ভাৰতীয় অভিনেত্ৰী
৫৭৭ প্ৰবন্ধ
-
সিমৰত কৌৰ
সিমৰত কৌৰ ৰন্ধাৱা (Simrat Kaur Randhawa; জন্ম: ১৬ জুলাই ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৭ চনত, তেওঁ প্ৰেমথো মী কাৰ্তিক নামৰ তেলুগু ভাষাৰ ছবি এখনত অভিনয়েৰে ছবিজগতত প্ৰৱেশ কৰে।
-
সীতা দেৱী (অভিনেত্ৰী)
সীতা দেৱী (ইংৰাজী: Seeta Devi; জন্ম: ৰেনে স্মিথ; ১৯১২ – ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নীৰৱ চলচ্চিত্ৰ যুগৰ এগৰাকী প্ৰখ্যাত তাৰকা আছিল। ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ নীৰৱ চলচ্চিত্ৰসমূহৰ তেওঁ অন্যতম আদিম তাৰকা আছিল।
-
সুগন্ধা গাৰ্গ
সুগন্ধা গাৰ্গ এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন সঞ্চালিকা। তেওঁক শেহতীয়াকৈ ভাৰতীয় ৱেব ছিৰিজ গীল্টি মাইণ্ডছত দেখা গৈছিল।
-
সুগন্ধা মিশ্ৰা
সুগন্ধা সন্তোষ মিশ্ৰা (ইংৰাজী: Sugandha Santosh Mishra; জন্ম: ২৩ মে' ১৯৮৮) ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন জগতৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, নেপথ্য গায়িকা, টেলিভিছন পৰিৱেশিকা, কৌতুক অভিনেত্ৰী আৰু ৰেডিঅ' জকী। তেওঁ দ্য কপিল শৰ্মা শ্ব' ত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
সুধা মালহোট্ৰা
সুধা মালহোত্ৰা ( Sudha Malhotra) ৩০ নৱেম্বৰ ১৯৩৬ চনত নতুন দিল্লীত জন্ম গ্ৰহণ কৰা এগৰাকী ভাৰতীয় কথাছবিৰ নেপথ্য সংগীত গায়িকা। গায়কীৰ উপৰিও তেওঁ বলীউডৰ কেইখনমান ছবিত অভিনয় কৰিছিল৷ নেপথ্য গায়িকা হিচাপে ১৯৫০ আৰু ১৯৬০ চনৰ বলীউডৰ জনপ্ৰিয় চিনেমা যেনে, আৰজু, ধূল কা ফুল, অব দিল্লী দুৰ নেহী, গাৰ্ল…
-
সুষমা আহুজা
সুষমা আহুজা (Sushma Ahuja) হৈছে এগৰাকী ভাৰতীয় পৰিচালক, লেখক আৰু অভিনেত্ৰী। তেখেতে হিন্দী আৰু তামিল ভাষাৰ লগতে থিয়েটাৰ প্ৰযোজনা গোষ্ঠীতো কাম কৰিছে।
-
সুৰভি চান্দনা
সুৰভি চান্দনা (ইংৰাজী: Surbhi Chandna; জন্ম: ১১ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী টেলিভিছনত কাম কৰে। ‘ইশ্কবাজ’ত অনিকা ত্ৰিবেদী সিং অবেৰয় আৰু ‘নাগিন ৫’ত বাণী শৰ্মা সিংহানিয়াৰ চৰিত্ৰ ৰূপায়ণৰ বাবে চান্দনা ব্যাপকভাৱে পৰিচিত।
-
সোণাল চৌহান
সোণাল চৌহান (ইংৰাজী: Sonal Chauhan; জন্ম: ১৬ মে' ১৯৮৫/১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মূলতঃ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে। ২০০৫ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু মিছ ৱৰ্ল্ড টুৰিজিম খিতাপ অৰ্জন কৰিছিল।
-
সোণালী ৰাউত
সোণালী ৰাউত (Sonali Raut; জন্ম: ২৩ ডিচেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১০ চনৰপৰা তেওঁ এগৰাকী কিংফিচাৰ কেলেণ্ডাৰ গাৰ্ল হিচাপে পৰিচিত আৰু বাৰ্ষিক কেলেণ্ডাৰখনত স্থান লাভ কৰাৰ সময়ত তেওঁৰ বয়স আছিল ১৯ বছৰ।
-
সোনালী নাগৰাণী
সোণালী নাগৰাণী (ইংৰাজী: Shonali Nagrani) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টিভি হষ্ট আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আঁত ধৰিছিল। ইয়াৰ উপৰি তেওঁ হিন্দী ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
সৌন্দৰ্য শৰ্মা
সৌন্দৰ্য শৰ্মা (Soundarya Sharma; জন্ম: ২০ ছেপ্টেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১৭ চনত, তেওঁ ৰোমাণ্টিক নাট্যধৰ্মী ছবি ৰাঞ্চি ডায়েৰীছত অভিনয়েৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ২০২২ চনত, তেওঁ কালাৰছ টিভিৰ ৰিয়েলিটি শ্ব' বিগ বছ ১৬-ত অংশগ্ৰহণ কৰে।
-
স্নেহা উল্লাল
স্নেহা উল্লাল (জন্ম: ১৮ ডিচেম্বৰ, ১৯৮৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তেলুগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ বিশেষকৈ তেলুগু চলচ্চিত্ৰ Ullasamga Utsahamga, Simha আৰু হিন্দী চলচ্চিত্ৰ Lucky: No Time for Love-ত তেওঁৰ অভিনয়ৰ বাবে জনাজাত।
-
স্বস্তিকা মুখাৰ্জী
স্বস্তিকা মুখাৰ্জী (বাংলা: স্বস্তিকা মুখোপাধ্যায়; জন্ম: ১৩ ডিচেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত বাংলা আৰু হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত অভিনয় কৰে। তেওঁ অভিনেতা সন্তু মুখাৰ্জীৰ কন্যা।
-
স্বাতী নাৰায়ণন
স্বাতী নাৰায়ণন (Swathy Narayanan) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ মূলতঃ তামিল আৰু মালয়ালম চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰি পৰিচিতি লাভ কৰিছে। ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত মালয়ালম চলচ্চিত্ৰ বসন্তিয়ম লক্ষ্মিয়ম পিন্নে ঞ্জানুমৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ ছু.. ছু...
-
স্বাতী ৰেড্ডী
স্বাতী ৰেড্ডী (ইংৰাজী: Swathi Reddy; জন্ম: ১৯ এপ্ৰিল ১৯৮৭) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা, যিয়ে প্ৰধানকৈ তেলুগু ছবিৰ লগতে তামিল আৰু মালয়ালম ছবিত কাম কৰিছিল। তেওঁ ২৯খনতকৈও অধিক ছবিত অভিনয় কৰিছে।
-
স্বাসিকা
পূজা বিজয় (জন্ম: ৫ নৱেম্বৰ ১৯৯১), যিজনী পেছাগতভাৱে নিজৰ মঞ্চ নাম স্বাসিকা (ইংৰাজী: Swasika) নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু টেলিভিছন উপস্থাপিকা। তেওঁ মুখ্যত মালয়ালম চলচ্চিত্ৰ আৰু টেলিভিছন ধাৰাবাহিকত সহযোগী চৰিত্ৰত অভিনয় কৰাৰ উপৰি কেইখনমান তামিল ছবিতো অভিনয় কৰিছে।
-
স্বৰূপ সম্পত
ড° স্বৰূপ ৰাৱাল (জন্ম নাম: সম্পত; জন্ম: ৩ নৱেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে কেইবাখনো হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে। নৰম গৰম আৰু নখুদা ছবিত অভিনয় কৰাৰ লগতে য়েহ জো হায় জিন্দেগীৰ দৰে টেলিভিছন ধাৰাবাহিকত অভিনয়ৰ কৰি তেওঁ জন-পৰিচিতি লাভ কৰে।
-
হিমানী শিৱপুৰী
হিমানী ভট্ট শিৱপুৰী এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কৰা চৰিত্ৰাভিনয়ৰ বাবে পৰিচিত। তেওঁ বিশেষকৈ হাম আপকে হ্যেঁ কৌন..! (১৯৯৪), ৰাজা (১৯৯৫), দিলৱালে দুলহানিয়া লে জায়েংগে (১৯৯৫), খামোচী (১৯৯৬), হিৰো নং ১ (১৯৯৭), দীৱানা মস্তানা (১৯৯৭), বন্ধন (১৯৯৮) আৰু কুছ কুছ…
-
ৰতি পাণ্ডে
ৰতি পাণ্ডে'হিটলাৰ দিদি, মিলে জব হাম তুম, পৰুছ, দেৱী আদি পৰাশক্তি, বেগুছৰাই, হৰ ঘৰ কুছ কেহতা হ্যায় আৰু শাদী মুবাৰক ছবিত অভিনয় কৰি ভাৰতীয় অভিনেত্ৰী হিচাপে পৰিচিত হয়।
-
ৰম্যা নাম্বীচান
ৰম্যা নাম্বীচান (ইংৰাজী: Remya Nambessan) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম আৰু তামিল চলচ্চিত্ৰত কাম কৰে। তেওঁ ৭১খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ৰাগনী
ৰাগনী (জন্ম: শ্বামছাদ বেগম; ২২ অক্টোবৰ ১৯২৪ – ২৭ ফেব্ৰুৱাৰী ২০০৭) এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ উৰ্দু আৰু পঞ্জাবী ভাষাৰ ছবিত অভিনয় কৰিছিল আৰু ১৯৪০ৰ দশকত নিজৰ সময়ৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম আছিল।
-
ৰাগিনী খান্না
ৰাগিনী খান্না (জন্ম: ৯ ডিচেম্বৰ ১৯৮৪) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী, মডেল, কৌতুক অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন হষ্ট। তেওঁ ‘ইণ্ডিয়াছ বেষ্ট ড্ৰামেবাজ’ (২০১৩) আৰু ‘গেংছ অৱ হাচীপুৰ’ (২০১৪)ৰ দৰে বিভিন্ন ৰিয়েলিটি শ্ব’ৰ আঁত ধৰিছে।
-
ৰাগেশ্বৰী লুম্বা
ৰাগেশ্বৰী লুম্বা (ইংৰাজী: Raageshwari Loomba) এগৰাকী ভাৰতীয় গায়িকা, অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব আৰু মাইণ্ডফুলনেছ স্পীকাৰ।
-
ৰাধিকা বাজ
ৰাধিকা বাজ (জন্ম ১৯৭৩) এগৰাকী ভাৰতীয় কমেডিয়ান আৰু লেখিকা। মুম্বাইত জন্ম গ্ৰহণ কৰা বাজে চেন্নাইত এটা বিজ্ঞাপন সংস্থাত কাম কৰিছিল আৰু পিছত চিৰাকিউজ বিশ্ববিদ্যালয়, নিউয়ৰ্কৰ পৰা বিজ্ঞাপনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
-
ৰামায়া কৃষ্ণন
ৰামায়া কৃষ্ণন (Ramya Krishnan, জন্ম: ১৫ ছেপ্টেম্বৰ ১৯৭০) 'পাড়ায়াপ্পা' (১৯৯৯) নামৰ ছবিখনত নীলাম্বৰী চৰিত্ৰটোত আগবঢ়োৱা অভিনয়ৰ বাবে তেখেতে তামিল ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সন্মান লাভ কৰে।
-
ৰিচা গংগোপাধ্যায়
ৰিচা লাংগেলা (পূৰ্বৰ নাম অন্তৰা গংগোপাধ্যায়; জন্ম: ২০ মাৰ্চ ১৯৮৬) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ বৰ্তমান অৰিগনৰ পৰ্টলেণ্ডত বাস কৰে।
-
ৰিতু বাৰ্মা
ৰিতু বাৰ্মা (ইংৰাজী: Ritu Varma; জন্ম: ১০ মাৰ্চ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তেলুগু আৰু তামিল চলচ্চিত্ৰত কাম কৰে। চুটি ছবি আৰু সহযোগী চৰিত্ৰত অভিনয় কৰাৰ পাছত, বাৰ্মাই তেলুগু ছবি পেল্লি ছুপুলুত (২০১৬) মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
-
ৰিয়া চক্ৰৱৰ্তী
ৰিয়া চক্ৰৱৰ্তী (ইংৰাজী: Rhea Chakraborty) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভিজে যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ এমটিভি ইণ্ডিয়াৰ এগৰাকী ভিজে হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
ৰীতা কইৰাল
ৰীতা কইৰাল বা ৰীতা কয়ৰাল (ইংৰাজী: Rita Koiral; ৩ জুলাই ১৯৫৯ – ১৯ নৱেম্বৰ ২০১৭) এগৰাকী ভাৰতীয় বাংলা অভিনেত্ৰী আছিল। তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰৰ চৰিত্ৰসমূহৰ বাবে পৰিচিত আছিল। তেওঁ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল আৰু প্ৰায়েই খলনায়িকাৰ চৰিত্ৰত তথা মনামী ঘোষৰ বিপৰীতে অভিনয় কৰিছিল।
-
ৰীমা লাগু
ৰীমা লাগু (ইংৰাজী: Reema Lagoo; জন্মগত নাম: নয়ন ভদভদে; ২১ জুন ১৯৫৮ – ১৮ মে' ২০১৭) এগৰাকী ভাৰতীয় মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ হিন্দী আৰু মাৰাঠী চিনেমাৰ কামৰ বাবে পৰিচিত আছিল।