অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সঞ্জীদা শ্বেখ

সঞ্জীদা শ্বেখ (ইংৰাজী: Sanjeeda Sheikh; জন্ম: ২০ ডিচেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰে। শ্বেখক ক্যা হোগা নিম্মো কাত নম্ৰতা "নিম্মো" মাথুৰিয়া, কায়ামতত আয়েশা শ্বেৰগিল, এক হাচিনা থীত নিত্যা গোৱেঙ্কা / দুৰ্গা আৰু লাভ কা হ্যায় ইন্তেজাৰত কামিনী মাথুৰৰ…

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৩৮৫ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সঞ্জীদা শ্বেখ (ইংৰাজী ভাষা: Sanjeeda Sheikh; জন্ম: ২০ ডিচেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী ভাষা চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰে।১ শ্বেখক ক্যা হোগা নিম্মো কাত নম্ৰতা "নিম্মো" মাথুৰিয়া, কায়ামতত আয়েশা শ্বেৰগিল, এক হাচিনা থীত নিত্যা গোৱেঙ্কা / দুৰ্গা আৰু লাভ কা হ্যায় ইন্তেজাৰত কামিনী মাথুৰৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক জনা যায়। সঞ্জীদা শ্বেখে ইয়াৰ পিছৰেপৰা তৈশ (২০২০), কালী খুহী (২০২০) আৰু ফাইটাৰ (২০২৪) ছবিৰ লগতে ৱেব ছিৰিজ হীৰামণ্ডীত (২০২৪) অভিনয় কৰিছে।

প্ৰাৰম্ভিক জীৱন

সঞ্জীদা শ্বেখৰ জন্ম ১৯৮৪ চনৰ ২০ ডিচেম্বৰত২ কুৱেটৰ এটা মুছলমান পৰিয়ালত হৈছিল। তেওঁলোকৰ পৰিয়ালটো মূলতঃ গুজৰাটৰ আহমেদাবাদৰ।৩ ৪৫৬

কৰ্মজীৱন

দূৰদৰ্শনত অভিষেক আৰু সফলতা (২০০৩–২০১৯)

২০১৪ চনত সঞ্জীদা শ্বেখ
২০১৪ চনত সঞ্জীদা শ্বেখছবি: Bollywood Hungama · CC BY 3.0

সঞ্জীদা শ্বেখে দূৰদৰ্শনৰ ধাৰাবাহিকত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে। ২০০৫ চনৰ ধাৰাবাহিক ক্যা হোগা নিম্মো কাত নিম্মোৰ চৰিত্ৰত অভিনয়েৰে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে।৭ ইয়াৰ পিছত ২০০৭ চনত ষ্টাৰ প্লাছৰ ধাৰাবাহিক কায়ামতত তেওঁক এগৰাকী খলনায়িকাৰ চৰিত্ৰত দেখা যায়। একে বছৰতে তেওঁ সেই সময়ৰ স্বামী আমিৰ আলীৰ সৈতে নৃত্য প্ৰতিযোগিতাৰ অনুষ্ঠান নাচ বলিয়ে ৩ত অংশগ্ৰহণ কৰে আৰু এই যুটিটোৱে প্ৰতিযোগিতাত জয়লাভ কৰে।৮

২০০৮ চনত তেওঁ ৯এক্স চেনেলত সম্প্ৰচাৰিত ধাৰাবাহিক ক্যা দিল মে হ্যায়ত আমিৰ আলীৰ বিপৰীতে অভিনয় কৰে।

২০১৪ চনত সঞ্জীদা শ্বেখে এক হাচিনা থীত দুৰ্গা ঠাকুৰ নামৰ এগৰাকী উচ্চাকাংক্ষী আৰু আত্ম-বিশ্বাসী যুৱতীৰ চৰিত্ৰত অভিনয় কৰে যিয়ে নিজৰ ভগ্নীৰ বাবে ন্যায় বিচাৰি ফুৰে। এই ধাৰাবাহিকখন তেওঁৰ কেৰিয়াৰৰ এক টাৰ্ণিং পইণ্ট আছিল যিহেতু তেওঁৰ অভিনয় সমালোচক আৰু দৰ্শক উভয়েই প্ৰশংসা কৰিছিল। সেই সময়ত ষ্টাৰ প্লাছৰ আটাইতকৈ সফল ধাৰাবাহিকসমূহৰ ভিতৰত ই অন্যতম আছিল।৯

২০১৬ চনত তেওঁ ইশ্ক কা ৰং চফেদত ধানী চৰিত্ৰত অভিনয় কৰে য’ত তেওঁ প্ৰথমবাৰৰ বাবে এগৰাকী ৫বছৰীয়া সন্তানৰ মাতৃৰ ভূমিকা পালন কৰিছিল।১০

২০১৭ চনৰ মাৰ্চ মাহত শ্বেখে তেওঁৰ পূৰ্বৰ সহ-অভিনেতা বৎসল শেঠৰ বিপৰীতে গহৰাইয়াঁ নামৰ এখন অতিপ্ৰাকৃতিক ৱেব ছিৰিজত কাম কৰে।১১ একে বছৰতে তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক লাভ কা হ্যায় ইন্তেজাৰত কামিনী মাথুৰ নামৰ এগৰাকী চুপাৰষ্টাৰৰ চৰিত্ৰত অভিনয় কৰে।

পৰৱৰ্তী সম্প্ৰসাৰণ (২০২০–বৰ্তমান)

২০২০ চনত সঞ্জীদা শ্বেখে তৈশৰ জৰিয়তে হিন্দী ছবিত আত্মপ্ৰকাশ কৰে য’ত তেওঁ হৰ্ষবৰ্ধন ৰাণেৰ বিপৰীতে জহিৰ চৰিত্ৰত অভিনয় কৰিছিল।১২ একে বছৰতে তেওঁ নেটফ্লিক্সৰ ভৌতিক ছবি কালী খুহীত প্ৰিয়াৰ চৰিত্ৰত অভিনয় কৰে।১৩

২০২৪ চনত মুক্তি পোৱা তেওঁৰ প্ৰথম ছবি আছিল ফাইটাৰ, য’ত তেওঁ বায়ুসেনাৰ এজন বিষয়াৰ পত্নী সাঁচীৰ চৰিত্ৰত অভিনয় কৰিছিল।১৪

ব্যক্তিগত জীৱন

প্ৰাক্তন স্বামী আমিৰ আলীৰ সৈতে সঞ্জীদা শ্বেখ
প্ৰাক্তন স্বামী আমিৰ আলীৰ সৈতে সঞ্জীদা শ্বেখছবি: Bollywood Hungama · CC BY 3.0

২০১২ চনৰ ২ মাৰ্চত তেওঁ তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক আমিৰ আলীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১৫১৬১৭১৮ ২০২০ চনৰ আগষ্ট মাহত জানিব পৰা গৈছিল যে ছাৰোগেছীৰ জৰিয়তে এই দম্পতীটিৰ আয়ৰা আলী নামৰ এটি এবছৰীয়া কন্যা সন্তান আছে।১৯ বিবাহৰ ৮ বছৰৰ পাছত ২০২০ চনত দম্পতীটোৰ মাজত বিচ্ছেদ ঘটে আৰু ২০২১ চনত তেওঁলোকৰ আইনীভাৱে বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ কন্যা সন্তানটিৰ জিম্মা শ্বেখে লাভ কৰে।২০২১

তথ্যসূত্ৰ

  1. ↑ Sanjeeda Sheikh thanks her fans. The Times of India
  2. ↑ Birthday Special! Photos of Sanjeeda Shaikh which prove why she is beauty personified!. Pinkvilla
  3. ↑ Wadhwa, Akash. I will not kiss anyone on screen, not even my husband Aamir: she got separated from Samir Ali Sanjeeda Sheikh. The Times of India
  4. ↑ Domestic Violence Case Filed Against TV Actress Sanjeeda Shaikh And Her Family NDTV
  5. ↑ Sanjeeda Sheikh, brother face domestic violence charges as sister-in-law files FIR Hindustan Times
  6. ↑ Sanjeeda Sheikh's sister-in-law files domestic violence case against her and her brother The Times of India
  7. ↑ Sanjeeda Shaikh photos: The Kayamath actress' organic glamour is earning her million admirers · Entertainment News. www.timesnownews.com
  8. ↑ (20 September 2008). Aamir-Sanjeeda are really excited. The Times of India
  9. ↑ (16 December 2014). 14 TV shows get axed this year. The Times of India. Shruti Jambhekar
  10. ↑ Sanjeeda Sheikh will replace Esha Singh in Ishq Ka Rang Safed. The Times of India
  11. ↑ Sanjeeda Sheikh, Vatsal Seth to feature in a supernatural show. The Times of India
  12. ↑ (29 October 2020). 'Taish' review: Web series explores the importance of anger management. Scroll.in
  13. ↑ Shabana Azmi, Sanjeeda Shaikh, Satyadeep Mishra star in Netflix's thriller drama Kaali Khuhi, watch trailer. Bollywood Hungama
  14. ↑ (25 May 2023). Fighter goes the extra mile for realism: Hrithik Roshan and Indian Air Force cadets collaborate; see picture. Bollywood Hungama
  15. ↑ Aamir-Sanjeeda's wedding reception. NDTV
  16. ↑ Ashwini Sawant. (3 March 2012). Aamir Ali-Sanjeeda Sheikh's nikaah. DNA
  17. ↑ (5 March 2012). TV star Aamir Ali, Sanjeeda Sheikh tie the knot. India Today
  18. ↑ (14 February 2016). Sanjeeda Sheikh about Amir Ali. Hindusthan Time
  19. ↑ Telly couple Sanjeeda Shaikh and Aamir Ali have a four-month-old daughter-Times of India
  20. ↑ (6 January 2022). Aamir Ali and Sanjeeda Shaikh Divorce After Nine Years of Marriage, Actress Gets Daughter's Custody: Report. News18
  21. ↑ Aamir ali: Actor Aamir Ali opens up about his failed marriage, access to daughter - the Economic Times

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সঞ্জীদা শ্বেখ” প্ৰবন্ধৰ সংশোধন ৫৯৬৯২০ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।