অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বেতা তিৱাৰী

শ্বেতা তিৱাৰী (জন্ম: ৪ অক্টোবৰ ১৯৮০) (ইংৰাজী: Shweta Tiwari) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। টেলিভিছনৰ এগৰাকী সৰ্বাধিক পাৰিতোষিক পোৱা অভিনেত্ৰী তিৱাৰীয়ে কছৌটী জিন্দগী কে ধাৰাবাহিকত প্ৰেৰণা শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে ব্যাপকভাৱে পৰিচিত।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৬ ৬০৪ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শ্বেতা তিৱাৰী (জন্ম: ৪ অক্টোবৰ ১৯৮০) (ইংৰাজী ভাষা: Shweta Tiwari) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী ভাষা টেলিভিছনত কাম কৰে।১ টেলিভিছনৰ এগৰাকী সৰ্বাধিক পাৰিতোষিক পোৱা অভিনেত্ৰী তিৱাৰীয়ে কছৌটী জিন্দগী কে ধাৰাবাহিকত প্ৰেৰণা শৰ্মাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে ব্যাপকভাৱে পৰিচিত।২ ২০১০ চনত তেওঁ বিগ বছ ৪ত অংশগ্ৰহণ কৰি বিজয়ী হিচাপে পৰিগণিত হয় আৰু ইয়াৰ জৰিয়তে এই শৃংখলাটোৰ প্ৰথমগৰাকী মহিলা বিজয়ী হিচাপে পৰিগণিত হয়।৩৪

তিৱাৰীয়ে আন কেইবাখনো টেলিভিছন ধাৰাবাহিকত কাম কৰিছে আৰু তেওঁ পৰৱৰিছত ছুইটী আহলুৱালিয়া, বেগুচৰাইত বিন্দিয়া ঠাকুৰ, মেৰে ড্যাড কী দুলহানত গুনীত ছিক্কা শৰ্মা আৰু মেই হুঁ অপৰাজিতাত অপৰাজিতা সিঙৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত। তেওঁ অংশগ্ৰহণ কৰা আন আন ৰিয়েলিটি শ্ব’সমূহৰ ভিতৰত নাচ বলিয়ে, ঝলক দিখলা যা আৰু ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী অন্যতম।৫

জীৱন আৰু পৰিয়াল

২০১২ চনত তিৱাৰী আৰু তেওঁৰ কন্যা পলক
২০১২ চনত তিৱাৰী আৰু তেওঁৰ কন্যা পলকছবি: File:Shweta Tiwari and Palak.jpg: www.bollywoodhungama.com derivative work: Tabe · CC BY 3.0

তিৱাৰীৰ জন্ম হৈছিল ১৯৮০ চনৰ ৪ অক্টোবৰত উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত।১৬

১৯৯৮ চনত তিৱাৰীয়ে অভিনেতা ৰাজা চৌধুৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু ২০০০ চনৰ ৮ অক্টোবৰত তেওঁলোকৰ কন্যা পলক তিৱাৰীৰ জন্ম হয়।৭ ন বছৰীয়া বৈবাহিক জীৱনৰ অন্তত ২০০৭ চনত তেওঁ বিবাহ বিচ্ছেদৰ বাবে আৱেদন কৰে।৮ তিৱাৰীয়ে জনোৱা মতে চৌধুৰীৰ মদ্যপান আৰু ঘৰুৱা হিংসাৰ বাবে তেওঁলোকৰ সম্পৰ্কত সমস্যাই দেখা দিছিল। তেওঁ অভিযোগ কৰিছিল যে চৌধুৰীয়ে তেওঁক প্ৰতিদিনে মাৰপিট কৰিছিল। আনকি তেওঁৰ শ্বুটিঙৰ চেটলৈকো গৈ তেওঁ দুৰ্ব্যৱহাৰ কৰিছিল।৯ ২০১২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ সম্পন্ন হয়।১০

তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত ২০১৩ চনৰ ১৩ জুলাইত তিৱাৰী আৰু অভিনেতা অভিনৱ কোহলী বিবাহপাশত আৱদ্ধ হয়।১১১২ ২০১৬ চনৰ ২৭ নৱেম্বৰত তেওঁলোকৰ পুত্ৰ ৰেয়াংশ কোহলীৰ জন্ম হয়।১১১৩ ২০১৭ চনত তেওঁলোকৰ দাম্পত্য জীৱনত সমস্যাৰ সৃষ্টি হোৱা বুলি প্ৰথম খবৰ ওলাইছিল।১৪ ২০১৯ চনৰ আগষ্ট মাহত তেওঁ কোহলীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ গোচৰ ৰুজু কৰে আৰু তেওঁক আৰু তেওঁৰ কন্যাক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতে কোহলী আৰক্ষীৰ জিম্মাত লৈ যোৱা হয়।১৫১৬ ২০১৯ চনত তিৱাৰী আৰু কোহলী পৃথক হয়।১৭১৮

কৰ্মজীৱন

তিৱাৰীয়ে ২০০০ চনত আনে ৱালা পলৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে। ইয়াৰ পিছত কছৌটী জিন্দগী কেৰ জৰিয়তে তেওঁৰ কেৰিয়াৰত এক বৃহৎ সফলতা আহে, যিখন তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কৃতি হিচাপে পৰিগণিত হয়। ২০০১ চনৰ পৰা ২০০৮ চনলৈকে তেওঁ চেজান খান, হিতেন তেজৱানী আৰু ৰনিট ৰয়ৰ বিপৰীতে প্ৰেৰণা শৰ্মাৰ চৰিত্ৰত অভিনয় কৰিছিল।১৯২০ ধাৰাবাহিকখন সফল হৈছিল আৰু ইয়াৰ বাবে তেওঁ দুটাকৈ 'ইণ্ডিয়ান টেলী বঁটা: শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰী'কে ধৰি কেইবাটাও বঁটা আৰু মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল।২১২২

২০০৯ চনত ''ত্ৰিনেত্ৰ''ৰ চেটত তিৱাৰী
২০০৯ চনত ত্ৰিনেত্ৰৰ চেটত তিৱাৰীছবি: Swapnet at English Wikipedia · CC BY-SA 3.0

ইয়াৰ পিছত তিৱাৰীয়ে কেইবাখনো হিন্দী, ভোজপুৰী আৰু অন্যান্য ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। ইয়াৰে কেইখনমান হ’ল: আব্ৰা কা ডাব্ৰা (২০০৪), হমাৰ চাইয়াঁ হিন্দুস্তানী (২০০৮), আপনী বোলী আপনা দেশ (২০০৯) আৰু বিন বুলায়ে বাৰাতী (২০১১)।২৩২৪ ২০১৪ চনত তিৱাৰীয়ে পাকিস্তানৰ ছবি চুলতানাটতো অভিনয় কৰিছিল।২৫

তিৱাৰীয়ে বিগ বছ ৪ত অংশগ্ৰহণ কৰি বিজয়ী হিচাপে পৰিগণিত হয় আৰু ইয়াৰ জৰিয়তে এই ৰিয়েলিটি শ্ব’টোৰ প্ৰথমগৰাকী মহিলা বিজয়ীৰ সন্মান অৰ্জন কৰে।২৬২৭ ইয়াৰ পিছত তিৱাৰীয়ে বিবেক মুছৰানৰ বিপৰীতে পৰৱৰিছ – কুছ খট্টী কুছ মিঠীত ছুইটী কৌৰ খান্না আহলুৱালিয়া, সৰ্তাজ গিলৰ বিপৰীতে বেগুচৰাইত বিন্দিয়া "মা ঠাকুৰাইন" ঠাকুৰ, বৰুণ বাডোলাৰ বিপৰীতে মেৰে ড্যাড কী দুলহানত গুনীত ছিক্কা শৰ্মা আৰু মানৱ গোহিলৰ বিপৰীতে মেই হুঁ অপৰাজিতাত অপৰাজিতা সিঙৰ চৰিত্ৰত অভিনয় কৰে।২৮২৯৩০৩১ কছৌটী জিন্দগী কে, পৰৱৰিছ, বেগুচৰাই আৰু মেৰে ড্যাড কী দুলহানত কৰা অভিনয়ৰ বাবে তেওঁ পাঁচবাৰকৈ 'আইটিএ বঁটা: শ্ৰেষ্ঠ অভিনেত্ৰী (জুৰী)' লাভ কৰে।৩২

২০১৯ চনত হাম তুম এণ্ড দেমৰ জৰিয়তে তিৱাৰীয়ে ৱেবত আত্মপ্ৰকাশ কৰে। ২০২৪ চনত তেওঁ ইণ্ডিয়ান পুলিচ ফৰ্চ শৃংখলাত বিবেক ওবেৰয়ৰ বিপৰীতে এগৰাকী আৰক্ষী বিষয়াৰ পত্নীৰ চৰিত্ৰত অভিনয় কৰে।৩৩ একে বছৰতে তেওঁ সিংঘম এগেইন বোলছবিখনত এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰে।৩৪ বক্স অফিচত সফলতা অৰ্জন কৰা এই ছবিখন সেই বছৰৰ সপ্তম সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে পৰিগণিত হয়।৩৫

সংবাদ মাধ্যমত

২০২১ চনত তিৱাৰী
২০২১ চনত তিৱাৰীছবি: Bollywood Hungama · CC BY 3.0

তিৱাৰীক টেলিভিশ্যনৰ সৰ্বাধিক পাৰিতোষিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।৩৬৩৭ ৰীডিফ ডট কম-এ তেওঁক টেলিভিশ্যনৰ অন্যতম আকৰ্ষণীয় অভিনেত্ৰী হিচাপে অভিহিত কৰিছে।৩৮ তেওঁৰ চৰিত্ৰ প্ৰেৰণা শৰ্মাক টেলিভিশ্যনৰ আটাইতকৈ শক্তিশালী মহিলা চৰিত্ৰসমূহৰ ভিতৰত অন্যতম হিচাপে স্বীকৃতি দিয়া হয়।৩৯ ২০২৩ চনত তেওঁ টাইমছ নাওৰ "জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী"ৰ তালিকাত প্ৰথম স্থান লাভ কৰিছিল।৪০

স্বীকৃতি

তিৱাৰীয়ে আঠটা ইণ্ডিয়ান টেলিভিছন একাডেমী বঁটা, নটা ইণ্ডিয়ান টেলী বঁটা আৰু দুটা গ'ল্ড বঁটাকে ধৰি কেইবাটাও স্বীকৃতি লাভ কৰিছে।৪১৪২

তথ্যসূত্ৰ

  1. ↑ Farzeen, Sana. (4 October 2017). Happy Birthday Shweta Tiwari: Salute to a woman who aced all her roles. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  2. ↑ (4 October 2018). Happy Birthday to Shweta Tiwari; the original Prerna of Television Industry!. Free Press Journal
  3. ↑ (8 January 2011). Shweta Tiwari wins Bigg Boss 4. The Times of India
  4. ↑ (8 January 2011). Shweta Tiwari first woman to win 'Bigg Boss', takes home Rs.1 crore. Zee News
  5. ↑ Shweta Tiwari and Rupali Ganguly on Parvarish. in.com
  6. ↑ (4 January 2018). Shweta Tiwari birthday: Some facts about the 'Kasautii Zindagii Kay' actress. Times Now
  7. ↑ Sonali, Kriti. (8 October 2017). Shweta Tiwari's daughter Palak turns 17, actor shares special birthday wish for her sweetheart. The Indian Express
  8. ↑ (20 June 2007). Shweta files for divorce. The Telegraph
  9. ↑ (27 January 2011). Raja Chaudhary gets bail after beating up Shweta Tiwari. The Indian Express. Agencies
  10. ↑ Maheshwri, Neha. (12 May 2021). What went wrong in Shweta Tiwari and Abhinav Kohli's marriage. The Times of India
  11. ↑ (3 December 2016). Shweta Tiwari gives birth to baby boy. The Indian Express
  12. ↑ Kavita Awaasthi. (11 October 2012). He sacrificed our daughter for property: Shweta Tiwari. Hindustan Times
  13. ↑ (5 December 2017). Shweta Tiwari promises something beautiful to son Reyansh on his birthday, see photos. The Indian Express
  14. ↑ (16 October 2017). All is not well between Shweta Tiwari and husband Abhinav Kohli?. The Indian Express
  15. ↑ (12 August 2019). Shweta Tiwari files domestic violence case against husband Abhinav Kohli. The Indian Express
  16. ↑ (13 August 2019). TV actor's daughter opens up about allegations against stepfather. The Indian Express
  17. ↑ (12 October 2019). Shweta Tiwari on separation with 2nd husband: I will do what is right for my kids. India Today
  18. ↑ Singh, Shalu. (18 June 2020). Shweta Tiwari's ex-husband Abhinav Kohli: I am a victim of victim card. India TV News. IANS
  19. ↑ Do soap stars watch their own shows?. Rediff.com
  20. ↑ Adding to the content. The Indian Express
  21. ↑ (5 November 2004). A case study on how the 3 most celebrated shows retained their premier position over four years... Indian Television
  22. ↑ Finally.. the 'Kasautii' ends!. Daily News and Analysis
  23. ↑ Wright, Neelam Sidhar. (2015). Bollywood and Postmodernism. Edinburgh University Press. পৃ. 215
  24. ↑ Shaheen Parkar. (18 June 2011). Bin Bulaye Baraati - Movie review. MiD DAY
  25. ↑ (28 July 2014). Pakistan's 'Sultanat' to lock horns with India's 'Kick' on Eid. ARY News
  26. ↑ (7 September 2010). What do you think of the Bigg Boss promo?
  27. ↑ Shweta Tiwari wins Bigg Boss 4. Hindustan Times
  28. ↑ Sony TV launches TV serial 'Parvarish'. Bollywood Hungama
  29. ↑ Gayatri Kolwankar. (30 June 2015). Meet the dashing Thakurs of 'Begusarai' - Times of India. Times of India
  30. ↑ (21 February 2020). Watch or Not? 'Mere Dad ki Dulhan' Is the Indian TV Romcom We Need. The Quint
  31. ↑ Main Hoon Aparajita first episode review: Shweta Tiwari shines in this run-of-the-mill-saga. Times Of India
  32. ↑ Indian Television Academy Awards 2019 Winners: Complete list of winners. The Times of India
  33. ↑ Rohit Shetty: I want to make 'Indian Police Force' a big international show. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  34. ↑ (19 September 2023). Singham Again: Shweta Tiwari Joins Forces With Rohit Shetty's Cop Universe. See PIC. Times Now
  35. ↑ Dixit, Mohit. (28 December 2024). Year Ender 2024: Top 10 highest-grossing Indian movies at worldwide box office; Pushpa 2 takes the throne
  36. ↑ Highest paid TV actors who charge hefty fees per episode: From Shweta Tiwari to Rupali Ganguly. Pinkvilla
  37. ↑ Rupali Ganguly to Sakshi Tanwar: These TV actresses are making huge amounts of money with their shows even after turning 40. Times of India
  38. ↑ Hottest women on television. Rediff.com
  39. ↑ (24 September 2016). Smriti Irani, Sakshi Tanwar, Shweta Tiwari: TV bahu's who were strong in the past. The Times of India
  40. ↑ (23 May 2023). 9 Indian TV actresses who are more famous than Bollywood Stars. Times Now
  41. ↑ Indian Telly Awards Winners. Indian Telly Awards
  42. ↑ (12 December 2018). ITA 2021: Surbhi Chandna, Dheeraj Dhoopar, Shweta Tiwari look glam as they walk the red carpet. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীহিন্দী টেলিভিছনৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেতা তিৱাৰী” প্ৰবন্ধৰ সংশোধন ৬০২৭১৭ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।