fame actress. The Times of India
- ↑ I will celebrate Ganpati at home in Vadodara this year: Shrenu Parikh. The Times of India
- ↑ Sibling Revelry for Shrenu Parikh and Shubham Parikh. The Times of India
- ↑ Shrenu Parikh and her younger brother Shubham are celebrating Raksha Bandhan in Vadodara after almost 4 years!. The Times of India
- ↑ Celebs salute the teachers in their lives. The Times of India
- ↑ Shrenu Parikh wants to focus only on work for the next five years. The Times of India
- ↑ We wanted to be sure about each other: Shrenu Parikh admits to being in a relationship with Akshay Mhatre. Times of India
- ↑ Shrenu Parikh is Ahmedabad Times Most Desirable Woman 2017. Times of India
- ↑ Shrenu Parikh is Ahmedabad Times Most Desirable Woman of 2018. Times of India
- ↑ Meet The TV’s 20 Most Desirable Actresses of 2018. Times of India
- ↑ Meet The Times 20 Most Desirable Women on Television. Times of India
- ↑ Shrenu Parikh shoots an ad with Vidya Balan, says her warmth stole my heart. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰেণু পাৰিখ” প্ৰবন্ধৰ সংশোধন ৫৯৭৮১৮ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।